Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
সদায় ১ ফুটা নহৰু খোৱাৰ আছে আশ্চৰ্যজনক উপকাৰিতা

সদায় ১ ফুটা নহৰু খোৱাৰ আছে আশ্চৰ্যজনক উপকাৰিতা

ডিজিটেল ডেস্ক: নহৰু হৈছে প্ৰতিটো ভাৰতীয় পাকঘৰত পোৱা এক অত্যাৱশ্যকীয় উপাদান। নহৰুয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰে।কিন্তু আপুনি জানি আচৰিত হ'ব যে কেৱল খাদ্যৰ সোৱাদ বৃদ্ধিয়েই নহয়, ই স্বাস্থ্যৰ পক্ষেও খুব উপকাৰী।হয়, আজিৰ ব্যস্ত জীৱনশৈলীৰ বাবে মানুহে ব্যায়াম কৰিবলৈ সময় নাপায়, যাৰ ফলত শৰীৰত চৰ্বিৰ পৰিমাণ বৃদ্ধি হয় আৰু ইয়েই হৈছে অগণন স্বাস্থ্য সমস্যাৰ মূল কাৰণ। এনে পৰিস্থিতিত আপুনি খালী পেটত কেৱল এক ফুটা নহৰু খাই আপোনাৰ স্বাস্থ্যক সুৰক্ষা দিব পাৰে।নহৰুৱে কলেষ্টেৰল আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। নহৰুত থকা ৰোগ প্ৰতিৰোধ বৃদ্ধি, প্ৰদাহ-প্ৰতিৰোধী আৰু এণ্টিঅক্সিডেণ্ট গুণাগুণে হৃদযন্ত্ৰক স্বাস্থ্যৱান কৰি ৰাখে।

দৈনিক ১ ফুটা নহৰু খোৱাটোৱে আপোনাৰ স্বাস্থ্যক কিদৰে প্ৰভাৱিত কৰে, আজি জানো আহক-

উন্নত কৰে হজম শক্তি

প্ৰতিদিনে ১ ফুটা নহৰু খোৱাৰ ফলত গেষ্ট্ৰিক ৰসৰ পিএইচ উন্নত হয় আৰু ই পাচন তন্ত্ৰ স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। ইয়াত থকা এণ্টিমাইক্ৰোবাইল গুণাগুণবোৰে অন্ত্ৰত আলচাৰ তথা অন্যান্য গেষ্ট্ৰোইনটেষ্টিনেল ৰোগ হ্ৰাস কৰাত সহায় কৰে।

শৰীৰক কৰে বিষমুক্ত

কেঁচা নহৰু আৰু পানীৰ সংমিশ্ৰণে শৰীৰক বিষমুক্ত কৰাত সহায় কৰে।ই আপোনাৰ শৰীৰৰ পৰা সকলো ক্ষতিকাৰক বিষাক্ত সামগ্ৰী বাহিৰলৈ উলিয়াই দিয়ে। একে সময়তে, ই বহু প্ৰকাৰৰ কৰ্কট ৰোগৰ পৰাও সুৰক্ষা দিয়ে।

নিয়ন্ত্ৰণ কৰে ডায়েবেটিচ

নহৰু খোৱাৰ ফলত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত থাকে। নহৰুৰ ডায়েবেটিক-ৰোধী আৰু ৰক্ত শৰ্কৰাৰ পৰিমাণ হ্ৰাস কৰে। ইয়াত ভিটামিন চি থাকে, যিয়ে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত ৰাখে।

যক্ষ্মা ৰোগৰ বাবেও উপকাৰী

হাঁওফাঁওৰ সৈতে সম্পৰ্কিত ৰোগত নহৰু যথেষ্ট সহায়ক। যদি আপোনাৰ যক্ষ্মা ৰোগ আছে, তেন্তে নহৰু খাব। ৰাতিপুৱা ২-৩ ফুটা কেঁচা নহৰু চোবাই যক্ষ্মাৰোগৰ লক্ষণবোৰ নিয়ন্ত্ৰণ কৰিব পাৰি। প্ৰকৃততে, নহৰুৰ এলিচিন উপাদানে যক্ষ্মা বেক্টেৰিয়াৰ ওপৰত পোনপটীয়া প্ৰভাৱ পেলায়।

কেনেকৈ খাব ?

ৰাতিপুৱা কুহুমীয়া পানীৰে খালী পেটত ১ ফুটা নহৰু খাব।

Also Read: বহু গুৰতৰ ৰোগৰ ঔষধ আদা

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin