Dailyhunt
অভিভাৱকসকল এইসমূহ দিশত সাৱধান হওঁক

অভিভাৱকসকল এইসমূহ দিশত সাৱধান হওঁক

ডিজিটেল ডেস্ক: বতৰ সলনি হোৱাই হওঁক অথবা আন কাৰণতে হওঁক, সম্প্ৰতি দিল্লীকে ধৰি দেশৰ ভিন্ন প্ৰান্তত বায়ু প্ৰদূষণ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে।বৰ্ধিত বায়ু প্ৰদূষণৰ ফলত স্বাস্থ্য সমস্যাও ক্ৰমান্বয়ে বৃদ্ধি পাইছে। বিশেষকৈ এই লেতেৰা বায়ুয়ে শিশুৰ স্বাস্থ্যক বেয়াকৈ প্ৰভাৱিত কৰিছে। বায়ু প্ৰদূষণৰ ফলত শিশুৰ দেহত হৃদৰোগ, উশাহ-নিশাহৰ সমস্যা, হাপানীকে ধৰি বহু হাঁওফাঁও সম্পৰ্কীয় ৰোগ বৃদ্ধি পাইছে।

বিশ্ব স্বাস্থ্য সংস্থাত প্ৰকাশিত এক গৱেষণাৰ বিশেষজ্ঞ ড. মাৰিয়াৰ মতে, বায়ু প্ৰদূষণে শিশুসকলৰ মগজু দুৰ্বল কৰি তুলিছে, যি তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাইছে। বৰ্ধিত প্ৰদূষণৰ ফলত শিশুৰ ক্ষেত্ৰত কি ৰোগ বৃদ্ধি পাইছে আৰু সেই ৰোগবোৰৰ কিদৰে যত্ন ল'ব লগে, আজি জানো আহক-

শ্বাস-প্ৰশ্বাসজনিত ৰোগ

বায়ু প্ৰদূষণে শিশুৰ উশাহ প্ৰণালীক খুব বেয়াকৈ প্ৰভাৱিত কৰিছে। যাৰ ফলত শিশুৰ হাপানীৰ দৰে সমস্যাৰ সৃষ্টি হৈছে।

সংক্ৰমণৰ সমস্যা

লেতেৰা বায়ুয়ে শিশুৰ ৰোগ প্ৰতিৰোধ প্ৰণালী দুৰ্বল কৰে। যাৰ ফলত শিশুৰ নিউমোনিয়া, ব্ৰঙ্কিওলাইটিছৰ দৰে সমস্যাৰ আশংকা বৃদ্ধি হৈছে।

হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগ

বায়ু প্ৰদূষণৰ ফলত শিশুৰ হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকাও বৃদ্ধি হয়। ইয়াৰ ফলত শিশু এটা উচ্চ ৰক্তচাপত আক্ৰান্ত হ'ব পাৰে।

শিশুৰ অকাল জন্ম

বায়ু প্ৰদূষণৰ সংস্পৰ্শলৈ অহাৰ ফলত গৰ্ভৱতী মহিলাসকলৰ অকালতে প্ৰসৱ হ’ব পাৰে।তদুপৰি, নৱজাতক শিশুৰ ওজন হ্ৰাস হোৱাৰো অন্যতম কাৰণ বায়ু প্ৰদৃষণ ।

হাঁওফাঁওৰ সংক্ৰমণ

বায়ু প্ৰদূষণৰ সংস্পৰ্শলৈ আহিলে শিশুৰ হাঁওফাঁওৰ বিকাশ হ্ৰাস হ'ব পাৰে, যাৰ ফলত তেওঁলোক বৃক্কৰ সংক্ৰমণত ভূগিবলগীয়া হ'ব পাৰে।

পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানক কিদৰে সুৰক্ষা দিব ?

. এয়াৰ পিউৰিফায়াৰ বা সঠিক বায়ু চলাচলৰ জৰিয়তে ঘৰৰ ভিতৰৰ বায়ু পৰিস্কাৰ ৰাখিব।

. বায়ুৰ মানদণ্ডৰ স্তৰ নিৰীক্ষণ কৰিব। যদি বাহিৰত প্ৰদূষণ বাঢ়ি আছে, শিশুসকলক বাহিৰৰ কাৰ্যকলাপৰ পৰা আঁতৰাই ৰাখিব।

. ঘৰৰ ভিতৰত কিছুমান উদ্ভিদ ৰাখিব, যাতে ঘৰৰ বায়ু পৰিস্কাৰ হৈ থাকে।

Also Read: সন্তানৰ সুস্বাস্থ্যৰ বাবে অভিভাৱকসকল সচেতন হওঁক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin