Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
সাধাৰণ যেন লাগিলেও এই অভ্যাসক ভুলতো উপেক্ষা নকৰিব

সাধাৰণ যেন লাগিলেও এই অভ্যাসক ভুলতো উপেক্ষা নকৰিব

ডিজিটেল ডেস্ক: সৰু ল'ৰা-ছোৱালীবোৰে প্ৰায়ে তেওঁলোকৰ মুখত আঙুলি দি থাকে। বহুতেই সাধাৰণতে বুঢ়া আঙুলিটো চুপি থাকে। বহুসময়ত নতুন অভিভাৱকে এই অভ্যাসটো সচৰাচৰ বুলিয়েই বিবেচনা কৰি এইক্ষেত্ৰত মন নিদিয়ে। কিন্তু শিশুয়ে বাৰে বাৰে মুখলৈ আঙুলি নিয়াৰ বহু কাৰণ আছে। আজি এই বিষয়ে জানো আহক-

টোপনি অহাৰ পূৰ্বে

সৰু ল'ৰা ছোৱালীয়ে টোপনি অনুভৱ কৰিলে প্ৰায়ে তেওঁলোকৰ মুখলৈ আঙুলি নিয়ে। যদি আপোনাৰ সন্তানে গাখীৰ খোৱাৰ পিছত মুখলৈ আঙুলি নিছে, তেন্তে ইয়াৰ অৰ্থ হৈছে তেওঁলোকৰ টোপনি আহিছে।

যেতিয়া আতংকিত হয়

অচিনাকি লোকক লগ পোৱাৰ বাবেও শিশুয়ে মুখলৈ আঙুলি নিয়ে। ইয়াৰ কাৰণ হৈছে অচিনাকী মানুহ দেখিলে তেওঁলোক আতংকিত হৈ পৰে।

এনে পৰিস্থিতিত, শিশুসকলক শান্ত কৰিবলৈ চাৰিওফালৰ বস্তুবোৰ দেখুৱাবলৈ চেষ্টা কৰিব, যিয়ে তেওঁলোকক ভাল অনুভৱ কৰাব পাৰে।

দাঁত ওলোৱাৰ বাবে

সৰু ল'ৰা ছোৱালীৰ দাঁত ওলোৱাৰ সময়তো মুখলৈ আঙুলি নিয়ে। কিয়নো এই সময়ছোৱাত তেওঁলোকৰ আলুত খজুৱতি হয় আৰু যেতিয়া তেওঁলোকে মুখত আঙুলি দিয়ে, ই তেওঁলোকক সকাহ অনুভৱ কৰায়।

সুখ প্ৰকাশ কৰিবলৈ

সৰু ল'ৰা-ছোৱালীয়ে কথা ক'ব নোৱাৰে। সেয়েহে তেওঁলোকে তেওঁলোকৰ সুখ প্ৰকাশ কৰিবলৈ মুখলৈ আঙুলি নিয়ে। যদি আপোনাৰ সন্তানে হাঁহি মাৰি মুখত আঙুলি ভৰাই থাকে, ইয়াৰ অৰ্থ হৈছে তেওঁলোকে খুব সুখী অনুভৱ কৰিছে।

ভোক লাগিলে

২ মাহৰ পৰা ১ বছৰলৈকে শিশুৱে ভোক অনুভৱ কৰিলেও মুখলৈ আঙুলি নিয়ে।খেলি থাকোতে বা খেলাৰ পিছত যদি আপোনাৰ সন্তানে বাৰে বাৰে মুখলৈ আঙুলি নি আছে, তেন্তে বুজিব যে তেওঁৰ ভোক লাগিছে। এনে পৰিস্থিতিত, আপুনি তেওঁক লগে লগে খুৱাবলৈ চেষ্টা কৰিব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin