Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
টাইফইডৰ লক্ষণ, ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জানি লৈ সাৱধান হওঁক

টাইফইডৰ লক্ষণ, ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জানি লৈ সাৱধান হওঁক

ডিজিটেল ডেস্ক: পৰিৱৰ্তনশীল ঋতুত টাইফইডৰ আশংকা যথেষ্ট পৰিমাণে বৃদ্ধি হয়। বহুলোকে টাইফইডক ঋতুগত ৰোগ হিচাপেই সহজভাৱে লয়, যিটো একেবাৰেই ভুল। ইয়াৰ লক্ষণবোৰক উপেক্ষা কৰিলে ই মাৰাত্মক ৰূপ ল'ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন অনুসৰি, প্ৰতি বছৰে প্ৰায় ১১ নিযুতৰ পৰা ২০ নিযুত লোক টাইফইডত আক্ৰান্ত হয়, যাৰ ভিতৰত ১.২৮ লাখৰ পৰা ১.৬১ লাখ লোকৰ মৃত্যু হয়। সেয়েহে, টাইফইডক সহজভাৱে নলৈ সকলো সতৰ্ক হোৱাটো খুবেই দৰকাৰী। টাইফইডৰ লক্ষণ আৰু ইয়াৰ ঘৰুৱা প্ৰতিকাৰবোৰৰ বিষয়ে আজি জানো আহক-

টাইফইড কি ?

টাইউইড এবিধ অতি গুৰুতৰ ৰোগ। ই চালমোনেলা এণ্টেৰিকা চেৰোটাইপ টাইফি বেক্টেৰিয়াৰ ফলত হয়। এই বেক্টেৰিয়াবোৰে খাদ্যৰ বিষক্ৰিয়াও সৃষ্টি কৰে।

যদি ইয়াক সোনকালে চিকিৎসা কৰা নহয়, ই শৰীৰৰ সমগ্ৰ অংগবোৰ বিকল কৰি পেলায়। এই বেক্টেৰিয়া পানী আৰু খাদ্যৰ জৰিয়তে মানুহৰ শৰীৰত প্ৰৱেশ কৰে।

টাইফইড কেনেদৰে বিয়পে ?

গৱেষণা অনুসৰি, সংক্ৰমিত ব্যক্তিয়ে ব্যৱহাৰ কৰা শৌচাগাৰ ব্যৱহাৰ কৰিলে টাইফইড হ'ব পাৰে। আনহাতে, যদি সংক্ৰমিত ব্যক্তিজনে তেওঁলোকৰ হাত সঠিকভাৱে ধোৱা নাই, তেওঁলোকে স্পৰ্শ কৰা যিকোনো খাদ্য দূষিত হ’ব পাৰে।তদুপৰি, দূষিত পানী খোৱা বা দূষিত পানীৰে বাচন-বৰ্তন ধোৱা লোকসকলৰ টাইফইড জ্বৰ হ'ব পাৰে।

টাইফইডৰ লক্ষণ

- জ্বৰ হৈ ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ থকা।

-তীব্ৰ মূৰৰ বিষ।

-দুৰ্বলতা আৰু ভাগৰ।

-পেশীৰ বিষ।

-ঘাম ওলোৱা।

-শুকান কাহ।

-ভোক নোহোৱা আৰু ওজন হ্ৰাস।

-পেটৰ বিষ।

-ডায়েৰিয়া বা কোষ্ঠকাঠিন্য।

-ঠায়ে ঠায়ে ছাল ৰঙা পৰা।

-পেট ফুলা।

টাইফইডৰ ঘৰুৱা প্ৰতিকাৰ

- টাইফইড হ’লে যিমান পাৰে সিমান পানী, ফলৰ ৰস, দৈ, ছাগলীৰ গাখীৰ, নাৰিকলৰ পানী আদি তৰল বস্তু খাব।

-তুলসী চাহ বা কাঢ়া খাব।

-ঠাণ্ডা কম্প্ৰেছ ব্যৱহাৰ কৰক। ই লাহে লাহে শৰীৰৰ তাপ দূৰ কৰিব।

- খাদ্যত বেছিকৈ নহৰু দি খাব। ই বেক্টেৰিয়া দূৰ কৰাত সহায়ক।

- টাইফইডত কল খোৱাটোও যথেষ্ট উপকাৰী।

Also Read: অভিভাৱকসকল সাৱধান হওঁক, কাহ হ’লেই শিশুক কফ চিৰাপ খুৱাই নিদিব

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin