Dailyhunt
সময় থাকোতেই সাৱধান হওঁক, জীৱনশৈলী সলনি কৰক

সময় থাকোতেই সাৱধান হওঁক, জীৱনশৈলী সলনি কৰক

ডিজিটেল ডেস্ক: কিডনী বা বৃক্ক আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ।কিডনীৰ প্ৰধান কাম হৈছে তেজ ফিল্টাৰ কৰা আৰু প্ৰস্ৰাৱৰ জৰিয়তে সকলো বিষাক্ত পদাৰ্থ শৰীৰৰ পৰা বাহিৰ কৰা। কিন্তু আজিৰ জীৱনশৈলীৰ বাবে খুব কম বয়সীয়া লোকে কিডনী অচল বা ইয়াৰ বিভিন্ন ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছে।প্ৰকৃততে, আমি কৰা কেতবোৰ ভুলৰ বাবেই আমাৰ কিডনী খুব সোনকালে নষ্ট হৈ আছে।দৈনন্দিন জীৱনত কৰা কিছুমান ভুলে আমি গম নোপোৱাকৈয়ে কিডনীত প্ৰভাৱিত কৰিছে। আজি এই বিষয়ে জানো আহক-

পানী কমকৈ খোৱা

কিডনীৰ স্বাস্থ্যৰ বাবে পানী খুবেই উপকাৰী। পানীয়ে প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰলৈ ওলাই যোৱাত সহায় কৰে। এনে পৰিস্থিতিত, যদি এজন ব্যক্তিয়ে কম পানী খায়, তেন্তে কিডনীয়ে শৰীৰৰ পৰা অলাগতীয়াল পদাৰ্থ বাহিৰ কৰিবলৈ অক্ষম হয় আৰু আমাৰ কিডনী ক্ষতি হোৱাৰ আশংকা বৃদ্ধি হয়।

সুৰা সেৱন

সুৰা পান কৰিলে কিডনীকে ধৰি গোটেই শৰীৰৰ ক্ষতি হয়। সুৰাই প্ৰস্ৰাৱৰ প্ৰক্ৰিয়া বৃদ্ধি কৰে। দীঘলীয়া সময়ৰ বাবে অত্যাধিক সুৰা পান কৰিলে পৰোক্ষভাৱে কিডনী প্ৰভাৱিত হয়।

সংসাধিত খাদ্য

সংসাধিত খাদ্য আমাৰ স্বাস্থ্যৰ বাবে অতি বিপদজনক।কিডনীৰ ৰোগীসকলে পেকেটযুক্ত খাদ্য খোৱা পৰিহাৰ কৰিব লাগে। উচ্চ ফছফৰাছ খোৱা, সংসাধিত খাদ্য খোৱা কিডনী আৰু হাড়ৰ বাবে ক্ষতিকাৰক হ'ব পাৰে।

অধিক মিঠা খাদ্য

অত্যাধিক মিঠা খোৱাটোয়ে মেদবহুলতাৰ লগতে আন বহুতো ৰোগৰ আশংকা বৃদ্ধি কৰে। এনে পৰিস্থিতিত, ই বৃক্কৰ ওপৰতো অতি বেয়া প্ৰভাৱ পেলায়।সেয়েহে, দৈনিক বিস্কুট, ব্ৰেড আদি খোৱা পৰিহাৰ কৰিব লাগে। এইসমূহত যথেষ্ট পৰিমাণে চেনী থাকে।

টোপনিৰ অভাৱ

স্বাস্থ্যৱান শৰীৰৰ বাবে টোপনি অতি গুৰুত্বপূৰ্ণ। টোপনি কমকৈ হলে ই উচ্চ ৰক্তচাপ আৰু এথেৰোস্ক্লেৰোচিছ সৃষ্টি কৰিব পাৰে। যাৰ ফলত বৃক্কৰ তেজৰ প্ৰবাহ হ্ৰাস হ'ব পাৰে।

অত্যাধিক সময় বহি থকা

যদি আপুনি অত্যাধিক সময় বহি থাকে, তেনেহ'লে বৃক্কৰ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। সেয়েহে, দৈনিক অলপ ব্যায়াম কৰাটো অতি গুৰুত্বপূৰ্ণ, কিয়নো ই তেজৰ প্ৰবাহ আৰু বিপাক উন্নত কৰে, যি বৃক্কৰ স্বাস্থ্যৰ বাবে খুবেই জৰুৰী। যদি আপুনি ব্যায়াম কৰিব নিবিচাৰে, তেন্তে আপুনি খোজ কাঢ়িব পাৰে।

'কিডনী ষ্ট'ন' হ'লে কি খাব লাগে জানি লওঁক
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin