Dailyhunt
সময়মতে চিকিৎসা কৰি জীৱনটো উপভোগ কৰক

সময়মতে চিকিৎসা কৰি জীৱনটো উপভোগ কৰক

ডিজিটেল ডেস্ক: সম্প্ৰতি স্বাস্থ্যৱান হৈ থকাটো অতি কঠিন হৈ পৰিছে। অত্যাধিক জাংক-ফুড, তেলেতীয়া খাদ্য খোৱাৰ বাবেই আমাৰ শৰীৰৰ বহু ৰোগৰ আৱিৰ্ভাৱ হয়। শৰীৰত কিছুমান সৰু সৰু লক্ষণ দেখা দিয়েই ডাঙৰ বেমাৰৰ ৰূপ লয়। বহু লোকেই এনে সৰু সৰু লক্ষণ তথা ৰোগবোৰ উপেক্ষা কৰে আৰু পাছত ইয়াৰ ভয়াৱহ পৰিণাম ভোগ কৰে। আমাৰ শৰীৰৰ বিভিন্ন অংশত দেখা দিয়া বিষবোৰো অতি ভয়াৱহ।এই বিষৰ ফলত বহু গুৰুতৰ ৰোগ হ'ব পাৰে। স্বাস্থ্যজনিত সমস্যা সৃষ্টি কৰিব পৰা বিষবোৰৰ বিষয়ে আজি জানো আহক-

পেশীৰ বিষ

ভিটামিন-ডিৰ অভাৱ পেশীৰ বিষৰ মুখ্য কাৰণ। আমি সকলোয়ে জানো যে শৰীৰে পৰ্যাপ্ত সূৰ্যৰ পোহৰ লাভ নকৰিলে ভিটামিন-ডিৰ অভাৱ হয়। যাৰ ফলত পেশীৰ বিষকে ধৰি আন বহু স্বাস্থ্য সমস্যা হ'ব পাৰে।

সেয়েহে, ভিটামিন-ডিৰ অভাৱ পূৰণ কৰিবলৈ আপুনি আপোনাৰ আহাৰত দুগ্ধজাত সামগ্ৰী আৰু ছ’য়াবিন অন্তৰ্ভুক্ত কৰিব পাৰে।

গাঁঠিৰ বিষ

গাঁঠিৰ বিষ প্ৰায়ে আঘাত, যিকোনো ঠাই ফুলি উঠা আৰু ঠাণ্ডাৰ বাবে বৃদ্ধি হয়। আগতে কেৱল বৃদ্ধ লোকসকলহে বিষত আক্ৰান্ত হৈছিল যদিও এতিয়া যুৱ প্ৰজন্মও গাঁঠিৰ বিষত বেয়াকৈ আক্ৰান্ত হ’বলৈ ধৰিছে।মূলতে শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে গাঁঠিৰ বিষ হয়।কেলচিয়ামৰ অভাৱ পূৰণ কৰিবলৈ আপুনি কণী, ব্ৰকলি, চীজ, ৰাজমাহ, গাখীৰ আদি আপোনাৰ আহাৰত অন্তৰ্ভূক্ত কৰিব পাৰে।

বুকুৰ বিষ

বুকুৰ বিষ, বিশেষকৈ সেয়া বাওঁফালে হ’লে হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ প্ৰাৰম্ভিক লক্ষণ বুলি গণ্য কৰা হয়।যদি সময়মতে ইয়াৰ চিকিৎসা কৰা নহয়, ই হাৰ্ট এটেকৰ অন্যতম কাৰণ হৈ পৰিব পাৰে।সেয়ে হৃদযন্ত্ৰক স্বাস্থ্যৱান ৰাখিবলৈ আপুনি কিৱি, চেৰী, ব্লুবেৰী, নহৰু, অমিতা আদি খাবলৈ আৰম্ভ কৰিব পাৰে।

পেটৰ বিষ

পেটৰ বিষক পাচন তন্ত্ৰৰ সৈতে সম্পৰ্কিত সমস্যাৰ কাৰণ বুলি গণ্য কৰা হয়। কিন্তু ইয়াৰ বাহিৰেও মূত্ৰনলীৰ সংক্ৰমণ, গেষ্ট্ৰোইনটেষ্টিনেল বিকাৰ বা প্ৰজনন সম্পৰ্কীয় সমস্যাৰ বাবেও পেটৰ বিষ হ’ব পাৰে। সেয়েহে, যদি পেটৰ বিষ বেছি হয়, ইয়াক উপেক্ষা নকৰি সোনকালে চিকিৎসকৰ ওচৰলৈ যাব।

মুৰৰ বিষ

মুৰৰ বিষৰ অন্যতম কাৰণ হৈছে অত্যাধিক চাপ আৰু টোপনিৰ অভাৱ। যদি এই বিষ সঘনাই হৈ থাকে, তেন্তে আপুনি মাইগ্ৰেইনৰো চিকাৰ হ'ব পাৰে।সেয়ে মুৰৰ বিষ হৈ থাকিলে সোনকালে চিকিৎসকৰ কাষ চাপিব।

Also Read: ঘৰুৱা প্ৰতিকাৰৰে এই সমস্যাৰ সমাধান পাওঁক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin