Dailyhunt
শিশুৰ এইকেইটা ৰোগক কেতিয়াও অৱহেলা নকৰিব

শিশুৰ এইকেইটা ৰোগক কেতিয়াও অৱহেলা নকৰিব

ডিজিটেল ডেস্ক: শিশুৰ খাদ্যৰ প্ৰতি অভিভাৱকসকল সচেতন নোহোৱাৰ ফলত সম্প্ৰতি শিশুসকল বহু স্বাস্থ্যজনিত সমস্যাৰ চিকাৰ হৈছে। যদি পিতৃ-মাতৃয়ে সময়মতে শিশুৰ খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ নিদিয়ে, তেন্তে তেওঁলোক ভৱিষ্যতে আৰু অধিক ৰোগীয়া হোৱাৰ আশংকা থাকে। কোনবোৰ দিশত গুৰুত্ব দি আপুনি আপোনাৰ শিশুটোৰ ৰোগৰ বিপদাশংকাৰ পৰা বচাই ৰাখিব পাৰে, আজি সেই বিষয়ে জানো আহক-

মেদবহুলতা

আজিকালি শিশুসকল খুব কম বয়সতে মেদবহুলতাৰ চিকাৰ হয়। শিশুৰ মেদবহুলতাৰ মূখ্য কাৰণ হৈছে ঠাণ্ডা পানীয়, পেকেট যুক্ত, তেলেতীয়া খাদ্য, জাংক ফুড খোৱা আৰু ব্যায়াম নকৰা। এনে পৰিস্থিতিত পিতৃ-মাতৃয়ে শিশুসকলক নিয়মীয়াকৈ ব্যায়াম কৰাৰ অভ্যাস কৰোৱাৰ লগতে খাদ্যাভ্যাস সন্দৰ্ভত সচেতন হ'ব লাগিব।

মধুমেহ /ডাইবেটিচ

মেদবহুলতাৰ বাবে এটি শিশু অতি সোনকালে ডায়েবেটিচৰ দৰে বিপদজনক ৰোগৰ সংস্পৰ্শলৈ আহে। এই ৰোগ হ’লে শিশুৰ ক্ষেত্ৰত দেখা দিয়া লক্ষণবোৰ হৈছে-

. সঘনাই প্ৰস্ৰাৱ ।

. মুখখন শুকাই যোৱা।

. সকলো সময়তে ভাগৰ অনুভৱ কৰা।

. হঠাতে ওজন হ্ৰাস ।

. অত্যাধিক ভোক অনুভৱ।

যদি আপোনাৰ শিশুটোৰ ক্ষেত্ৰটো এই লক্ষণসমূহে দেখা দিয়ে, অভিভাৱকসকলে শীঘ্ৰেই চিকিৎসকৰ কাষ চাপিব আৰু শিশুটোৰ খাদ্যাভ্যাস সলনি কৰিব।

হৃদযন্ত্ৰৰ সমস্যা

কাৰ্ডিওভাস্কুলাৰ সমস্যাই শিশুসকলক অতি সোনকালে আগুৰি ধৰিব পাৰে। হৃদযন্ত্ৰৰ বিফলতা, হৃদযন্ত্ৰৰ ষ্ট্ৰ’ক, হৃদআক্ৰমণৰ দৰে ৰোগৰ আশংকা শিশুৰ ক্ষেত্ৰত বৃদ্ধি হ'ব পাৰে। হৃদযন্ত্ৰৰ সমস্যা হ’লে শিশুৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাবোৰ হৈছে-

. শ্বাস-প্ৰশ্বাসত অসুবিধা।

. ভালদৰে বিকাশ নোহোৱা।

. ছাল হালধীয়া হোৱা ।

. বৰ ভাগৰ অনুভৱ কৰা।

. শৰীৰ ফুলা।

. খেলি থাকোতে শ্বাসকষ্ট।

. খোৱাৰ সময়ত উশাহ লোৱাত অসুবিধা।

যদি আপোনাৰ সন্তানৰো উপৰোক্ত লক্ষণবোৰ দেখুৱায়, তেন্তে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব।

মাইগ্ৰেইন

প্ৰাপ্তবয়স্কসকলৰ লগতে এতিয়া শিশুসকলকো মাইগ্ৰেইনে আৱৰি ধৰিছে। শিশুৰ ক্ষেত্ৰত কম টোপনি, অত্যাধিক পৰীক্ষাৰ চাপ, হতাশা, ম’বাইলৰ অত্যাধিক ব্যৱহাৰে মাইগ্ৰেনৰ বশৱৰ্তী কৰি তুলিব পাৰে। শিশুৰ মাইগ্ৰেইন হ'লে পেটৰ বিষ, অলসতা, সঠিকভাৱে খাবলৈ মন নকৰা, আধা শোৱাৰ পৰা উঠি খোজ কঢ়া আদি লক্ষণ দেখুৱাব পাৰে। এই লক্ষণ দেখা দিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল'ব।

কৰ্কট ৰোগ

শিশুৰ ক্ষেত্ৰত কৰ্কট ৰোগ প্ৰাথমিক পৰ্যায়ত দেখা নাযায়। যাৰ ফলত বহুসময়ত অভিভাৱকে ইয়াৰ লক্ষণবোৰ লক্ষ্য কৰিব নোৱাৰে। কিন্তু যদি আপোনাৰ সন্তান কৰ্কট ৰোগত আক্ৰান্ত হয়, তেনেহ'লে তেওঁলোকৰ শৰীৰত তলত উল্লেখ কৰা লক্ষণসমূহ প্ৰতিফলিত হ’ব-

. শৰীৰফুলা ।

. শিশুৰ শক্তিৰ স্তৰ নিম্ন ।

. সহজে আঘাত প্ৰাপ্ত হোৱা।

. শৰীৰৰ এটা অংশত বিষ।

. জ্বৰ আৰু মুৰৰ বিষ।

. বমি।

. দৃষ্টিশক্তি হ্ৰাস হোৱা।

. নিৰন্তৰ ওজন হ্ৰাস।

যদি আপোনাৰ শিশুটোৰ ক্ষেত্ৰটো এই লক্ষণবোৰে দেখা দিয়ে, তেন্তে সোনকালে চিকিৎসকৰ সহায় ল’ব।

Also Read: Child Diet: শিশুৰ সুস্থ বিকাশৰ বাবে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিবলগীয়া ৪ টা ভাৰতীয় উপাদান

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin