Dailyhunt
সঠিক সময়ত খালে শৰীৰক পুষ্টি দিয়ে গাখীৰ চাহে

সঠিক সময়ত খালে শৰীৰক পুষ্টি দিয়ে গাখীৰ চাহে

ডিজিটেল ডেস্ক: যদি আমাৰ ৰাতিপুৱাটো একাপ গৰম গাখীৰ চাহৰ সৈতে আৰম্ভ হয়, তেনেহ'লে গোটেই দিনটো আমি উদ্যমী হৈ থাকো। এয়া আমাৰ অধিকাংশৰে বিশ্বাস। সেইকাৰণেই বহুলোকে ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পাছতে চাহ খায়। ই শৰীৰক শক্তি দিয়াৰ লগতে আমাৰ মনটো ভাল কৰি ৰখাত সহায় কৰে। বিশেষকৈ যদি আদা, ইলাচী, মচলা দি গাখীৰ চাহ প্ৰস্তুত কৰা হয়, তেনেহ'লে ই শৰীৰক বহুতো লাভালাভ দিব পাৰে। কিন্তু চাহ কাপ সঠিক সময়ত খাব লাগিব। একাপ গাখীৰ দিয়া চাহ খাই শৰীৰে কি লাভ পায়, আজি সেই বিষয়ে জানো আহক-

শৰীৰে লাভ কৰে শক্তি

বহুলোকে ৰাতিপুৱা খালী পেটত গাখীৰ চাহ খায়। খালী পেটত গাখীৰ চাহ খালে আপোনাৰ শৰীৰৰ বহু ক্ষতি কৰিব পাৰে। খালী পেটৰ সলনি যদি আপুনি কিবা খোৱাৰ পাছত চাহ খায়, ই আপোনাৰ শৰীৰক শক্তি প্ৰদান কৰাত সহায় কৰে।

গাখীৰত কাৰ্বোহাইড্ৰেট, কেলচিয়াম, ভিটামিন-ডি আৰু প্ৰ'টিন পোৱা যায়, যিয়ে গোটেই দিনটো শৰীৰক শক্তিশালী কৰি ৰখাত সহায় কৰে।

ওজন হ্ৰাসত সহায়ক

যদি আপুনি ওজন হ্ৰাস কৰিবলৈ বিচাৰে, আপুনি গাখীৰ চাহ খাব পাৰে। ইয়াত পলিফেনল আৰু কেফেইন থাকে, এই যৌগবোৰে ওজন হ্ৰাস কৰাত সহায় কৰে। গাখীৰৰ পৰা প্ৰস্তুত কৰা চাহ খোৱাটোৱে আপোনাক দীঘলীয়া সময়ৰ বাবে ভোক অনুভৱ কৰিবলৈ নিদিয়ে, যি ওজন হ্ৰাস কৰাত সহায় কৰে। কিন্তু যদি আপুনি ইয়াক অত্যাধিক সেৱন কৰে, তেন্তে ওজন বৃদ্ধি হ'ব পাৰে।

দূৰ কৰে মানসিক চাপ

যদি আপুনি মুৰৰ বিষ বা চাপ অনুভৱ কৰে, আপুনি গাখীৰৰ পৰা প্ৰস্তুত কৰা একাপ চাহ খাব পাৰে। ই আপোনাক এই সমস্যাৰ পৰা যথেষ্ট সকাহ দিব। কিয়নো গাখীৰ চাহত কেফেইন পোৱা যায়, যিয়ে শৰীৰক সতেজ আৰু চাপ দূৰ কৰি ৰখাত সহায় কৰে।

শক্তিশালী কৰে ৰোগ প্ৰতিৰোধ ক্ষমতা

আপুনি গাখীৰ চাহ খাই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব পাৰে। আপুনি ইয়াত আদা, ইলাচী, লং, জালুক দি ইয়াৰ পুষ্টি বৃদ্ধি কৰিব পাৰে। ইয়াৰ উপৰিও, এই চাহত পলিফেনল আৰু এণ্টিবেক্টেৰিয়েল গুণাগুণো পোৱা যায়, যাক পাচন তন্ত্ৰ স্বাস্থ্যৱান ৰখাৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। কিন্তু ইয়াক অত্যাধিক সেৱন নকৰিব।

বি.দ্ৰ. এই লেখাটো ইণ্টাৰনেটৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত লেখা হৈছে।

Also Read: লাও খাই ভালপোৱা লোকসকল সতৰ্ক হওঁক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin