Dailyhunt
সাৱধান ! আজানিতে আপোনাৰ জীৱনলৈ নামিব পাৰে ভয়ংকৰ বিপদ

সাৱধান ! আজানিতে আপোনাৰ জীৱনলৈ নামিব পাৰে ভয়ংকৰ বিপদ

ডিজিটেল ডেস্ক: নাকত আঙুলি সুমুয়াই থকাটো বহু লোকৰে অভ্যাস।সাধাৰণতে এই অভ্যাসক আমিবোৰে বেয়া বা ভুল অভ্যাস বুলিয়েই বিবেচনা কৰি থওঁ। কিন্তু, প্ৰকৃততে নাকত আঙুলি সুমুৱাই থকাটোয়ে আপোনাক ৰুগীয়া কৰিব পাৰে। আচৰিত যেন লাগিলেও এয়া একেবাৰেই সত্য। চিকিৎসা বিজ্ঞানৰ ভাষাত নাকত আঙুলি সুমুৱাই থকাটোক ৰাইনোটিলোক্সোমিয়া বুলি কোৱা হয়। এতিয়া আপুনি শেহতীয়া গৱেষণাৰ বিষয়ে জানি অলপ আচৰিত হ'ব। হয়, এই গৱেষণাত দেখা গৈছে যে নাকত আঙুলি সুমুৱাই থকা অভ্যাসে আপোনাক আলঝেইমাৰ ৰোগত ভোগাব পাৰে। ইয়াৰ বাহিৰেও, আপুনি হেৰুৱাব পাৰে গোন্ধ পোৱা ক্ষমতা।

চিডনীৰ বিজ্ঞানীসকলে দাবী কৰে যে, যিসকল লোকে সঘনাই নাকত আঙুলি সুমুৱাই থাকে, তেওঁলোকৰ আলঝেইমাৰ ৰোগ হোৱাৰ আশংকা খুব বেছি।

আলঝেইমাৰৰ প্ৰকৃত কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও এই ৰোগত আক্ৰান্তসকলৰ মগজুত টাউ নামৰ প্ৰ'টিনৰ ঘনত্ব পোৱা গৈছে, যি ৰোগ প্ৰতিৰোধ শক্তিৰ সৈতে সম্পৰ্কিত। শেহতীয়া গৱেষণাই দেখুৱাইছে যে স্নায়ুপ্ৰদাহ ইয়াৰ কাৰণ হ'ব পাৰে। অষ্ট্ৰেলিয়াৰ ৱেষ্টাৰ্ণ চিডনী বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এক নতুন অধ্যয়নত ধাৰণা কৰিছে যে স্নায়ুপ্ৰদাহে আলঝেইমাৰক প্ৰভাৱিত কৰিব পাৰে।

আনহাতে, সঘনাই নাক পৰিস্কাৰ কৰাক ৰাইনোটিলেক্সোমেনিয়া বুলি কোৱা হয়। যাৰ দ্বাৰা নাকত বীজাণু প্ৰৱেশ কৰে, ফলত মগজু ফুলি যায়। বিজ্ঞানীসকলে ইয়াক আলঝেইমাৰ ৰোগৰ আৰম্ভণিৰ সৈতে সম্পৰ্কিত বুলি দাবী কৰিছে।তেওঁলোকৰ গৱেষণাত প্ৰমাণ হৈছে যে নাকৰ অতিৰিক্ত বীজাণুৰ বাবে মস্তিষ্কৰ সংক্ৰমণ হ'ব পাৰে। এই সংক্ৰমণৰ কোনো লক্ষণ নাথাকিলেও ই প্ৰদাহ সৃষ্টি কৰিব পাৰে আৰু লগতে ক্ষতিকাৰক প্ৰ'টিনৰ প্লেক এৰি যাব পাৰে। যিয়ে নিউৰোডিজেনাৰেটিভ ৰোগ বৃদ্ধি কৰিব পাৰে, যাৰ ভিতৰত আছে আলঝেইমাৰ।

নাকত আঙুলি সুমুৱাই থকাৰ ফলত ইয়াৰ পৰা শৰীৰলৈ যোৱা বীজাণুয়ে মগজুত বিটা এমাইলইড উৎপাদন আৰম্ভ কৰিব পাৰে। বেছিভাগ ডিমেনচিয়া ৰোগীৰ মগজুতো এই বেক্টেৰিয়া পোৱা গৈছে। বিটা-এমাইলইডে আলঝেইমাৰৰ সৈতে সম্পৰ্কিত স্নায়ুপ্ৰদাহত অৰিহণা যোগায়। গৱেষণাত দেখা গৈছে যে নাকৰ নলীৰ জৰিয়তে বেক্টেৰিয়া মগজুলৈ যায়। এই বেক্টেৰিয়াৰ বাবে আলঝেইমাৰ সূচিত কৰা হৈছে। আনহাতে, এই গৱেষণাত দাবী কৰা হৈছে যে, আলঝেইমাৰৰ আশংকা হ্ৰাস কৰিবলৈ নাকৰ পৰিচ্ছন্নতা বজাই ৰখাটো প্ৰয়োজনীয়।

কেনেদৰে বাচি থাকিব ?

গৱেষকসকলে বিশ্বাস কৰে যে আলঝেইমাৰৰ প্ৰতিৰোধ জীৱনশৈলীৰ ওপৰত নিৰ্ভৰ কৰে। মগজুত বীজাণু প্ৰৱৰ্তন কৰাৰ আশংকা হ্ৰাস কৰিবলৈ যিকোনো ব্যক্তিয়ে সঘনাই নাকত আঙুলি সুমুওৱা অভ্যাস ত্যাগ কৰিব লাগিব। তদুপৰি, হাত সদায় চেনিটাইজ কৰি থাকিব।

Also Read: টাইফইডৰ লক্ষণ, ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জানি লৈ সাৱধান হওঁক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin