ডিজিটেল ডেস্ক: কেতবোৰ অখাদ্য একেলগে খালে হেনো বিপৰীত লিংগৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে আৰু দিনক দিনে এই সম্পৰ্ক আৰু অধিক ঘনিষ্ঠ হৈ পৰে। হয়, শেহতীয়া এক গৱেষণাত এই আচৰিত তথ্য পোহৰলৈ আহিছে। এই গৱেষণাৰ তথ্য অনুসৰি, পুৰুষ-মহিলাই একেলগে জাংক ফুড খালে আৰু ধূমপান কৰিলে তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। দুয়োজনে একেলগে খাওঁতে কৰা ভাগ-বতৰাই এই ঘনিষ্ঠতা দুগুণে বৃদ্ধি কৰে।
কিদৰে ঘনিষ্ঠতা বৃদ্ধি কৰে এইধৰণৰ অস্বাস্থ্যকৰ কাৰ্যকলাপে ?
গৱেষণাত প্ৰমাণ হৈছে যে, যিসকল দম্পতী বা পুৰুষ-মহিলাই একেলগে ধূমপান বা জাংক ফুড খোৱাৰ দৰে অস্বাস্থ্যকৰ কাৰ্যকলাপত লিপ্ত হয়, তেওঁলোকে প্ৰায়ে তেওঁলোকৰ সম্পৰ্কত অধিক সন্তুষ্ট আৰু ঘনিষ্ঠ অনুভৱ কৰে, বিশেষকৈ সেই দিনবোৰত যেতিয়া তেওঁলোকে একেলগে এই অভ্যাসবোৰ গ্ৰহণ কৰে।
প্ৰেম বৃদ্ধিৰ মনস্তাত্ত্বিক কাৰণ
ইয়াৰ মনস্তাত্ত্বিক কাৰণটো হ'ল যে যেতিয়া দুজন ব্যক্তিয়ে যিকোনো ভাল-বেয়া অভিজ্ঞতাৰ ভাগ বতৰা কৰে, ই তেওঁলোকৰ সম্পৰ্কত এক শক্তিশালী বন্ধন আৰু বুজাবুজিৰ সৃষ্টি কৰে। এইকাৰণে এজনে আনজনৰ সৈতে একেলগে অস্বাস্থ্যকৰ অভ্যাস গ্ৰহণ কৰিলে ইজনে সিজনৰ সৈতে অধিক সম্পৰ্কিত অনুভৱ কৰে।
নেতিবাচক দিশ
এইধৰণৰ অস্বাস্থ্যকৰ কাৰ্যকলাপে সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰে যদিও এইবোৰ একেবাৰেই স্বাস্থ্যসণ্মত নহয়। জাংক ফুড আৰু অস্বাস্থ্যকৰ অভ্যাসে স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলায়। তদুপৰি, যদি এগৰাকী সংগীয়ে স্বাস্থ্যকৰ অভ্যাস গ্ৰহণ কৰিবলৈ বিচাৰে আৰু আনজন এই ক্ষেত্ৰত মান্তি নহয়, ই সেই সম্পৰ্কত চাপৰো সৃষ্টি কৰিব পাৰে।
সেয়েহে, সম্পৰ্কত ঘনিষ্ঠতা বজাই ৰাখিবলৈ পুৰুষ-মহিলাই একেলগে সময় অতিবাহিত কৰাটো অত্যাৱশ্যকীয় যদিও তেওঁলোকে তেওঁলোকৰ স্বাস্থ্যৰো যত্ন লোৱা উচিত।
Also Read: দিন বেয়া চলিছে ৰণবীৰ আল্লাহবাদিয়াৰ !

