Dailyhunt
সাৱধান ! গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

সাৱধান ! গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

ডিজিটেল ডেস্ক: দাঁত তথা দাঁতৰ আলু ভালদৰে চাফা নকৰাৰ বাবে আমাৰ দাঁত বেয়া হয়। এই বিষয়ে হয়তো সকলো জ্ঞাত। কিন্তু মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাই যে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যত প্ৰত্যক্ষ প্ৰভাৱ পেলায়, সেই বিষয়ে আপুনি জানেনে ? শেহতীয়াকৈ কৰা এক গৱেষণাত প্ৰমাণ হৈছে যে যদি আপুনি দৈনিক মুখখন পৰিস্কাৰ নকৰে, তেন্তে ই আপোনাৰ হাৰ্ট এটেকৰ সম্ভাৱনা বহুগুণ বৃদ্ধি পায়।

কি আছে গৱেষণাৰ তথ্যত ?

নতুন গৱেষণাৰ মতে, যিসকল লোকৰ মুখৰ পৰিস্কাৰ-পৰিচ্ছন্নতা বেয়া আৰু যিসকলে সঠিকভাৱে ব্ৰাছ নকৰে, তেওঁলোকৰ তেজত বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি পায়। এই বেক্টেৰিয়াবোৰ ৰক্তবাহী নলীত জমা হৈ হৃদযন্ত্ৰত উপনীত হয়।

কি কয় স্বাস্থ্য বিশেষজ্ঞই ?

মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বেয়া হ’লে দাঁত ক্ষয় হোৱাৰ লগতে ই হৃদযন্ত্ৰৰ স্বাস্থ্যত গুৰুতৰ প্ৰভাৱ পেলায়। সেয়েহে, সামগ্ৰিক স্বাস্থ্য ৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিজন ব্যক্তিয়েই মুখৰ পৰিস্কাৰ-পৰিছন্ন্তাৰ প্ৰতি সচেতন হ'ব লাগে। দিনে দুবাৰকৈ ব্ৰাছ কৰিব লাগে। শিশুসকলকো আৰম্ভণিৰ পৰাই দুবাৰকৈ ব্ৰাছ কৰাৰ অভ্যাস গঢ় দিব লাগে।

মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সৈতে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ সম্পৰ্ক ?

বেক্টেৰিয়াৰ সংক্ৰমণ– মুখত গজা ক্ষতিকাৰক বেক্টেৰিয়া তেজত মিহলি হৈ পৰে।

প্লেক গঠন – ইয়াৰ লগতে বেক্টেৰিয়াই ধমনীত প্লেক গঠন কৰে।

তেজৰ প্ৰৱাহ বন্ধ – ধমনীবোৰ সংকুচিত হ’বলৈ আৰম্ভ কৰে আৰু ইয়াৰ প্ৰভাৱ পৰে।

হাৰ্ট এটেকৰ সম্ভাৱনা – যদি অত্যধিক ব্লক হয় তেন্তে হাৰ্ট এটেকৰ পৰিস্থিতিৰ সৃষ্টি হয়।

হাৰ্ট এটেকৰ পৰা হাত সাৰিবলৈ দাঁতৰ কিদৰে যত্ন ল'ব ?

১) দিনত দুবাৰ ব্ৰাছ কৰিব।

২) দাঁতৰ মাজত আবদ্ধ হৈ থকা লেতেৰা পৰিস্কাৰ কৰিবলৈ ব্ৰাছ সঠিকভাৱে ব্যৱহাৰ কৰিব।

৩) ছয় মাহৰ মূৰে মূৰে দন্ত চিকিৎসকৰ পৰামৰ্শ ল’ব।

৪) পাৰিলে জাংক ফুড, মিঠাই খোৱাৰ পৰা বিৰত থাকিব।

বি.দ্ৰ:এই তথ্য গৱেষণামূলক অধ্যয়ন আৰু বিশেষজ্ঞৰ মতামতত ভিত্তি কৰি লোৱা হৈছে। ইয়াক চিকিৎসাৰ পৰামৰ্শৰ বিকল্প বুলি নাভাবিব। কোনো অসুবিধা হ'লে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin