Dailyhunt
সাৱধান হওঁক ! এইকেইটা হাৰ্ট এটেকৰ লক্ষণ

সাৱধান হওঁক ! এইকেইটা হাৰ্ট এটেকৰ লক্ষণ

ডিজিটেল ডেস্ক: সম্প্ৰতি সমগ্ৰ আমাৰ দেশত হাৰ্ট এটেকত আক্ৰান্তৰ সংখ্যা অতি ভয়াৱহভাৱে বৃদ্ধি পাইছে। বয়সীয়ালটো বাদেই, খুব কম বয়সীয়া ব্যক্তিয়েও হাৰ্ট এটেকত আক্ৰান্ত হৈ প্ৰাণ দিবলগীয়া হৈছে।কিন্তু, ইয়াৰ লক্ষণ জানি লৈ সাৱধান হ'লে আপুনি এই স্বাস্থ্য সমস্যাৰ পৰা বাচি থাকিব পাৰে। প্ৰায় ৫০ শতাংশ লোকৰ শৰীৰতে হাৰ্ট এটেকৰ পূৰ্বে লক্ষণ দেখুৱায়।

চিকিৎসকৰ মতে, হাৰ্ট এটেক হোৱাৰ ১০ ৰ পৰা ২ দিনৰ পূৰ্বে শৰীৰত লক্ষণে দেখা দিয়ে।হয়, এই লক্ষণসমূহ চিনি লগে লগে চিকিৎসকৰ পৰামৰ্শ ল'লে আপুনি আপোনাৰ বহুমূলীয়া প্ৰাণ বচাব পাৰে।এই লক্ষণসমূহ হৈছে-

দ্ৰুত উশাহ

দ্ৰুত উশাহ বা উশাহ লোৱাত অসুবিধা হোৱাটো হাৰ্ট এটেকৰ মূখ্য লক্ষণ।

বহুসময়ত মানুহে এই লক্ষণক সাধাৰণ অসুবিধা বুলি উপেক্ষা কৰে। কিন্তু এতিয়াৰে পৰা আপোনাৰ শৰীৰত এনে লক্ষণে দেখা দিলে ভুলতো অৱজ্ঞা নকৰিব।

পিঠিৰ বিষ

কঁকালত বিষ বা জঠৰতা অনুভৱ কৰাটোও হাৰ্ট এটেকৰ লক্ষণ হ'ব পাৰে। যদি আপুনিও শৰীৰত এনে লক্ষণ দেখিছে, বিশেষজ্ঞৰ পৰামৰ্শ লওঁক।

মূৰ ঘূৰোৱা

হাৰ্ট এটেকৰ কেইদিনমান আগতে বাৰে বাৰে মূৰ ঘূৰাব পাৰে। যদি আপুনি বাৰে বাৰে দুৰ্বলতা বা মূৰ ঘূৰোৱাৰ দৰে অনুভৱ কৰে, তেনেহ'লে চিকিৎসকৰ পৰামৰ্শ ল'ব।

হনুৰ বিষ

হনুৰ বিষ হোৱাটোও হাৰ্ট এটেকৰ অন্যতম লক্ষণ।এই বিষক প্ৰায়ে সাধাৰণ সমস্যা বুলি ভাবি লোৱা হয়। যদি আপুনিও শৰীৰত এনে বিষ অনুভৱ কৰে, চিকিৎসকৰ সহায় ল'ব।

বুকুৰ বিষ

হাৰ্ট এটেকৰ পূৰ্বে ৰোগীয়ে বুকুত বা বাহুৰ চাৰিওফালে বিষ অনুভৱ কৰে।এনে হ'লে সাধাৰণতে সকলোয়ে গেছৰ সমস্যা বুলিয়েই আঙকান কৰে।কিন্তু এতিয়াৰে পৰা এনে লক্ষণ শৰীৰত দেখিলে সাৱধান হ'ব।

এইদৰে নিমিষতে দূৰ কৰক অসহ্য মূৰৰ বিষ
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin