Dailyhunt
সাৱধান ! ফাকুৱাৰ আনন্দত মতলীয়া হৈ এই ভুল নকৰিব

সাৱধান ! ফাকুৱাৰ আনন্দত মতলীয়া হৈ এই ভুল নকৰিব

ডিজিটেল ডেস্ক: সমাগত ৰঙৰ উৎসৱ ফাকুৱা। হিন্দু ধৰ্মাৱলম্বী লোকসকলে ফাগুন মাহৰ পূৰ্ণিমাত অৰ্থাৎ চলিত মাহৰ ১৪ মাৰ্চত ফাকুৱা উদযাপন কৰিব। এই উৎসৱক হিন্দু ধৰ্মালম্বী লোকসকলৰ উৎসৱ বুলি কোৱা হয় যদিও জাতি-ধৰ্ম নিৰ্বিশেষে সকলোয়ে মিলি ফাকুৱাত আনন্দ-ফূৰ্তি কৰে। যিমান আনন্দ-ফূৰ্তি কৰিলেও এই দিনটোত কিছুমান কাম কৰাৰ পৰা বিৰত থাকিব লাগে। অন্যথা আপুনি ভাবিব নোৱাৰাকৈ দৰিদ্ৰ হৈ যাব পাৰে। হয়, জ্যোতিষশাস্ত্ৰ মতে এই দিনটোত কি কাম কৰাৰ পৰা বিৰত থাকিব লাগে। আজি এই বিষয়ে জানো আহক-

বিত্তীয় লেনদেনত জড়িত নহ'ব

জ্যোতিষশাস্ত্ৰৰ মতে, ফাকুৱাৰ দিনটোত যিকোনো ব্যক্তিয়ে বিত্তীয় লেনদেনত লিপ্ত হোৱাটো পৰিহাৰ কৰিব লাগে। বিশেষকৈ হোলিকা দহনৰ নিশা কাৰো সৈতে ধন লেনদেন নকৰিব।

এনে কৰিলে দুৰ্ভাগ্যয়ে লগ দিয়ে।

পুৰণি কাপোৰ দান নকৰিব

দান কৰাটো শুভ যদিও ফাকুৱাৰ দিনা দান কৰিলে আপোনাৰ বিপদ হ'ব পাৰে। এই দিনটোত কোনো দৰিদ্ৰ ব্যক্তিক পুৰণি কাপোৰ দান নকৰিব। যদি আপুনি দান কৰিবলৈ বিচাৰে, তেন্তে নতুন কাপোৰ দান কৰিব। অন্যথা, দেৱী লক্ষ্মী অসন্তুষ্ট হয়।

ধাতুৰ বাচন দান নকৰিব

ফাকুৱাৰ দিনা কোনো ব্যক্তিয়ে লো আৰু তীখাৰ বাচন দান কৰিব নালাগে। এনে কৰিলে আৰ্থিক ক্ষতি হ'ব পাৰে। যদি আপুনি দেৱী লক্ষ্মীক আপোনাৰ প্ৰতি সন্তুষ্ট হোৱাটো বিচাৰে, আপুনি হোলিকা দহনৰ দিনা এগৰাকী যুৱতীক সোণেৰে নিৰ্মিত যিকোনো সামগ্ৰী দান কৰিব পাৰে।

সৰিয়হৰ তেল দান নকৰিব

ফাকুৱাৰ দিনা সৰিয়হৰ তেল দান কৰিলে শনি দেৱতাৰ খং উঠিব পাৰে। শনিৰ কোপদৃষ্টিৰ বাবে আপোনাৰ জীৱনলৈ অন্ধকাৰ নামি আহিব পাৰে। সেয়েহে, এই দিনটোত ভুলতো সৰিয়হৰ তেল দান নকৰিব।

Also Read: আচৰিত ধৰণে উপকাৰী এই পানী, ক’ত ব্যৱহাৰ কৰিব পাৰি জানি লওঁক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin