Dailyhunt
ফাকুৱাক স্মৰণীয় কৰিবলৈ এইবাৰ বৃন্দাবনলৈ যাওঁক

ফাকুৱাক স্মৰণীয় কৰিবলৈ এইবাৰ বৃন্দাবনলৈ যাওঁক

ডিজিটেল ডেস্ক: ফাকুৱা আহিলেই হয়তো সকলোৰে এবাৰ হ'লেও বৃন্দাবনৰ কথা মনলৈ আহে। বৃন্দাবনৰ ফাকুৱা সমগ্ৰ বিশ্বতে বিখ্যাত। প্ৰতি বছৰে দেশ-বিদেশৰ লাখ লাখ লোক এই উৎসৱত অংশ ল'বলৈ বৃন্দাবনলৈ আহে। বৃন্দাবনত ফাকুৱা উদযাপন এসপ্তাহৰ আগতে আৰম্ভ হয়। যদি আপুনিও এইবাৰ ফাকুৱাক স্মৰণীয় কৰি তুলিব বিচাৰে, তেন্তে বৃন্দাবন ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিব পাৰে।বৃন্দাবনলৈ গ'লে ফাকুৱাক আৰু অধিক বিশেষ কৰিবলৈ আপুনি তলত উল্লেখ কৰা মন্দিৰকেইটা দৰ্শন কৰিব পাৰে-

ইস্কন মন্দিৰ

আপুনি ফাকুৱাত বৃন্দাবনলৈ গ'লে বাঙ্কে বিহাৰী মন্দিৰৰ ওচৰতে থকা ইস্কন মন্দিৰ দৰ্শন কৰিব পাৰে। এই উৎসৱ উপলক্ষে মন্দিৰৰ চাৰিওফালে পৰ্যটকৰ যথেষ্ট ভিৰ হয়।

এই মন্দিৰটো বগা টাইলেৰে তৈয়াৰ কৰা হৈছে। তাতে ফাকুৱাত এই মন্দিৰটো ভিন্ন ৰঙী ফুলৰে সজোৱা হয়। যাৰ বাবে গোটেই মন্দিৰটো চালে চকু ৰোৱা হৈ পৰে। এই সময়ছোৱাত বিভিন্নজনে পৰিৱেশন কৰা ভজনেও দৰ্শনাৰ্থীক আকৰ্ষিত কৰে।

গোবিন্দ দেৱ মন্দিৰ

এই মন্দিৰটো বৃন্দাবনৰ আটাইতকৈ পুৰণি মন্দিৰসমূহৰ ভিতৰত অন্যতম। এই মন্দিৰটোত সাতটা মহলা আছে, যিসমূহ সম্পূৰ্ণ শিলেৰে নিৰ্মাণ কৰা হৈছে। কিন্তু এতিয়া এই মন্দিৰৰ মাত্ৰ ৩ টা মহলা আছে। ইয়াতো ফাকুৱা উৎসৱ অতি ধুমপানেৰে উদযাপন কৰা হয়।

বাঙ্কে বিহাৰী মন্দিৰ

বৃন্দাবনত ফাকুৱা উপভোগ কৰিবলৈ হলে বাঙ্কে বিহাৰী মন্দিৰলৈ যাবই লাগিব। এই মন্দিৰৰ ফাকুৱা সমগ্ৰ বিশ্বতে বিখ্যাত।

শ্ৰীকৃষ্ণৰ জন্মস্থান

বৃন্দাবন ভ্ৰমণৰ অন্তিম দিনটোত আপুনি কৃষ্ণৰ জন্মস্থান দৰ্শন কৰিব পাৰে।এই স্থানত পথবোৰত জুম বান্ধি সকলোয়ে ফাকুৱা উদযাপন কৰে। আপুনিও এইদিনকেইটাত চিনাকি বা অচিনাকি সকলোৰে লগত এইদৰে ফাকুৱা খেলিব পাৰে।

প্ৰেম মন্দিৰ

এই মন্দিৰক বৃন্দাবনৰ অন্যতম পৱিত্ৰ মন্দিৰ হিচাপে গণ্য কৰা হয়। মন্দিৰৰ চৌহদ দৰ্শন কৰি আপুনি ইয়াত ফাকুৱা উৎসৱ উপভোগ কৰিব পাৰে। বগা মাৰ্বলৰে নিৰ্মিত এই সুন্দৰ মন্দিৰটোত ভগৱান কৃষ্ণক সকলো ধৰণেই প্ৰদৰ্শন কৰি ৰখা আছে। ফাকুৱাৰ সময়ত লাখ লাখ পৰ্যটকে মন্দিৰৰ বাহিৰত ফাকুৱা উদযাপন কৰা দেখা যায়।

Also Read: জীৱনত এবাৰ হ’লেও ভ্ৰমণ কৰক এই বিশেষ মন্দিৰটো

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin