Dailyhunt
স্বাস্থ্যৰ বাবে অমৃত কঁঠালৰ গুটি

স্বাস্থ্যৰ বাবে অমৃত কঁঠালৰ গুটি

ডিজিটেল ডেস্ক: কঁঠাল পৃথিৱীৰ আটাইতকৈ ডাঙৰ গছৰ ফল। ই প্ৰ'টিন, ভিটামিন বি আৰু পটাছিয়ামৰ দৰে পুষ্টিৰে সমৃদ্ধ।কঁঠালটোৰ দৰেই ইয়াৰ গুটিবোৰো স্বাস্থ্যৰ বাবে খুবেই উপকাৰী। কঁঠালৰ গুটি থিয়ামিন আৰু ৰিবোফ্লেভিনত সমৃদ্ধ। যিয়ে আপুনি খোৱা খাদ্যক শক্তিলৈ পৰিৱৰ্তন কৰা, চকু, ছাল আৰু চুলি স্বাস্থ্যৱান ৰখাত সহায় কৰে। গুটিবোৰত জিংক, আইৰণ, কেলচিয়াম, তাম, পটাছিয়াম আৰু মেগনেছিয়ামো থাকে। আজি কঁঠালৰ গুটিৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-

বয়সৰ চাপৰ পৰা সুৰক্ষিত কৰে ছালক

ছাল কোঁচ খোৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি কঁঠালৰ গুটি ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে আপুনি কঁঠালৰ গুটি এটা ভালদৰে গুৰি কৰি গাখীৰৰ সৈতে এটা পেষ্ট তৈয়াৰ কৰিব।

ছালৰ পৰা সূক্ষ্ম ৰেখাবোৰ আঁতৰাই ৰাখিবলৈ এই পেষ্টটো নিয়মীয়াকৈ আপোনাৰ মুখত প্ৰয়োগ কৰক। কঁঠালৰ গুটিয়ে ছালখন সতেজ কৰি ৰখাত যথেষ্ট সহায় কৰিব পাৰে। ছালৰ পৰা বয়সৰ চাপ নাইকিয়া কৰিবলৈ আপুনি কঁঠালৰ গুটি পিছি লৈ তাত মৌ মিহলি কৰি ছালত লগাব পাৰে।

মানসিক চাপ, ছালৰ ৰোগ নিৰাময়ত সহায়

কঁঠালৰ গুটিত প্ৰ'টিন আৰু অন্যান্য মাইক্ৰ'নিউট্ৰিয়েণ্ট অধিক থাকে। যিবোৰে মানসিক চাপৰ স্তৰ আৰু ছালৰ অন্যান্য ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ছালৰ আৰ্দ্ৰতাৰ স্তৰ উচ্চ আৰু আপোনাৰ চুলি স্বাস্থ্যৱান কৰি ৰাখিবলৈও কঁঠালৰ গুটি খাব পাৰে।

প্ৰতিৰোধ কৰে ৰক্তহীনতা

কঁঠালৰ গুটি খালে শৰীৰত আইৰণৰ পৰিমাণ বৃদ্ধি হয়। কঁঠালৰ গুটি হৈছে আইৰণৰ এক উৎকৃষ্ট উৎস। আইৰণ সমৃদ্ধ আহাৰে ৰক্তহীনতা আৰু অন্যান্য তেজৰ বিকাৰৰ আশংকা নাইকিয়া কৰে।

চুলি, চকুৰ বাবে উপকাৰী

স্বাস্থ্যৱান চুলি আৰু ভাল দৃষ্টিশক্তি লাভ কৰিবৰ বাবে আপুনি কঁঠালৰ গুটি খাব পাৰে। ইয়াত ভিটামিন এ প্ৰচুৰ পৰিমাণে থাকে, যিয়ে দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰিব পাৰে। ভিটামিন এ য়ে চুলিও শক্তিশালী কৰে।

প্ৰতিৰোধ কৰে বদহজম

গুৰি কৰা কঁঠালৰ গুটি খালে বদহজমৰ পৰা আপুনি তাৎক্ষণিক সকাহ পাব পাৰে।ভাল ৰ'দত গুটিবোৰ শুকুৱাই সেইবোৰ গুৰি কৰি ল’ব। বদহজমৰ সমস্যা হলে আপুনি এই পাউদাৰ খাই খুব সোনকালে আৰোগ্য লাভ কৰিব পাৰে।কোষ্ঠকাঠিন্যৰ বাবেও আপুনি কঁঠালৰ গুটি খাব পাৰে।কিয়নো ই যথেষ্ট আঁহ সমৃদ্ধ।

শক্তিশালী কৰে পেশী

কঁঠালৰ গুটিত বহু পৰিমাণে প্ৰ'টিন থাকে, যিয়ে পেশী নিৰ্মাণত সহায় কৰে।কঁঠালৰ গুটিত থকা প্ৰ'টিনবোৰ কলেষ্টেৰল মুক্ত।

Also Read: উচ্চ ৰক্তচাপ, চৰ্দি-কাহ, পাকস্থলী, হৃদযন্ত্ৰৰ লগতে বহু ৰোগৰ ঔষধ নহৰু

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin