Dailyhunt

শালমইনা আঁতৰাবলৈ আপুনিও ক্ৰীম ঘঁহে নেকি ?

ডিজিটেল ডেস্ক: শালমইনা সকলোৰে বাবে এক বৰ ডাঙৰ সমস্যা। বিশেষকৈ মহিলাসকলৰ বাবে।মহিলাসকলে এই সমস্যাৰ পৰা হাত সাৰিবলৈ বহু উপায় অৱলম্বন কৰে।বহু মহিলাই শালমইনাত ক্ৰীম প্ৰয়োগ কৰি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বিচাৰে।কিন্তু শালমইনাৰ ওপৰত ক্ৰীম লগোৱাৰ ফল অতি ভয়াৱহ।হয়, আপোনাৰো যদি এই অভ্যাস আছে, আজিয়েই ত্যাগ কৰক।কিয়নো শেহতীয়া এক গৱেষণাত প্ৰকাশ পোৱা মতে, শাইমইনা আঁতৰাবলৈ ব্যৱহাৰ কৰা এই ক্ৰীমে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে।

আমেৰিকান গৱেষণাগাৰ ভালিচুৰে ক্লিঙ্ক, ক্লিয়াৰচিলেণ্ড প্ৰ'এক্টিভৰ দৰে বহু নামী-দামী ব্ৰেণ্ডৰ নাম উল্লেখ কৰি এফডিএক এখন আবেদন দাখিল কৰিছে। আৱেদনত উল্লেখ কৰা মতে, এই সামগ্ৰীবোৰত বেঞ্জিন অতি উচ্চ পৰিমাণত পোৱা যায়, যাৰ ফলত কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হয়।এই ক্ৰীমবোৰত বেঞ্জিন পোৱা যায়, যিটো অতি বিপদজনক।

তদুপৰি, শাইমইনা আঁতৰোৱাৰ বাবে বজাৰত উপলব্ধ ক্ৰীম তথা ফেচৱাছসমূহত বেঞ্জোইল পেৰোক্সাইড পোৱা যায়। বিশেষজ্ঞসকলে এইটোও স্পষ্ট কৰে যে, কেৱল এই সামগ্ৰীবোৰত বেঞ্জিন থকাৰ অৰ্থ এইটো নহয় যে ই ছালৰ কৰ্কট ৰোগ সৃষ্টি কৰে, কিন্তু ই কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে। ছাল দীঘলীয়া সময়ৰ বাবে ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে আমাৰ শ্বাস-প্ৰশ্বাসৰ সমস্যা হ'ব পাৰে। আৰম্ভণিতে শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ ফলত ক্ৰমান্বয়ে এপ্লাছিয়া আৰু মেটাপ্লাছিয়াৰ দৰে গুৰুতৰ সমস্যাও হ'ব পাৰে।

শৰীৰৰ ছাল জিলিকাই তুলিবলৈ এইদৰে লওঁক নিজৰ যতন
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin