Dailyhunt

শিশুৰ খাদ্যৰ বিজ্ঞাপন দেখি ভোল নাযাব, বহু খাদ্যই ক্ষতিকাৰক

ডিজিটেল ডেস্ক: আজিকালি বজাৰত বিভিন্ন প্ৰকাৰৰ শিশু খাদ্য পোৱা যায়। এই খাদ্যৰ ব্ৰেণ্ডবোৰে বিজ্ঞাপনৰ জৰিয়তে গ্ৰাহকক এনেকৈ আকৰ্ষিত কৰে যে, সকলোয়ে তেওঁলোকৰ সন্তানৰ বাবে সেইসমূহ উপযুক্ত বুলি ভাবি লৈ খুৱাবলৈ আৰম্ভ কৰে।কিন্তু প্ৰকৃততে বহুদিন ভালে ৰাখিবলৈ এই খাদ্যত যি ব্যৱহাৰ কৰা হয়, সেয়া শিশুৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেয়েহে, আপুনি আপোনাৰ সন্তানৰ সুস্বাস্থ্যৰ কথা ভাবি ঘৰতেই তেওঁলোকৰ বাবে চেৰেলেক তৈয়াৰ কৰিব পাৰে।যিসমূহ আপুনি ৬ মাহতকৈ ডাঙৰ সন্তানক খুবাৱ পাৰে। ঘৰত কিদৰে চেৰেলেক তৈয়াৰ কৰিব পাৰি, আজি জানো আহক-

চেৰেলেক বনাবলৈ দৰকাৰী সামগ্ৰীসমূহ

চাউল - ১ কাপ

মগু দাইল - ২ চামুচ

মচুৰ দাইল - ২ চামুচ

ৰহৰ দাইল - ২ চামুচ

কাঠবাদাম - ৭টা

বুটৰ দাইল - ২ চামুচ

পানী - ২ কাপ

ঘেঁহু - ১ কাপ

প্ৰস্তুত কৰাৰ পদ্ধতি

প্ৰথমে চাউলখিনি পৰিস্কাৰ পানীৰে ভালদৰে ধুই লৈ এখন কাপোৰত থৈ অলপ শুকাবলৈ দিব। একেদৰে গোটেইখিনি দাইল, ঘেঁহু আৰু কাঠবাদাম ধুই সেইখিনিও কাপোৰ এখনত উলিয়াই লৈ অলপ শুকাবলৈ দিব।ইয়াৰ পাছত প্ৰথমে চাউলখিনি কেৰাহীত মুগাবৰণীয়া হোৱাকৈ অলপ ভাজি ল'ব।চাউলখিনি ভজা হ'লে দাইল ঘেঁহু আৰু কাঠবাদামখিনিও একেদৰে ভাজি ল'ব। এই দুইখিনি ঠাণ্ডা হোৱাৰ পাছত মিক্সিত পিছি গুৰি কৰিব।এই গুৰিখিনি ছেকনিৰে ছেকি লৈ কাঁচৰ পাত্ৰত ভৰাই থ'ব।সন্তানক খুওৱাৰ সময়ত পাউডাৰ আৰু পানী এটা পেনত মিহলি কৰি তাত কেইটুকুৰামান মিচিৰি দি কম জুইত ভালদৰে ৰান্ধিব। আপোনাৰ ঘৰতে তৈয়াৰ কৰা স্বাস্থ্যসন্মত চেৰেলেক সাজু।

খাওঁ বুলিলেই সকলো খাদ্য সন্তানক খাবলৈ নিদিব
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin