Dailyhunt
খাওঁ বুলিলেই সকলো খাদ্য সন্তানক খাবলৈ নিদিব

খাওঁ বুলিলেই সকলো খাদ্য সন্তানক খাবলৈ নিদিব

ডিজিটেল ডেস্ক: জীৱনশৈলী সঠিক নোহোৱাৰ বাবে আজিকালি জ্যেষ্ঠসকলৰ সমান্তৰালকৈ শিশুসকলেও লিভাৰ বা যকৃতৰ সমস্যাৰ সৈতে যুঁজিবলগীয়া হৈছে। হয়, জাংক ফুড আৰু চেনী অত্যাধিক পৰিমাণে খোৱাৰ ফলত শিশুসকল এন.এ.এফ.এল.ডি. বুলি জনাজাত অ-সুৰাযুক্ত ফেটী লিভাৰকে ধৰি বিভিন্ন ধৰণৰ লিভাৰৰ ৰোগৰ কৱলত পৰিছে। শেহতীয়া এক অধ্যয়ন অনুসৰি, ১০ জন শিশুৰ ভিতৰত ১ জনেই এতিয়া ফেটী লিভাৰৰ সমস্যাত ভুগিছে।

এই ৰোগৰ কাৰণ

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, শিশুসকল ফেটী লিভাৰৰ সমস্যাত ভুগি থকাৰ আটাইতকৈ ডাঙৰ কাৰণটো হৈছে তেওঁলোকৰ আহাৰ। সৰু ল'ৰা-ছোৱালীয়ে প্ৰায়ে ফুক্টোজসমৃদ্ধ মিঠাই খায়। প্ৰতিদিনে এইসমূহ গ্ৰহণ কৰাৰ ফলত শৰীৰত চৰ্বিৰ পৰিমাণ বৃদ্ধি হয়।

যিহেতু ঔষধৰ সহায়ত ইয়াক দূৰ কৰিব নোৱাৰি, সেয়েহে যদি আপুনি আপোনাৰ সন্তানক ফেটী লিভাৰৰ সমস্যাৰ পৰা আঁতৰাই ৰাখিবলৈ বিচাৰে, তেন্তে তেওঁলোকক খাদ্য খাবলৈ দিওঁতে সতৰ্ক হ’ব।

কেনেদৰে সুৰক্ষিত কৰিব

দীৰ্ঘম্যাদী ফেটী লিভাৰৰ সমস্যাই মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে। যদি লিভাৰে কাম কৰা বন্ধ কৰে, তেন্তে শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ বাহিৰলৈ ওলাই আহিব নোৱাৰে আৰু খাদ্য হজম নহয়। সেয়েহে, লিভাৰ স্বাস্থ্যৱান হোৱাটো অত্যন্ত জৰুৰী। সেয়েহে, অভিভাৱকৰ দ্বায়িত্ব পালন কৰি আপুনি আপোনাৰ সন্তানৰ সুস্বাস্থ্যৰ কথা ভাবি চেনীযুক্ত পানীয় তথা শীতল পানী. খোৱাত বাধা দিব। স্বাস্থ্য বিশেষজ্ঞৰ মতে, যদি আপুনি গোটেই দিনটোত এগিলাচতকৈ অধিক মিঠা পানীয় খায়, ই ডায়েবেটিচ, হৃদৰোগ, মেদবহুলতা আৰু অন্যান্য গুৰুতৰ ৰোগৰ আশংকা বৃদ্ধি কৰে। সেয়েহে, অভিভাৱকসকলে তেওঁলোকৰ সন্তানক বাটাৰমিল্ক, নেমু পানী আৰু নাৰিকলৰ পানী খাবলৈ উৎসাহিত কৰিব লাগে।

এই খাদ্য খাবলৈ নিদিব

পেকেটযুক্ত খাদ্য, কৃত্ৰিম মিঠাই বা যিকোনো চেনী জাতীয় খাদ্যৰ পৰা সন্তানক আঁতৰাই ৰাখিব। এনে খাদ্যসমূহৰ পৰা শৰীৰে কোনো পুষ্টি লাভ নকৰে।

এইসমূহ দিশত মন দিব

এবছৰৰ তলৰ শিশুক কেৱল পানী আৰু গাখীৰ খাবলৈ দিব লাগে। ইয়াৰ লগতে, বাঢ়ি অহা শিশুসকলক যথেষ্ট পৰিমাণে পানী খাবলৈ দিব লাগে, যাতে শৰীৰটো হাইড্ৰেটেড হৈ থাকে। তদুপৰি, যিকোনো পেকেট খাদ্যৰ চেনীৰ স্তৰ আৰু কেলৰিৰ পৰিমাণ পৰীক্ষা কৰিহে সন্তানক খাবলৈ দিব।

Also Read: আইৰণৰ অভাৱ দূৰ কৰিবলৈ সন্তানক খাবলৈ দিয়ক এই ৬ বিধ খাদ্য

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin