Dailyhunt
শৰীৰলৈ আহিব এনে পৰিৱৰ্তন, দেখি আচৰিত হ'ব আপুনি

শৰীৰলৈ আহিব এনে পৰিৱৰ্তন, দেখি আচৰিত হ'ব আপুনি

ডিজিটেল ডেস্ক: এক কথাত ক'বলৈ গ'লে চাহ আমাৰ আৱেগ। চাহ নোখোৱাকৈ আমাৰ সময় পাৰ নহয়। বহুলোকে তেওঁলোকৰ ৰাতিপুৱাটো একাপ চাহৰ সৈতেহে আৰম্ভ কৰে। কিছুমানে আকৌ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিনটোৰ সময়ে সময়ে চাহ খাই শৰীৰলৈ সতেজতা আনে। কিন্তু চাহৰ এই আসক্তিয়ে আপোনাক ৰোগীয়া কৰিব পাৰে। সেয়েহে, আপুনি আপোনাৰ স্বাস্থ্যৰ কথা চিন্তা কৰি চাহ খোৱাটো অতি সোনকালে ত্যাগ কৰা উচিত। যদি আপুনি এমাহৰ বাবেও চাহ খোৱা বন্ধ কৰে, তেন্তে ই আপোনাক বহু ৰোগৰ পৰা সকাহ দিব পাৰে। এমাহ চাহ নাখালে শৰীৰৰ কি পৰিৱৰ্তন হয়, জানো আহক-

ভাল হয় নিশাৰ টোপনি

যদি আপুনি চাহ খোৱা বন্ধ কৰে, তেতিয়া আপোনাৰ নিশাৰ টোপনি ভাল হ'ব।আনহাতে, যদিহে আপোনাৰ অনিদ্ৰাৰ সমস্যা আছে, তেন্তে চাহে আপোনাৰ এই সমস্যা দুগুণে বৃদ্ধি কৰিব পাৰে।

সেয়েহে ভালদৰে টোপনি যাবলৈ আপুনি চাহৰ অভ্যাস বাদ দিবই লাগিব।

হ্ৰাস হয় ওজন

চাহত চেনী দিয়া হয় আৰু চেনীত যথেষ্ট পৰিমাণে কেলৰি থাকে। যিয়ে আপোনাৰ শৰীৰৰ ক্ষতি কৰিব পাৰে। এনে পৰিস্থিতিত, যদি আপুনি চাহ খায়, তেন্তে আপোনাৰ ওজন বৃদ্ধি হ'ব পাৰে। যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, তেন্তে চাহ খোৱাটো বন্ধ কৰক।

নিয়ন্ত্ৰণত থাকে ৰক্তচাপ

চাহত কেফেইন থাকে। অধিক কেফেইন সেৱনে ৰক্তচাপৰ সমস্যা বৃদ্ধি কৰে।সেয়েহে, যদি আপুনি ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব বিচাৰে, তেন্তে চাহ খোৱা বন্ধ কৰক।

বগা হয় দাঁত

চাহে আপোনাৰ দাঁতৰ ৰঙো সলনি কৰে। সেয়েহে যদি আপুনি এমাহৰ বাবেও চাহ সেৱন নকৰে, আপোনাৰ দাঁত বগা হৈ পৰিব।

এই কথা মনত ৰাখিব

যদি আপুনি চাহৰ অভ্যাস ত্যাগ কৰিবলৈ সক্ষম নহয়, তেন্তে আপুনি ইয়াক কম পৰিমাণে গ্ৰহণ কৰা উচিত। ই আপোনাৰ চাহ খোৱাৰ অভ্যাস হ্ৰাস কৰিব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin