Dailyhunt
তোলপাৰ ছ'চিয়েল মেডিয়া, অনুৰাগীয়ে জনালে বিশেষ আহ্বান

তোলপাৰ ছ'চিয়েল মেডিয়া, অনুৰাগীয়ে জনালে বিশেষ আহ্বান

ডিজিটেল ডেস্ক: তৃপ্তি ডিমৰী, বৰ্তমান সময়ৰ খুব চৰ্চিত এটা নাম। এখন বিশেষ ছবিত দুৰ্দান্ত অভিনয় কৰি খুব কম সময়ৰ ভিতৰতে অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰা এইগৰাকী অভিনেত্ৰী সম্প্ৰতি তেওঁৰ ব্যক্তিগত জীৱনৰ বাবে 'লাইমলাইট'ত আছে।হয়, বিগত কেইদিনমানৰ পৰা ব্যৱসায়ী ছেম মাৰ্চেণ্টৰ সৈতে তৃপ্তিক খুব সঘনাই ৰাজহুৱা স্থানত দেখা গৈছে।

অনুৰাগীৰ মতে, ছেম তৃপ্তিৰ প্ৰেমিক। তৃপ্তিয়ে অৱশ্যে বৰ্তমানলৈ এই সম্পৰ্কৰ বিষয়ে ৰাজহুৱাকৈ স্বীকাৰ কৰা নাই যদিও নুই কৰা নাই। সেয়েহে, ছ'চিয়েল মেডিয়াত তেওঁলোকৰ যুটিটোক কেন্দ্ৰ কৰি বিগত কেইমাহমানৰ পৰা খুব চৰ্চা চলি আছে।শেহতীয়াকৈ দুয়োকে এখন বাইকত একেলগে দেখা গৈছে।তেওঁলোকৰ এই ভিডিঅ' ক্ষন্তেকতে ভাইৰেল হৈ পৰাত বহু অনুৰাগীয়ে তৃপ্তিক তেওঁলোকৰ সম্পৰ্কৰ কথা ৰাজহুৱা কৰিবলৈ ছ'চিয়েল মেডিয়াৰযোগে আহ্বান জনাইছে।

খবৰ অনুসৰি, অনুষ্কা শৰ্মাৰ ভাতৃ তথা অভিনেতা কৰ্ণেশ শৰ্মাৰ পৰা পৃথক হোৱাৰ উৰাবাতৰি চৌদিশে বিয়পাৰ পিছত তৃপ্তিয়ে ছেমৰ সৈতে ডেটিং আৰম্ভ কৰে।

উল্লেখ্য যে, ২০১৭ চনত মুক্তিপ্ৰাপ্ত ছবি ‘মম’ৰ জৰিয়তে বলীউডত কেৰিয়াৰ আৰম্ভ কৰা তৃপ্তিয়ে বিগত বৰ্ষত মুক্তি লাভ কৰা ‘এনিমেল’ ছবিখনত অভিনয় কৰি দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল। ‘বুলবুল’, ‘লেইলা মজনু’, ‘প’ষ্টাৰ বয়’, ‘বিকি বিদ্যা কা ৱ’ ৱালা ভিডিঅ’, ‘ভুল ভুলেইয়া ৩’ আদি হৈছি তৃপ্তিয়ে অভিনয় কৰা কেইখনমান চৰ্চিত ছবি। আনহাতে, মুক্তিৰ অপেক্ষাত থকা তৃপ্তিৰ এখন ছবি হৈছে ‘ধড়ক ২’।এই ছবিখনত তৃপ্তিয়ে এক অতি ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিছে। ‘ধড়ক ২’ আগন্তক বৰ্ষৰ প্ৰথমতেই ছবিগৃহলৈ অহাৰ সম্ভাৱনা আছে।

Also Read: ‘নেশ্যনেল ক্ৰাছ’ৰ চৰ্চাত আকৌ তোলপাৰ ছ’চিয়েল মেডিয়া

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin