Dailyhunt
টোপনিয়ে সমস্যাত পেলাইছে নেকি?

টোপনিয়ে সমস্যাত পেলাইছে নেকি?

ডিজিটেল ডেস্কঃ ৰাতি ৭ ৰ পৰা ৯ ঘন্টা শোৱা পিছতো আপুনি টোপনিয়াই থাকে নেকি? ওৰে দিন ভাগৰুৱা বা টোপনি অনুভৱ কৰে নেকি? এনে লক্ষণ সমূহক উপেক্ষা নকৰিব। এই সমস্যা বহু লোকৰ ক্ষেত্ৰত দেখা যায়। কিন্তু আপুনি কেতিয়াবা জানিবলৈ চেষ্টা কৰিছেনে এনে হোৱাৰ প্ৰকৃত কাৰণ!

শৰীৰক শক্তি প্ৰদান কৰা আৰু টোপনি পৰিচালনা কৰাত কেইবাটাও উপাদানে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদি আপুনিও দিনটো টোপনিয়াই থাকে তেন্তে আপোনাৰ শৰীৰটো এই পুষ্টিকৰ উপাদানসমূহৰ অভাৱ হোৱাৰ সম্ভাৱনা আছে।

যিবোৰ ভিটামিনৰ অভাৱে শৰীৰত অত্যাধিক টোপনিৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে সেই ভিটামিনবোৰ হৈছে- ভিটামিন D,ভিটামিন B12,ভিটামিন C,ভিটামিন A

ভিটামিন Dৰ অভাৱ-

যদি আপুনি অতি টোপনি অনুভৱ কৰে তেন্তে আপোনাৰ শৰীৰত ডি ভিটামিনৰ অভাৱ হ'ব পাৰে।

এই ভিটামিনে শৰীৰত হৰম'নৰ দৰে কাম কৰে। বহু গৱেষণাত দেখা গৈছে যে ভিটামিন ডি ৰ অভাৱৰ বাবে মানুহ অত্যন্ত ভাগৰুৱা আৰু এলেহুৱা হৈ যায়।

ভিটামিন B12ৰ অভাৱ-

আমাৰ স্নায়ুতন্ত্ৰ সক্ৰিয় কৰি ৰখাত এই ভিটামিনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। B12ৰ অভাৱৰ বাবে বহুতো স্নায়ুজনিত সমস্যাই দেখা দিব পাৰে। ইয়াৰ অভাৱত শৰীৰত ৰক্তহীনতাও হ'ব পাৰে। যাৰ বাবে ব্যক্তিজনে গোটেই দিনটো ভাগৰুৱা অনুভৱ কৰে আৰু টোপনি অহা অনুভৱ হয়।

এই ভিটামিন কণী, মাংস, গাখীৰ আৰু ইয়াৰ পৰা উৎপাদিত সামগ্ৰী, সেউজীয়া শাক-পাচলি আদিত পোৱা যায়। ইয়াৰ উপৰিও যেনে টফু, সৰিয়হ আদিতো পোৱা যায়। ওটচ,দাইল আদিও ইয়াৰ কিছুমান ভাল উৎস।

ভিটামিন Cৰ অভাৱ-

শৰীৰত ভিটামিন Cৰ অভাৱৰ বাবে বহু সমস্যাৰ সৃষ্টি হয় । ঠাণ্ডা লগা, দুৰ্বলতা আদি সমস্যাৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰে। ভিটামিন চিৰ অভাৱত ডায়েবেটিছ,হৃদ ৰোগ হোৱাৰ আশংকাও যথেষ্ট বৃদ্ধি পায়। সেয়ে এই ভিটামিনৰ অভাৱে শৰীৰত অত্যাধিক টোপনি আনিব পাৰে।

ভিটামিন এ, ভিটামিন বি, আইৰণ, মেগনেছিয়াম, পটাছিয়ামৰ অভাৱো অত্যাধিক টোপনিৰ কাৰণ হ'ব পাৰে। এইবোৰ পূৰণ কৰিবলৈ আপুনি প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু ইলেক্ট্ৰলাইট সেৱন কৰিব লাগে।

কমলা, নেমু, গাজৰ,মাংস,মাছ,কল,টেঙা ফলত প্ৰচুৰ পৰিমাণে উল্লেখিত ভিটামিন সমূহ উপলব্ধ। ইয়াৰ উপৰিও বাদাম আৰু শুকান ফলতো এই উপাদান সমূহ পোৱা যায়। নেমু পানী শৰীৰত থকা ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষাৰ এক উত্তম উপায়।

বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত শিক্ষাৰম্ভ কাৰ্যসূচী
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin