Dailyhunt
ৰাজমহলতকৈ কোনোগুণে কম নহয় 'বিগ বিগ'ৰ জলছা

ৰাজমহলতকৈ কোনোগুণে কম নহয় 'বিগ বিগ'ৰ জলছা

ডিজিটেল ডেস্ক: বলীউডৰ বিগ বি অমিতাভ বচ্চনৰ প্ৰতি আকৃষ্ট সমগ্ৰ বিশ্ব। সকলোয়ে তেওঁৰ বিলাসী জীৱনশৈলীৰ বিষয়ে জানিবলৈ আগ্ৰহ কৰে। বিগ বি মুম্বাইৰ জলছা নামৰ বিলাসী ঘৰটোত থাকে। প্ৰিয় অভিনেতাজনক এবাৰ চাবলৈ প্ৰতিটো সপ্তাহান্তত তেওঁৰ ঘৰৰ বাহিৰত অনুৰাগীয়ে আহি ভিৰ কৰেহি আৰু বিগ বিয়ে বেলকনিৰ পৰা হাত জোকাৰি সকলো অনুৰাগীক অভিবাদন জনায়। বিগ বিৰ ঘৰটো বাহিৰ পৰা সকলোয়ে দেখা পায় যদিও ভিতৰখন চাবলৈ প্ৰতিজন অনুৰাগী উৎসাহিত হৈ থাকে।

তলত অভিনেতাজনৰ বিশাল ঘৰটোৰ ফটো দিয়া হৈছে

প্ৰায় ১০ হাজাৰ বৰ্গফুটত বিস্তৃত হৈ আছে তেওঁৰ দুমহলীয়া ঘৰটো।

ইয়াৰ পূৰ্বে পৰিয়ালৰ সৈতে অভিনেতাজন প্ৰতীক্ষা নামৰ বাংলোত বাস কৰিছিল যদিও পিতৃ-মাতৃৰ মৃত্যুৰ পিছত তেওঁ জলছালৈ স্থানান্তৰিত হয়।

ঘৰৰ বাহিৰত এখন ডাঙৰ বাগিচাত বিগ বিয়ে প্ৰায়ে প্ৰকৃতিৰ সৈতে সময় কটায়।

অমিতাভ বচ্চনৰ ঘৰত এটা খুব সুন্দৰ মন্দিৰ আছে। সূত্ৰ অনুসৰি, সোণ আৰু ৰূপৰ অলংকাৰেৰে এই মূৰ্তিবোৰ সজোৱা হৈছে।

তেওঁৰ চোতালত বুদ্ধৰ প্ৰতিমূৰ্তি আৰু এজোপা সৰু বনছাই উদ্ভিদ আছে।

বিগ বিক প্ৰায়ে ঘৰত পৰিয়ালৰ সৈতে সময় কটোৱা দেখা যায়। ঘৰটোক শোভা বঢ়াই থকা ৰূপৰ মূৰ্তিবোৰে ইয়াৰ মাৰ্জিত সজ্জাটোক আৰু অধিক শুৱনি কৰি ৰাখিছে।

তেওঁৰ ঘৰত থকা আচবাববোৰ খুব আকৰ্ষণীয়। অভিনেতাজনে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ফটোত এই আচবাববোৰ খুব ধুনীয়াকৈ দেখা যায়।

ইণ্টেৰিয়ৰৰ পৰা আৰম্ভ কৰি ঘৰৰ আনুষংগিক সামগ্ৰী, আচবাব তথা লাইটবোৰ সঁচাই ব্যতিক্ৰমী।

বিগ বিৰ গোটেই ঘৰটো পৰিয়ালৰ সদস্যসকলৰ ডাঙৰ ডাঙৰ ফটোৰে সজাই ৰখা হৈছে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin