Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
ৰাতিপুৱা শোৱাৰ পৰা উঠি কৰক এই কাম

ৰাতিপুৱা শোৱাৰ পৰা উঠি কৰক এই কাম

ডিজিটেল ডেস্ক: ৰাতিপুৱা সাৰ পোৱাৰ পিছত বহুসময়ত মগজুত যথেষ্ট উত্তেজনা থাকে। যাৰ বাবে দিনটো ইতিবাচকভাৱে আৰম্ভ কৰাটো একপ্ৰকাৰ কঠিন হৈ পৰে। এইটো সমস্যাৰ সৈতে বহুলোকে সংগ্ৰাম কৰে যদিও কেনেকৈ এই চাপৰ পৰা পৰিত্ৰাণ পাব লাগে, সেয়া বুজি নাপায়। এনে পৰিস্থিতিত, আপুনি কেইটামান কাম কৰি আপোনাৰ দিনটো ইতিবাচকতাৰে আৰম্ভ কৰিব পাৰে। ৰাতিপুৱা উঠি কৰক -

ধ্যান

আপুনি ৰাতিপুৱা ধ্যানৰ জৰিয়তে আপোনাৰ মন শান্ত কৰিব পাৰে। ধ্যান হৈছে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে আপুনি আপোনাৰ মনলৈ অহা চিন্তাবোৰক নিয়ন্ত্ৰণ কৰিব পাৰে। এই সময়ত, দৈনিক মনোযোগেৰে ধ্যান কৰাৰ দ্বাৰা আপুনি গোটেই দিনটোলৈ নিজকে শান্ত কৰি ৰাখিব পাৰে।

কেফেইনৰ পৰা দূৰত থাকিব

যদি আপোনাৰো ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে উদ্বিগ্নতা থাকে, তেনেহ'লে ৰাতিপুৱা কেফেইনৰ পৰা আঁতৰি থাকিব। কেফেইনে উদ্বেগৰ অনুভূতি বৃদ্ধি কৰে। অৱশ্যে, আপুনি আপোনাৰ দিনটো ভেষজ চাহ বা ডেকাফিনেটেড কফিৰে আৰম্ভ কৰিব পাৰে।

দীঘলকৈ উশাহ ল'ব

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে দীঘলীয়া উশাহ লওঁক। উশাহটো লাহে লাহে ওপৰলৈ টানি নিয়ক আৰু তাৰ পিছত কিছু ছেকেণ্ডৰ বাবে উশাহটো ধৰি ৰাখক। তাৰ পিছত লাহে লাহে মুখৰ মাজেৰে উশাহ এৰি দিয়ক। এই ব্যায়ামৰ জৰিয়তে আপোনাৰ শৰীৰ আৰু মন শিথিল হ'ব আৰু উদ্বেগ আঁতৰ হ'ব।

হাইড্ৰেটেড হৈ থাকক

যথেষ্ট পৰিমাণে পানী খাব আৰু সন্তুলিত আহাৰ খাব। ই আপোনাৰ মনোভাৱ আৰু শক্তিত ইতিবাচক পৰিৱৰ্তন আনিব। ৰাতিপুৱা নিজকে হাইড্ৰেটেড কৰি ৰাখিবলৈ পানী, প্ৰ'টিন, সম্পূৰ্ণ শস্য আৰু ফল খাব। গোটেই দিনটো কম পৰিমাণে চেনী খাবলৈ চেষ্টা কৰিব, অন্যথা তেজত শৰ্কৰাৰ স্তৰ বৃদ্ধি হ'ব আৰু উদ্বেগ বৃদ্ধি হ'ব পাৰে।

কথা পাতিব

ৰাতিপুৱা সাৰ পোৱাৰ পিছত পৰিয়ালৰ সদস্যৰ সৈতে কথা পাতিব। কাৰোবাৰ সৈতে কথা পাতিলে আপোনাৰ মন-মগজুলৈ অহা অনুভূতিবোৰ শান্ত হ'ব, যি আপোনাৰ মনক শিথিল কৰিব।

গান শুনিব

আপোনাৰ প্ৰিয় সংগীত শুনিব। এইটোৱে আপোনাক নিজৰ ওপৰত ইতিবাচক অনুভৱ কৰাব। কেইমিনিটমানৰ সংগীতে আপোনাৰ দুখী মনটো সুখেৰে ভৰাই তুলিব। কিয়নো যেতিয়া আপুনি সংগীত শুনিব, আপোনাৰ মনলৈ ইতিবাচক চিন্তা আহে আৰু মন শান্ত থাকে।

Also Read: ঘৰত সুখ-শান্তি বৰ্তি থাকিবলৈ কৰক এই কাম

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin