Dailyhunt
ৰাতিপুৱা উঠিয়েই সেৱন কৰক এই পানীয়

ৰাতিপুৱা উঠিয়েই সেৱন কৰক এই পানীয়

ডিজিটেল ডেস্কঃ আজিকালি অনিয়মিত জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে আমাৰ শৰীৰত বহু ৰোগে দেখা দিছে। ইয়াৰ ভিতৰত অন্যতম হৈছে ইউৰিক এচিড। এই এচিড শৰীৰত অতিৰিক্তভাৱে উৎপন্ন হ'লে বা সময়ত নিৰ্গত নহ'লে গাঁঠিৰ বিষ, গাঁঠি ফুলাৰ দৰে সমস্যাৰ সৃষ্টি হয়। কিন্তু, অতি সহজতে এই স্বাস্থ্য সমস্যাৰ পৰা পৰিত্ৰাণো পাব পাৰি। হয়, যদি আপুনি প্ৰতিদিনে ৰাতিপুৱা খালী পেটত কিছুমান ঘৰুৱা আৰু প্ৰাকৃতিক বস্তু সেৱন কৰে, তেন্তে শৰীৰত জমা হোৱা সকলো ইউৰিক এচিড প্ৰস্ৰাৱৰ জৰিয়তে লাহে লাহে বাহিৰ ওলাব। ইউৰিক এচিডৰ ঔষধৰ কাম কৰা এই পানীয় তিনি পানীয় হৈছে-

নেমুৰ ৰস

নেমুত ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰটোক বিষমুক্ত কৰে। ই শৰীৰত ক্ষাৰকীয় পৰিৱেশ সৃষ্টি কৰে, যাৰ ফলত ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস পায়।

কেনেকৈ খাব

প্ৰতিদিনে পুৱা এগিলাচ কুহুমীয়া পানীত আধা নেমু চেপি খালী পেটত সেৱন কৰিব। ইচ্ছা কৰিলে তাত অলপ মৌও দিব পাৰে।

আজৱাইনৰ পানী

আজৱাইনত থাইমল নামৰ এবিধ মৌল থাকে, যিয়ে পাচন শক্তি উন্নত কৰে আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰে। ই প্ৰস্ৰাৱৰ জৰিয়তে ইউৰিক এচিড নিৰ্মূল কৰাত সহায় কৰে।

কেনেকৈ খাব

ৰাতি ১ গিলাচ পানীত ১ চামুচ আজৱাইন তিয়াই থ'ব। সেই পানী ৰাতিপুৱা ফিল্টাৰ কৰি খালী পেটত পান কৰিব। ২ সপ্তাহ ধৰি একেৰাহে খালে নিজেই পাৰ্থক্য অনুভৱ কৰিব পাৰিব।

এপল চাইডাৰ ভিনেগাৰ

এপেল চাইডাৰ ভিনেগাৰে শৰীৰটোৰ ভিতৰৰ পৰা পৰিস্কাৰ কৰে। ই pH স্তৰৰ ভাৰসাম্য ৰক্ষা কৰে, যাৰ ফলত ইউৰিক এচিড দ্ৰৱীভূত হয় আৰু প্ৰস্ৰাৱৰ জৰিয়তে নিৰ্গত হয়।

কেনেকৈ খাব

১ গিলাচ কুহুমীয়া পানীত ১ চামুচ এপেল চাইডাৰ ভিনেগাৰ মিহলাই ৰাতিপুৱা খালী পেটত সেৱন কৰিব। সোৱাদৰ বাবে আপুনি ইয়াত অলপ মৌ মিহলাবও পাৰে।

এইসমূহ দিশতো মন দিব

১)গোটেই দিনটো প্ৰচুৰ পৰিমাণে পানী খাব লাগে যাতে ইউৰিক এচিড প্ৰস্ৰাৱৰ জৰিয়তে সহজে বাহিৰ হ’ব পাৰে।

২) ৰঙা মাংস, সাগৰীয় খাদ্য, টেঙা খাদ্য আদি উচ্চ পিউৰিনযুক্ত খাদ্য পৰিহাৰ কৰিব।

৩) সেউজীয়া শাক-পাচলি আৰু আঁহযুক্ত খাদ্য খাব।

৪) দৈনিক লঘু ব্যায়াম বা যোগাসন কৰিব।

কেতিয়া যাব চিকিৎসকৰ ওচৰলৈ ?

যদি গাঁঠিত তীব্ৰ বিষ হয়, বেছিকৈ ফুলিছে বা ইউৰিক এচিড বেছিকৈ বৃদ্ধি পাইছে, তেন্তে পলম নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ ল'ব। লক্ষণসমূহ গুৰুতৰ নহ’লে ঘৰুৱা উপায়েই অৱলম্বন কৰিব।

Also Read: শৰীৰৰ ভাগৰ বৃদ্ধি কৰে এইসমূহ খাদ্যয়ে

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin