Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
ৰণবীৰ সিঙৰ নতুন অৱতাৰে কঁপাইছে বলীউড

ৰণবীৰ সিঙৰ নতুন অৱতাৰে কঁপাইছে বলীউড

ডিজিটেল ডেস্ক: মুক্তিৰ পূৰ্বেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বলীউডৰ বহুল অপেক্ষিত ছবি 'ধুৰন্ধৰ ২'। ছুপাৰহিট ছবি 'ধুৰন্ধৰ'ৰ এই ছিকুৱেলখনতো মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙে। এক্সন, প্ৰতিশোধ আৰু শক্তিশালী কাহিনীৰ এই ছবিখনে ইতিমধ্যে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে, 'ধুৰন্ধৰ ২' ছবিখনে ছবিগৃহত মুক্তি পোৱাৰ আগতেই ডিজিটেল, ছেটেলাইট আৰু সংগীত অধিকাৰৰ জৰিয়তে বৃহৎ পৰিমাণৰ ব্যৱসায় কৰিছে। ছবিখন মুক্তিৰ আগতেই লাভৰ মুখ দেখাটো এক উল্লেখনীয় দিশ হিচাপে বিবেচিত হৈছে।

ইতিমধ্যে মুক্তি পোৱা 'ধুৰন্ধৰ ২'ৰ টিজাৰ আৰু 'ফাৰ্ষ্ট লুক'য়ে সামাজিক মাধ্যমত তীব্ৰ চৰ্চা লাভ কৰিছে।

ৰণবীৰ সিঙৰ এক্সনভৰা ৰূপ, গম্ভীৰ সংলাপ আৰু ব্যতিক্ৰমী ৰীপে দৰ্শকক বিশেষভাৱে আকৰ্ষিত কৰিছে। টিজাৰত ছবিখনৰ কাহিনী প্ৰতিশোধমূলক থ্ৰিলাৰ হ’ব বুলি স্পষ্ট ইংগিত পোৱা গৈছে।

আনহাতে, ছবিখনৰ শ্বুটিংৰ সময়ত কিছু আইনী জটিলতাও বিষয়টোয়েও বিশেষ চৰ্চা লাভ কৰিছে। এই ছবিখনত কিছুমান চৰিত্ৰত বিশেষ কেমিঅ’ দেখা যাব, যিয়ে ছবিখনৰ প্ৰতি দৰ্শকৰ আগ্ৰহ দুগুণে বৃদ্ধি কৰিছে।

'ধুৰন্ধৰ'ৰ সৈতে একেলগে কৰা হৈছিল 'ধুৰন্ধৰ ২'ৰ দৃশ্যগ্ৰহণ

হয়, মাত্ৰ দুমাহৰ আগতে পৰিচালক আদিত্য ধৰৰ ধুৰন্ধৰ ছবিখনে বক্স অফিচত ইটোৰ পিছত সিটো ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল। মুকলিৰ দিনটোত ২৮ কোটি টকা উপাৰ্জনৰে ঘৰুৱাভাৱে ৮৩৭ কোটি আৰু বিশ্বজুৰি ১৩০৩ কোটি টকাৰ ব্যৱসায় কৰিছিল এই ছবিখনে। এই ছবিখনৰে ছিকুৱেল ১৯ মাৰ্চত ছবিগৃহলৈ আহিব। 'ধুৰন্ধৰ' আৰু 'ধুৰন্ধৰ২'ৰ বাজেট আছিল ৩০০-৩৫০ কোটি। দুয়োখন ছবিৰ শ্বুটিং প্ৰায় একেলগেই কৰা হৈছিল। প্ৰথমটোৰ ষ্ট্ৰীমিং ৰাইট নেটফ্লিক্সক বিক্ৰী কৰা হৈছিল যদিও জিঅ’ হটষ্টাৰ ষ্ট্ৰীমিং প্লেটফৰ্ম থকা জিঅ’ ষ্টুডিঅ’ প্ৰযোজক আছিল।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin