
দালাই লামাক লৈ পুনৰ সংঘাতত লিপ্ত হৈছে ভাৰত আৰু চীন। বৌদ্ধ ধৰ্মগুৰুগৰাকীৰ উত্তৰাধিকাৰী নিৰ্বাচনক লৈ নতুন দিল্লীক সকীয়নি প্ৰদান কৰিছে বেইজিঙে। চীনে স্পষ্টভাৱে জনাই দিছে যে দালাই লামাৰ উত্তৰাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত কোনো বাহিৰা হস্তক্ষেপ তেওঁলোকে মানি নলয়। কাৰণ এইটো সম্পূৰ্ণৰূপে চীনৰ নিজা আভ্যন্তৰীণ বিষয়। এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত লোৱাৰ অধিকাৰ কেৱল চীন চৰকাৰৰহে আছে।
দেওবাৰে ভাৰতত থকা চীনৰ দূতাবাসৰ মুখপাত্ৰ ইউ জিঙে ছ’চিয়েল মিডিয়াত কয় যে দালাই লামাৰ উত্তৰাধিকাৰী নিৰ্বাচন কৰাটো বহু শতিকা পুৰণি এক ধৰ্মীয় ৰীতি আৰু ই ঐতিহাসিক প্ৰথা অনুসৰি সম্পন্ন হয়। সমগ্ৰ প্ৰক্ৰিয়াটো চীন চৰকাৰৰ অনুমোদনৰ ভিত্তিতহে কৰা হয়।
তেওঁ দাবী কৰে যে বৰ্তমানৰ ১৪শ দালাই লামাকো একেই প্ৰক্ৰিয়াৰ মাজেৰে স্বীকৃতি দিয়া হৈছিল। তেওঁ লগতে কয় যে চেণ্ট্ৰেল টিবেটান এডমিনিষ্ট্ৰেচনৰ কোনো আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি নাই। সেয়েহে তিব্বতৰ জনসাধাৰণক প্ৰতিনিধিত্ব কৰাৰ কোনো বৈধ অধিকাৰ তেওঁলোকৰ নাই। ফলত দালাই লামাৰ উত্তৰাধিকাৰী নিৰ্বাচনক লৈ তেওঁলোকে কোনো মন্তব্য কৰিব নোৱাৰে। উল্লেখযোগ্য যে অহা ২৭ মে’ তাৰিখে ধৰ্মশালাত চেণ্ট্ৰেল টিবেটান এডমিনিষ্ট্ৰেচনৰ মুৰব্বী পেনপা চেৰিঙে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিব। সেই অনুষ্ঠানত বৰ্তমানৰ দালাই লামা উপস্থিত থকাৰ কথা আছে। তাৰ ঠিক আগতে চীনৰ বিষয়াই এনে মন্তব্য কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিশ্লেষকসকলে বিবেচনা কৰিছে। চীনৰ দূতাবাসৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত এই কথাও কোৱা হৈছে যে তেওঁলোকে আশা কৰে ভাৰতে নিজৰ প্ৰতিশ্ৰুতিসমূহ ৰক্ষা কৰিব। তিব্বতৰ স্বাধীনতাৰ সপক্ষে প্ৰচাৰ চলোৱা কোনো কাৰ্যকলাপক ভাৰতে প্ৰশ্ৰয় নিদিব আৰু দালাই লামাৰ উত্তৰাধিকাৰী নিৰ্বাচনতো হস্তক্ষেপ নকৰিব।
১৯৫৯ চনত চীনৰ আক্ৰমণকাৰী সেনাৰ হাতৰ পৰা হাত সাৰিবলৈ বৰ্তমানৰ দালাই লামাই তিব্বতৰ পৰা পলাই আহি অনুগামীসকলৰ সৈতে ভাৰতত আশ্ৰয় লৈছিল। তেতিয়াৰ পৰাই বেইজিঙে তেওঁক এজন বিচ্ছিন্নতাবাদী নেতা বুলি গণ্য কৰি আহিছে। দালাই লামাই বহুবাৰ ভাৰতৰ সহায় লৈ চীনৰ কবলৰ পৰা তিব্বতক স্বাধীন কৰাৰ চেষ্টা চলাইছে। জৱাহৰলাল নেহৰুৰ দিনৰ পৰাই দালাই লামাক লৈ ভাৰত আৰু চীনৰ মাজত কূটনৈতিক সংঘাত চলি আহিছে। এই সংঘাতৰ মাত্ৰা যে আজিলৈকে অলপো কমা নাই সেয়া বাৰে বাৰে প্ৰমাণিত হৈছে। দালাই লামাই সদায় ভাৰতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি আহিছে। অৱশ্যে মৃত্যুৰ আগতে এবাৰ নিজৰ মাতৃভূমি তিব্বতলৈ ঘূৰি যোৱাৰ ইচ্ছাও তেওঁ প্ৰকাশ কৰিছে।
The post দালাই লামাৰ উত্তৰাধিকাৰী নিৰ্বাচনত হস্তক্ষেপ নকৰিব! ভাৰতক সকীয়নি চীনৰ appeared first on NORTHEAST NOW (Assamese).
