Dailyhunt
আদালতত এই প্ৰশ্নৰ উত্তৰ দিব লাগিব ছলমান খানে

আদালতত এই প্ৰশ্নৰ উত্তৰ দিব লাগিব ছলমান খানে

ডিজিটেল ডেস্ক: পুনৰ আইনী বিপদত পৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতা ছলমান খান। এক অভিযোগৰ ভিত্তিত ৰাজস্থানৰ কোটাৰ উপভোক্তা আদালতে অভিনেতাজনৰ বিৰুদ্ধে এক জাননী জাৰি কৰিছে। ছলমানৰ বিৰুদ্ধে এই অভিযোগ দাখিল কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা ৰাজস্থান উচ্চ ন্যায়ালয়ৰ অধিবক্তা ইন্দৰ মোহন সিং হানীয়ে। তেওঁৰ অভিযোগ, ছলমান খানে যি ৰাজশ্ৰী পান মছলা নামৰ ব্ৰেণ্ডটোৰ বিজ্ঞাপন কৰিছে, সেয়া সম্পূৰ্ণভাবে ভ্ৰান্তিকৰ। এই বিজ্ঞাপনে জনগণক বিভ্ৰান্ত কৰিছে।

৫ টকীয়া পেকেটত ৪ লাখ টকাৰ কেশৰ

অভিযোগ অনুসৰি, ৰাজশ্ৰী পান মছলা নিৰ্মাণ কৰা কোম্পানীটো আৰু ইয়াৰ ব্ৰেণ্ড এম্বেছাদৰ অভিনেতা ছলমান খানে বিভ্ৰান্তিকৰভাৱে কেশৰযুক্ত ইলাচি আৰু কেশৰযুক্ত পান মছলা বুলি অভিহিত কৰি বিজ্ঞাপন দিছে।

মোহন সিং হানীয়ে এই দাবীসমূহৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে, যি কেশৰৰ প্ৰতি কিলোগ্ৰামৰ মূল্য ৪ লাখ টকা, সেই কেশৰ যুক্তিসংগতভাৱে ৫ টকীয়া পান মছলাৰ উপাদান হ’ব নোৱাৰে।

কেঞ্চাৰৰ অন্যতম কাৰণ এই পান মছলা

ইন্দৰ মোহন সিং হানীয়ে লগতে উল্লেখ কৰে যে, ছলমান খান অগণন লোকৰ আদৰ্শ। তেওঁ এইধৰণৰ বিজ্ঞাপনৰ অংশ হোৱাটোয়ে যুৱ প্ৰজন্মক পান মছলা খোৱাৰ দিশে উৎসাহিত কৰে। বিদেশত চলচ্চিত্ৰ তাৰকাসকলে স্বাস্থ্যৰ পক্ষে হানিকাৰক খাদ্যৰ বিজ্ঞাপন নকৰে, কিন্তু আমাৰ দেশত নামী অভিনেতাসকলে এনে বিজ্ঞাপনৰ অংশ হয়, যি এক অতি দুৰ্ভাগ্যজনক কথা। পান মছলা খোৱাটো মুখৰ কেঞ্চাৰৰ এক প্ৰধান কাৰণ বুলি চিকিৎসা বিজ্ঞানত স্পষ্টকৈ প্ৰমাণ হৈছে। সেয়ে এনে পণ্যৰ বিজ্ঞাপন কৰা মানে জনস্বাস্থ্যৰ প্ৰতি গুৰুতৰ বিপদ সৃষ্টি কৰা।

আদালতৰ জাননী আৰু আগন্তুক শুনানি

কোটাৰ উপভোক্তা আদালতে এই অভিযোগৰ প্ৰেক্ষাপতত ছলমান খান আৰু ৰাজশ্ৰী পান মছলা কোম্পানীক জাননী জাৰি কৰিছে আৰু তেওঁলোকৰ পৰা লিখিত উত্তৰ বিচাৰিছে। আদালতে আগন্তুক শুনানিৰ তাৰিখ ২৭ নৱেম্বৰ ধাৰ্য্য কৰিছে। তেতিয়ালৈকে আদালতে উভয় পক্ষৰ উত্তৰৰ অপেক্ষাত আছে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin