Dailyhunt
আধুনিক খাদ্যাভ্যাস বনাম প্ৰাকৃতিক বনৌষধ : উপকাৰী কোনটো ?

আধুনিক খাদ্যাভ্যাস বনাম প্ৰাকৃতিক বনৌষধ : উপকাৰী কোনটো ?

খণ্ড-১

ডিজিটেল ডেস্ক: দিন-কাল সলনি হ'ল। সময়ৰ লগত সলনি হ'ল মানুহৰ জীৱনশৈলী। আজিকালি অধিকাংশ লোকেই সময়ৰ অভাৱৰ অজুহাত লৈ সলনি কৰিলে খাদ্যৰুচি। অত্যধিক বাহিৰৰ খাদ্য, সহজতে ৰান্ধিবলৈ পেকেটত উপলব্ধ খাদ্য বেছিকৈ খোৱাটো এতিয়া বহুতৰে অভ্যাস। যাৰ ফলত মানুহ আদবয়সতে ৰোগীয়া হৈ বছৰটোৰ সৰহকেইটা দিন চিকিৎসালয়ত কটাবলগীয়া হয়।

অধিকাংশ লোকৰ পছন্দ হৈ পৰা আজিৰ এই জীৱনশৈলী বহু গুৰুতৰ ৰোগৰ কাৰণ।আগৰ দিনত ঘৰবোৰৰ চৌপাশ, ওচৰৰ বাৰী-হাবিত বহু জৈৱিক ফল-মূল, শাক-পাচলি, লতা তথা বিভিন্ন উদ্ভিদ পোৱা গৈছিল। ঔষধি গুণ সম্পন্ন এইসমূহ খাই সকলোৰে স্বাস্থ্য টনকিয়াল হৈ আছিল। সময়ৰ লগে লগে এই ঔষধি গুণসম্পন্ন গছ-লতা, ফল-পাচলিবোৰ নাইকিয়া হ'বলৈ ধৰিলে।

কিছুসংখ্যক আছে যদিও আজিৰ প্ৰজন্মই চিনি নোপোৱাৰ বাবে এইসমূহৰ উপকাৰিতা লাভ কৰাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। স্বাস্থ্যৰ পক্ষে অতি উপকাৰী তথা পৰম্পৰাগত চিকিৎসা পদ্ধতিত ব্যৱহাৰ হোৱা এনে কিছুমান ঔষধি গুণসম্পন্ন উদ্ভিদ হৈছে-

তিতা ভেকুৰী

পথৰ কাষত, হাবি-বননিত প্ৰায়ে গজে তিতা ভেকুৰীৰ গছ। এই কাইঁটীয়া গছজোপাত সৰু সৰুকৈ তিতা ভেকুৰী লাগে, যাৰ সোৱাদ অত্যন্ত তিতা। তিতা ভেকুৰী কেঁচাই, ভাজি অথবা সিজাই খাব পাৰি। ইয়াৰ কৰ্কট ৰোগ প্ৰতিৰোধী ক্ষমতা আছে। তিতা ভেকুৰীয়ে মূত্ৰাশয়ৰ ৰোগৰ সমস্যা, কোষ্ঠকাঠিন্যতা আৰু মুখৰ দুগন্ধ দূৰ কৰে। ডায়েবেটিছ ৰোগীৰ বাবেও তিতা ভেকুৰি অতি উপকাৰী।

টিকনি বৰুৱা

টিকনি বৰুৱাৰ পাত, শিপা আৰু কাণ্ড সকলো ঔষধি গুণ সম্পন্ন। টিকনি বৰুৱাৰ পাত আৰু শিপাৰ ৰসে শৰীৰৰ প্রদাহ কমোৱাত সহায় কৰে। আঁঠুৰ বিষ বা গাঁঠিৰ প্রদাহৰ চিকিৎসাত টিকনি বৰুৱাৰ পাত পিছি লৈ বাহ্যিকভাৱে প্ৰয়োগ কৰা হয়। এন্টি-মাইক্ৰ’বিয়েল গুণৰ বাবে কটা-ছিঙা বা ছালৰ সংক্ৰমণৰ চিকিৎসাত ইয়াৰ পাতৰ ৰস ব্যৱহাৰ কৰা হয়। ইয়াৰ আন আন উপকাৰিতাবোৰ হৈছে-

১) টিকনি বৰুৱাৰ তিতা সোৱাদে হজম শক্তি বৃদ্ধি কৰে। ইয়াৰ পাতৰ কাঢ়া পেটৰ গেছ, এচিডিটি নিৰ্মূল কৰাত যথেষ্ট সহায়ক।

২) টিকনি বৰুৱাৰ শিপা জ্বৰ আৰু ঠাণ্ডাৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। ইয়াৰ পাতৰ কাঢ়াই কাহ আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ পৰা উপশম দিয়ে।

পাতৰ উপকাৰিতা

১) টিকনি বৰুৱাৰ পাত পিছি ব্যৱহাৰ কৰিলে ছালৰ সংক্ৰমণ, ফোঁহা বা গাঁঠিৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি। কিন্তু অত্যাধিক প্ৰয়োগে ছালত জ্বলন সৃষ্টি কৰিব পাৰে।

২) টিকনি বৰুৱাৰ ১০-১৫টা পাত ২০০ মিলিলিটাৰ পানীত উতলাই ৫০ মিলিলিটাৰ কাঢ়া তৈয়াৰ কৰি দিনে ১-২ বাৰ সেৱন কৰিলে হজমৰ সমস্যা, জ্বৰ, বা শ্বাস-প্ৰশ্বাসৰ সমস্যা দূৰ হয়।

তদুপৰি, টিকনি বৰুৱাৰ শিপাৰ ৰসো জ্বৰ, প্রদাহ, বা পেটৰ সমস্যাৰ বাবে উপকাৰী।

কেঞাবন

অদৰকাৰী বন বুলি ভাবি লোৱা কেঞাবনৰ আছে আশ্বৰ্যজনক স্বাস্থ্য উপকাৰিতা। কেঞাবনে ছালৰ ৰোগ আৰু ডায়েৰীয়া নিৰাময় কৰাৰ লগতে হজমশক্তি বৃদ্ধি কৰে। আনহাতে, কেঞাবনৰ শিপাৰে দাঁত মাজিলে দাঁত শক্তিশালী হয়। কেঞাবনৰ পাতৰ পৰা তৈয়াৰ কৰা বনৌষধিয়ে চুলিৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে, লগতে চুলিৰ ফলিকলবোৰক পুষ্টি যোগায়।

যম লাখুটি

যম লাখুটিৰ মাটিৰ তলত থকা শিপাৰ উপৰি ভাগত আদা, হালধিৰ দৰে টুকুৰাৰ উৎপত্তি হয়। যম লাখুটিৰ এণ্টি-চেপটিক আৰু এণ্টি বায়টিক গুণ আছে। আয়ুবেৰ্দ শাস্ত্ৰত যম লাখুটিৰ বিভিন্ন অংশ বনৌষধ হিচাপে ব্যৱহৃত হয়। ইয়াৰ আন আন স্বাস্থ উপকাৰিতাবোৰ হৈছে-

১) ডায়েবেটিছৰ সমস্যাত যম লাখুটিৰ ৰস অতি উপকাৰী। ই ইনচুলিনৰ কাম কৰে ।

২) প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা বা কমকৈ প্ৰস্ৰাৱ হোৱাৰ বাবে পেট বিষ হোৱা , প্ৰস্ৰাৱ ৰঙচুৱা হ'লে বা জণ্ডিচ হ'লে যম লাখুটিৰ আলু সৰু সৰুকৈ টুকুৰা কৰি নিয়মিয়াকৈ খালে উপকৃত হয়। আনহাতে, কিডনীৰ সমস্যাত যম লাখুটিয়ে ঔষধৰ কাম কৰে।

৩) কৃমিৰ সমস্যা, বাত বিষ, পেটৰ চৰ্বি কম কৰাত যম লাখুটি অতি সহায়ক।

৪) কোষ্ঠকাঠিন্যতা, ডায়েৰিয়া, দাঁতৰ ৰোগতো যম লাখুটি উপকাৰী ।

৫) জ্বৰ-কাহ, এজমা, মূৰৰ বিষ, বমি ভাৱ আদি নিৰাময়তো ই সুফল দায়ক ।

৬) চৰ্ম ৰোগ, শৰীৰত হোৱা ঘাঁ -ফোহা, আঘাত পাই ফুলি উঠা বা ঘাঁ লাগি পুজ-পানী ওলোৱা পুৰণি ঘাঁ আদিতো যম লাখুটি অতি উপকাৰী।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin