Dailyhunt
হয়, দীৰ্ঘজীৱন নিৰ্ধাৰণ কৰে শৰীৰৰ ওজনে

হয়, দীৰ্ঘজীৱন নিৰ্ধাৰণ কৰে শৰীৰৰ ওজনে

ডিজিটেল ডেস্ক: দীঘলীয়া জীৱন সকলোৰে কাম্য। দীৰ্ঘজীৱন লাভৰ বাবে দৈনন্দিন ব্যায়াম, ভাল আহাৰ, স্বাস্থ্যকৰ জীৱনশৈলীৰ দৰে অভ্যাস থকাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। শেহতীয়া এক অধ্যয়নত প্ৰকাশ পাইছে যে যদি মহিলাসকলে এক নিৰ্দিষ্ট বয়সৰ পিছত তেওঁলোকৰ ওজন নিয়ন্ত্ৰণ কৰে, তেন্তে তেওঁলোকৰ জীৱন দীঘলীয়া হ'ব পাৰে।হয়, জেৰণ্টোলজী চিকিৎসা বিজ্ঞান আলোচনীত প্ৰকাশিত এক অধ্যয়ন অনুসৰি, যদি মহিলাসকলে ৬০ বছৰ বয়সৰ পিছত তেওঁলোকৰ ওজন হ্ৰাস নিয়ন্ত্ৰণ কৰিব পাৰে, তেনেহ'লে তেওঁলোকৰ জীৱন দীঘলীয়া হ'ব পাৰে।

বৃদ্ধ বয়সত কম ওজন হৈছে ৰোগৰ লক্ষণ

গৱেষকসকলৰ মতে, অধ্যয়নটোৱে প্ৰমাণ কৰিলে যে যিসকলৰ ওজনৰ কোনো পৰিৱৰ্তন হোৱা নাই তেওঁলোকৰ ৯০ আৰু ১০০বছৰ জীয়াই থকাৰ আশংকা দুগুণ বৃদ্ধি হয়।

আনহাতে, যিসকল মহিলাই তেওঁলোকৰ শৰীৰৰ ওজন পাঁচ শতাংশ বা অধিক হ্ৰাস কৰে, তেওঁলোকৰ দীঘলীয়া জীৱন যাপন কৰাৰ সম্ভাৱনা কম হৈ পৰে।

এই অধ্যয়নটোত মুঠ ৫৪ হাজাৰ মহিলাক অন্তৰ্ভুক্ত কৰা হৈছিল। দীৰ্ঘম্যাদী ৰোগত আক্ৰান্ত মহিলাসকলৰ ওপৰতো এই অধ্যয়ন কৰা হৈছিল। অধ্যয়নটোত দেখা গৈছে যে ৫৬ শতাংশ মহিলাৰ ৯০ বছৰ বা অধিক বয়সলৈকে জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি হয়। কিন্তু তিনি বছৰীয়া অধ্যয়নৰ সময়ছোৱাত দেখা গৈছে যে ওজন হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব নিদিয়া মহিলাৰ দীঘলীয়া জীৱন লাভ কৰাৰ সম্ভাৱনা কম হৈ পৰে।

গৱেষকসকলৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশৰ মহিলাসকলৰ ক্ষেত্ৰত ওজন বৃদ্ধি একেবাৰে স্বাভাৱিক হয়। ইয়াত মহিলা বা পুৰুষৰ বি.এম.আই. ১৮.৫ৰ পৰা ২৪.৯ হয়, কিন্তু গড় হিচাপত, ৬৫ ৰ পৰা ৭৪ বছৰ বয়সৰ মহিলাৰ বি.এম.আই. ২৮.২ হয়।

Also Read: নোখোৱাকৈ নহয়, খায় কমাওক শৰীৰৰ ওজন

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin