Dailyhunt
আজৱ মন্দিৰৰ অদ্ভুত পৰম্পৰা !

আজৱ মন্দিৰৰ অদ্ভুত পৰম্পৰা !

ডিজিটেল ডেস্ক: এটা আজৱ মন্দিৰ। যিটো মন্দিৰত ভগৱানক প্ৰসাদ, ফল-মূল বা মিঠাই আগবঢ়োৱা নহয়, এই মন্দিৰত ভক্তই ভগৱানক আগবঢ়াই জোতা-ছেণ্ডেল। এই মন্দিৰটো ভাৰততে আছে। জিজাবাই মাতা মন্দিৰ হিচাপে বিখ্যাত এই মন্দিৰটো মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত অৱস্থিত।

অনন্য পূজা পৰম্পৰা

এই মন্দিৰত শিশুৰ ৰূপত চিত্ৰিত কৰা দেৱী সিদ্ধিদাত্ৰীক পূজা কৰা হয়। মন্দিৰলৈ অহা ভক্তসকলে দেৱীক জোতা, কাপোৰ, চশমা, ছাতি, সুগন্ধি, কম্বল, ঘড়ী আৰু প্ৰসাধন সামগ্ৰী আগবঢ়ায়। এগৰাকী কন্যাক প্ৰয়োজনীয় প্ৰায় সকলো সামগ্ৰী ভক্তই এই মন্দিৰত আগবঢ়ায়।

মন্দিৰৰ তাৎপৰ্য্য

প্ৰায় ২৫ বছৰ পূৰ্বে প্ৰতিষ্ঠা হোৱা এই মন্দিৰটো কোলাৰ পাহাৰত অৱস্থিত। ভক্তসকলে মন্দিৰলৈ যাবলৈ ১২৫ খোজ কাঢ়িব লাগিব।

জিজাবাই মাতা মন্দিৰত নৱৰাত্ৰি আৰু অন্যান্য ধৰ্মীয় উৎসৱৰ সময়ত ভক্তৰ বিপুল ভিৰ দেখা যায়। ই কেৱল ভাৰতৰ পৰাই নহয় বহিঃৰাজ্যৰ পৰাও ভক্তক আকৰ্ষণ কৰি আহিছে।

বিশেষভাৱে লোৱা হয় যত্ন

এই মন্দিৰত দেৱী জীজাবাইক কন্যাৰ দৰে যত্ন লোৱা হয়। দিনটোত দুবাৰৰ পৰা তিনিবাৰকৈ দেৱীক নতুন কাপোৰ পিন্ধোৱা হয়। বিগত ২৫ বছৰত দেৱীৰ প্ৰায় ১৫ লাখ কাপোৰ সলনি কৰা হৈছে।

ইচ্ছা পূৰণ

বিশ্বাস কৰা হয় যে, যি ভক্তই শুদ্ধ অন্তৰৰে দেৱীক জোতা, ছেণ্ডেল আৰু অন্যান্য কাপোৰ আগবঢ়াই, তেওঁলোকৰ সকলো ইচ্ছা পূৰণ হয়। দেৱীৰ কৃপাত সকলোয়ে জীৱনৰ বাধাসমূহ অতিক্ৰম কৰিব পাৰে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin