Dailyhunt
পাকঘৰতে আছে ডায়েবেটিছৰ ঔষধ

পাকঘৰতে আছে ডায়েবেটিছৰ ঔষধ

ডিজিটেল ডেস্ক: ভুল খাদ্যাভ্যাস আৰু বেয়া জীৱনশৈলীৰ বাবে ডায়েবেটিচৰ দৰে বিপদজনক ৰোগৰ আশংকা আটাইতকৈ বেছি বৃদ্ধি পাইছে।ডায়েবেটিচ হ'লে ৰোগীৰ ৰক্ত শৰ্কৰাৰ স্তৰ অনিয়ন্ত্ৰিত হ'বলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত এজন ব্যক্তিয়ে তেওঁৰ ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰিবলৈ ফাষ্ট ফুড, জাংক ফুডৰ আদিৰ দৰে খাদ্য পৰিহাৰ কৰা উচিত। ডায়েবেটিচ ৰোগীসকলে তেওঁলোকৰ খাদ্য তালিকাত কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰি ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত ৰাখিব পাৰে।আজি সেই বিষয়ে জানো আহক-

হালধি

হালধি স্বাস্থ্যৰ বাবে কিমান উপকাৰী, সেয়া হয়তো পুনৰাই কোৱাৰ প্ৰয়োজন নাই।হালধীত পোৱা কাৰকিউমিন হৈছে এক এণ্টিঅক্সিডেণ্ট, যি ডায়েবেটিচৰ ফলত হোৱা সমস্যা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

তদুপৰি, হালধিত প্ৰদাহ প্ৰতিৰোধী গুণাগুণো পোৱা যায়।

চেলেৰী

চেলেৰীও ডায়েবেটিচ ৰোগীসকলৰ বাবে আশীৰ্বাদতকৈ কম নহয়। ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰিবলৈ আপুনি ইয়াক আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে। চেলেৰী পাত তথা বীজ ডায়েবেটিচ ৰোগীৰ বাবে অতি উপকাৰী। ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা আৰু ইনচুলিনৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

মেথি গুটি

ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণৰ বাবে মেথিগুটিও যথেষ্ট উপকাৰী। ই কাৰ্বোহাইড্ৰেটৰ বৰ্ধিত স্তৰ হ্ৰাস কৰি ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তদুপৰি, মেথিগুটিয়ে বীজে কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ডায়েবেটিচ ৰোগীয়ে মেথিগুটি বা তেনে ধৰণৰ পানী গ্ৰহণ কৰি ডায়েবেটিচৰ স্তৰ নিয়ন্ত্ৰণত ৰাখিব পাৰে। আপুনি প্ৰতিদিনে ৰাতিপুৱা খালী পেটত ৰাতি তিয়াই থোৱা মেথিগুটিৰ পানীও খাব পাৰে।

আদা

পুষ্টিসমৃদ্ধ আদাই শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। তদুপৰি, ই ইনচুলিন মুকলি কৰাত সহায় কৰে।সেয়েহে ডায়েবেটিচ ৰোগীসকলে তেওঁলোকৰ আহাৰত আদা অন্তৰ্ভূক্ত কৰাটো অতি জৰুৰী।

ডালচেনি

ডায়েবেটিচ ৰোগীসকলৰ বাবে ডালচেনি অতি উপকাৰী বুলি গণ্য কৰা হয়। ইয়াৰ এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগাল আৰু এণ্টিভাইৰেল গুণ আছে, যি শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে।

Also Read: ৰক্তচাপৰ পৰা ওজন নিয়ন্ত্ৰণলৈ, সকলোখিনি কৰিব পাৰে এই বিশেষ চাহ কাপে

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin