Dailyhunt
আকৰ্ষণেই যাৰ সুকীয়া, তেওঁয়েই 'এভাৰগ্ৰীণ' ৰেখা !

আকৰ্ষণেই যাৰ সুকীয়া, তেওঁয়েই 'এভাৰগ্ৰীণ' ৰেখা !

ডিজিটেল ডেস্ক: ৰেখা, ৭০ বছৰ বয়সতো সকলোৰে সপোনৰ ৰাণী হৈ থকা এইগৰাকী অভিনেত্ৰীক বেলেগে প্ৰশংসা কৰাৰ হয়তো প্ৰয়োজন নাই। অভিনয়ৰ পৰা বহুদিন দূৰত থাকিলেও ব্যতিক্ৰমী ব্যক্তিত্ব তথা আকৰ্ষণীয় সাজোন-কাচোনৰ বাবে এইগৰাকী অভিনেত্ৰীগৰাকী প্ৰায়ে চৰ্চাত থাকে। শেহতীয়াকৈও চৰ্চালৈ আহিছে 'এভাৰগ্ৰীণ' ৰেখা ৰাকী অভিনেত্ৰী খুব চৰ্চাত আছে। হয়, মুম্বাইত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত খুব আকৰ্ষণীয় সাজোনৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

এই অনুষ্ঠানৰে এখন বিশেষ ফটো ছ'চিয়েল মেডিয়াত ভাইৰেল হৈছে। ফটোখনত ছুপাৰষ্টাৰ হৃতিক ৰোশনক অভিনেত্ৰীগৰাকীয়ে আঙুলিয়াই কিবা কৈ থকা দেখা গৈছে। অনুষ্ঠানত উপস্থিত সংবাদমাধ্যমৰ লোকসকলে ৰেখাৰ মুখত এক সংলাপ দি কৈছে, 'যাদু ক'ত ?'

প্ৰকৃততে, 'যাদু' ব্লকবাষ্টাৰ ছবি 'কই মিল গয়া'ৰ এটা অতি জনপ্ৰিয় চৰিত্ৰ। ২০০৩ চনত মুক্তি লাভ কৰা এই ছবিখনত হৃতিক ৰোশন আৰু ৰেখায়ে একেলগে অভিনয় কৰিছিল। এই ব্লকবাষ্টাৰ ছবিখনত ৰেখাই হৃত্বিকৰ মাতৃ তথা ৰাকেশ ৰোশনৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছিল।

নেটফ্লিক্সে আয়োজন কৰা এই অনুষ্ঠানত হৃত্বিক ৰোশন, তেওঁৰ পিতৃ ৰাকেশ ৰোশন, মাতৃ পিংকী ৰোশন আৰু ভগ্নী সুনয়না ৰোশন, ৰেখা, অনুপম খেৰ, জেকী শ্ৰফ, টাইগাৰ শ্ৰফ, আমিশা পেটেল, বাণী কাপুৰ, নীতু কাপুৰ, পছমিনা ৰোশন, জীতেন্দ্ৰ, অলকা য়াগনিক, সিদ্ধাৰ্থ আনন্দ, উদিত নাৰায়ণ, ডেভিদ ধাৱানকে ধৰি বহু বলীউডী তাৰকাই অংশগ্ৰহণ কৰে। ইফালে, এটা ভিডিঅ'ত ৰেখাক টাইগাৰৰ সৈতে প'জ দি বাৰ্তালাপ কৰা দেখা গৈছে।

Also Read: আধাতে মঞ্চ এৰিলে পপ গায়িকাই, ছ’চিয়েল মেডিয়াত বিশেষ প’ষ্ট

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin