Dailyhunt
আধাতে মঞ্চ এৰিলে পপ গায়িকাই, ছ'চিয়েল মেডিয়াত বিশেষ প'ষ্ট

আধাতে মঞ্চ এৰিলে পপ গায়িকাই, ছ'চিয়েল মেডিয়াত বিশেষ প'ষ্ট

ডিজিটেল ডেস্ক :মঞ্চত গীত পৰিৱেশন কৰি থাকোতেই হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটে জনপ্ৰিয় পপ গায়িকা ছাকিৰাৰ। হয়, ছাকিৰা বৰ্তমান চিকিৎসালয়ৰ বিচনাত। তেওঁ ছ'চিয়েল মেডিয়াত এটা প'ষ্ট শ্বেয়াৰ কৰি এই বিষয়ে অনুৰাগীক জানিবলৈ দিয়ে।

ইনষ্টাগ্ৰাম ষ্ট'ৰীত ছাকিৰাই উল্লেখ কৰা মতে, যোৱা নিশা পেটৰ সমস্যাৰ বাবে মই মঞ্চত গীত পৰিৱেশন কৰিব নোৱাৰিলো। যাৰ বাবে মই অত্যন্ত দুখিত। এতিয়া মই চিকিৎসালয়ৰ বিচনাত। এই সকলোবোৰ আপোনালোকক জনাবলৈ পাই মই অতি দুখিত। উল্লেখ্য যে, ছাকিৰাই পেৰুৰ এখন মঞ্চত গীত পৰিৱেশন কৰি আছিল। আনহাতে, চিকিৎসকৰ পৰামৰ্শ অনুসৰিয়েই ছাকিৰাই তেওঁৰ পৰৱৰ্তী কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত লৈছে। সম্পূৰ্ণ সুস্থ হৈ নুঠালৈকে তেওঁ কোনো মঞ্চতে গীত পৰিৱেশন নকৰে।

তেওঁ লগতে জনাই যে, পেৰুৰ অনুৰাগীসকলৰ সৈতে পুনৰ সংযোগ কৰিবলৈ তেওঁ অত্যন্ত আগ্ৰহী। চিকিৎসালয়ৰ পৰা অব্যাহতি পালেই তেওঁ এইসকল অনুৰাগীৰ সৈতে পুনৰ মিলিত হোৱাৰ প্ৰতিশ্ৰুতিও দিয়ে।

ছাকিৰাৰ এই প'ষ্ট ভাইৰেল হোৱাৰ পাছতে স্বাভাৱিকভাৱেই অগণন অনুৰাগীয়ে ছ'চিয়েল মেডিয়াৰ জৰিয়তেই তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰিছে।

Also Read:গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin