Dailyhunt
আপুনিও এই ভুল কৰে নেকি ?

আপুনিও এই ভুল কৰে নেকি ?

ডিজিটেল ডেস্ক: আজিৰ ব্যস্ত জীৱন যাত্ৰাত সময় ৰাহি কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। বিশেষকৈ যিসকল কৰ্মসূত্ৰে দিনটোলৈ ঘৰৰ পৰা ওলায় যায়, তেওঁলোকৰ বাবে ৰাতিপুৱা ৰন্ধা-বঢ়া তথা ঘৰৰ অন্যান্য কাম কৰাটো প্ৰত্যাহ্বানতকৈ কোনো গুণে কম নহয়। ৰাতিপুৱাৰ এইসময়খিনি ৰাহি কৰিবলৈ বহুতেই পাচলি আগতীয়াকৈ কাটি ফ্ৰীজত থয়। কিন্তু আপুনি জানি আচৰিত হ'ব যে সময় বচোৱাৰ নামত আগতীয়াকৈ কাটি ফ্ৰীজত থোৱা এই পাচলিয়ে আপোনাৰ প্ৰাণলৈ ভাবুকি কঢ়িয়াব পাৰে। হয়, কোনবোৰ পাচলি কাটি ফ্ৰীজত থ'লে স্বাস্থ্যৰ পক্ষে হানিকাৰক হৈ পৰে, আজি জানো আহক-

পিয়াঁজ

ফ্ৰীজত কেতিয়াও পিয়াজকাটি থ'ব নালাগে। ফ্ৰীজত কাটি থোৱা পিয়াজ থ'লে ই অস্বাস্থ্যকৰ হৈ পৰে। তদুপৰি, ফ্ৰীজত পিয়াজ সংৰক্ষণ কৰাৰ ফলত ইয়াৰ পৰা গোন্ধ নিৰ্গত হ'ব পাৰে, যি আন খাদ্য সামগ্ৰীলৈও বিয়পিব পাৰে।

সেয়েহে, পিঁয়াজ সদায়ে শুকান আৰু ভালদৰে বতাহ চলাচল কৰা স্থানত ৰাখিব লাগে।

বিলাহী

বিলাহী কাটিও ফ্ৰীজত নথ'ব। বিলাহী এইদৰে ফ্ৰীজত থ'লে সোৱাদ হ্ৰাস আৰু সোনকালে নষ্ট হয়। সেয়েহে, বিলাহী সদায় কোঠাৰ উষ্ণতাতে ৰাখিব।

তিয়ঁহ

তিয়ঁহত পানীৰ পৰিমাণ অধিক থাকে, সেয়েহে এইবিধ পাচলি ফ্ৰীজত থোৱা পৰিহাৰ কৰিব লাগে। ঠাণ্ডা তাপমাত্ৰাৰ ফলত তিয়ঁহ সোনকালে পচি যায় আৰু ইয়াৰ পুষ্টিও হ্ৰাস হয়। তিয়ঁহো কোঠাৰ উষ্ণতাত সংৰক্ষণ কৰা ভাল।

মূলা

দীঘলীয়া সময়ৰ বাবে সতেজ ৰাখিবলৈ বহুতেই মূলা ফ্ৰীজত ৰাখে। কিন্তু প্ৰকৃততে ফ্ৰীজত কাটি থোৱা মূলা ৰাখিলে ইয়াৰ সোৱাদ সলনি হোৱাৰ লগতে সোনকালে নষ্ট হ'বলৈ আৰম্ভ কৰে। সেয়েহে, ফ্ৰীজৰ সলনি মূলা সদায় শুকান স্থানত ৰাখিব আৰু যিমান সম্ভৱ সোনকালে ব্যৱহাৰ কৰিব।

লাও আৰু ৰঙালাও

ফ্ৰীজত লাও আৰু ৰঙালাও কাটি থ'লেও ইয়াৰ পুষ্টি হ্ৰাস হয় আৰু ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হৈ পৰে। সেয়েহে, এই পাচলিবোৰ কাটিয়েই সোনকালে ৰান্ধিব লাগে।

কি কৰিব ?

প্ৰতিদিনে সতেজ পাচলি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। পাচলিবোৰ কাটি ফ্ৰীজত থোৱাৰ সলনি সেই পাচলিবোৰ ভালদৰে ধুই শুকাবলৈ দি কোঠাৰ উষ্ণতাতে ৰাখিব। খাদ্যৰ মানদণ্ড বজাই ৰাখিবলৈ সঠিক সংৰক্ষণ পদ্ধতি গ্ৰহণ কৰিব। স্বাস্থ্যৱান হৈ থাকিবলৈ কোনবোৰ পাচলি ফ্ৰীজত ৰাখিব লাগে আৰু কোনবোৰ বাহিৰত মনত ৰখাটো গুৰুত্বপূৰ্ণ। অনুপযুক্ত সংৰক্ষণ ব্যৱস্থায়ে কেৱল সোৱাদ হ্ৰাস কৰাই নহয়, ই স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক হৈ পৰে।

Also Read: কোষ্ঠকাঠিন্যৰ পৰা গাঁঠিৰ বিষলৈকে সকলো হ'ব দূৰ

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin