Dailyhunt
সুখৰ জীৱন কটাবলৈ আজিয়েই ঘৰত ৰোপন কৰা এই ফুল

সুখৰ জীৱন কটাবলৈ আজিয়েই ঘৰত ৰোপন কৰা এই ফুল

ডিজিটেল ডেস্ক : বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি এখন ঘৰত থকা সকলো বস্তুতে শক্তি আছে। একেদৰে ঘৰত থকা গছ আৰু উদ্ভিদৰো বিশেষ গুৰুত্ব আছে। কিছুমান উদ্ভিদক অতি শুভ আৰু ইয়াৰ বিপৰীতে আন কিছুমানক একেবাৰেই অশুভ বুলি গণ্য কৰা হয়। বাস্তু মতে, কেইবিধমান ফুল এনে আছে, যিসমূহ ঘৰত থাকিলে ঘৰখনলৈ সুখ-সমৃদ্ধিৰ আগমন হয়। আজি সেই বিষয়ে জানো আহক-

গোলাপ ফুল

গোলাপ ফুল প্ৰেমৰ প্ৰতীক। এই ফুল পূজা-পাৰ্বন, সজ্জা তথা অন্যান্য ধৰ্মীয় কামত ব্যৱহাৰ কৰা হয়। বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি, ঘৰত এই ফুল ৰোপণ কৰিলে অতি শুভ ফল পোৱা যায়। গেলাপ ফুলৰ গছ ঘৰৰ দক্ষিণ-পশ্চিম দিশত ৰোপণ কৰিব লাগে। ই ঘৰলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে। গোলাপ ফুলে ঘৰৰ নেতিবাচক শক্তিও দূৰ কৰে।

এই ফুল মা লক্ষ্মীৰো অতি প্ৰিয়। সেয়েহে ঘৰত এই ফুল থাকিলে সকলো বিত্তীয় সমস্যাৰ সমাধান হয় বুলি বিশ্বাস কৰা হয়।

জৱাব ফুল

বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি, ঘৰত ৰঙা জৱাব ফুল ৰোপণ কৰাটো অতি শুভ। এই ফুলে ঋণাত্মক শক্তি দূৰ কৰি ঘৰখনলৈ ইতিবাচক শক্তি আনে। এই ফুল মা কালী, মা দুৰ্গা আৰু ভগৱান গণেশৰ অতি প্ৰিয়। হনুমান ভগৱানেও জৱাব ফুল ভাল পায়। সেয়েহে এই কেইজনা ভগৱানক উপাসনা কৰি জৱাব ফুল আগবঢ়ালে ঘৰলৈ সুখ আৰু সমৃদ্ধি আহে। ই গ্ৰহৰ ত্ৰুটিও আঁতৰ কৰে। জৱাব ফুল সদায় ঘৰৰ উত্তৰ দিশত ৰোপণ কৰিব লাগে।

পদুম ফুল

পদুম ফুল দেখাত শুৱনি হোৱাৰ লগতে ইয়াৰ জ্যোতিষ আৰু ধৰ্মীয় গুৰুত্ব আছে। দেৱী লক্ষ্মী আৰু ভগৱান বিষ্ণুয়ে পদুম ফুল পৰিধান কৰে। মা সৰস্বতী আৰু ব্ৰহ্মজীৰ আসনো পদুম ফুল। ঘৰত পদুম ফুলৰ গছ ৰোপণ কৰিলে অৰ্থনৈতিক সমৃদ্ধি আহে। বিশ্বাস কৰা হয় যে প্ৰতি শুক্ৰবাৰে মা লক্ষ্মীৰ ভৰিত পদুম ফুল প্ৰদান কৰি ধন সম্পৰ্কীয় প্ৰতিটো সমস্যাৰ সমাধান লাভ কৰিব পৰা যায়।

Also Read: Vastu Tips: ভাগ্য সলাব পাৰে ঘৰৰ পৰ্দাই, কোনটো কোঠাত কেনে পৰ্দা লগাব লাগে জানি লওক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin