Dailyhunt
'অপাৰেচন সিন্দুৰ'ক আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰতিনিধিত্ব কৰি চৰ্চাত বিশ্ব সুন্দৰী

'অপাৰেচন সিন্দুৰ'ক আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰতিনিধিত্ব কৰি চৰ্চাত বিশ্ব সুন্দৰী

ডিজিটেল ডেস্কঃ অপেক্ষাৰ অন্ত ! অৱশেষত 'ৰেড কাৰ্পেট'ত খোজ দিলে 'কাঁৰ ৰাণী' ঐশ্বৰ্য ৰায় বচ্চনে। বুধবাৰে ঐশ্বৰ্যই শাৰী, পৰম্পৰাগত ভাৰতীয় গহনা পিন্ধি, শিৰত সেন্দুৰ লৈ 'কাঁ মহোৎসৱ ২০২৫'ত তেওঁৰ সৌন্দৰ্য প্ৰদৰ্শন কৰে। এইবাৰৰ সৈতে ঐশ্বৰ্যই ২২ বাৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছে। বুধবাৰে অনুষ্ঠিত কাঁৰ 'গালা ইভেণ্ট'ৰ ৭৮ সংখ্যক সংস্কৰণত অংশ লৈ অভিনেত্ৰী ঐশ্বৰ্যই হাঁহিমুখৰে নমস্কাৰ জনায় সকলোৰে বিশেষ দৃষ্টি আকৰ্ষণ কৰে।

'কাঁ ২০২৫'ৰ পৰা ঐশ্বৰ্যৰ 'ফাৰ্ষ্ট লুক' মনীষ মালহোত্ৰাৰ 'লেবেল'ৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত প'ষ্ট কৰা হয়। প'ষ্টটোত লিখা আছিল, 'কাঁৰ অ' জি ইণ্ডিয়ান কুইন ঐশ্বৰ্য ৰায় বচ্চনে (@aishwaryaraibachchan_arb)য়ে ৰাজকীয় আভাস থকা হাতেৰে বোৱা বগা বানাৰসী শাৰী পৰিধান কৰিছে।

তেওঁ ৫০০ কেৰেট মোজাম্বিক ৰুবী আৰু 'আনকাট' হীৰাৰে তেওঁৰ 'লুক' সম্পূৰ্ণ কৰিছে। আনহাতে, ঐশ্বৰ্যই 'ৰেড কাৰ্পেট'ত ভৰি দিয়াৰ লগে লগে ভাইৰেল হোৱা ফটো দেখি অনুৰাগীসকলে এই 'নতুন লুক'ক যথেষ্ট প্ৰশংসা কৰিছে। ইয়াতকৈ চৰ্চিত আন এটা দিশ হৈছে ঐশ্বৰ্যৰ শিৰৰ সেন্দুৰ।

‘অপাৰেচন সিন্দুৰ’ক দিলে মান্যতা

ঐশ্বৰ্যয়ে ‘অপাৰেচন সিন্দুৰ’ক আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰতিনিধিত্ব কৰি এইদৰে জিলিকাই সেন্দুৰ লৈছে বুলি এতিয়া চৌদিশে চৰ্চা চলিছে। উল্লেখ্য যে, অভিনেত্ৰীগৰাকীয়ে ২০০২ত কাঁৰ 'ৰেড কাৰ্পেট'ত পোনপ্ৰথমবাৰৰ বাবে ভৰি দিছিল। তেতিয়া তেওঁ কাঁ চলচ্চিত্ৰ মহোৎসৱত 'দেৱদাস' ছবিখনৰ প্ৰিমিয়াৰত অংশ লৈছিল। অভিনেত্ৰীগৰাকীৰ লগতে ছুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু ছবিখনৰ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়েও 'ৰেড কাৰ্পেট'ত খোজ কাঢ়িছিল। 'দেৱদাস' সেই সময়ৰ আটাইতকৈ নামী-দামী ভাৰতীয় ছবি, যিখন ছবিত মাধুৰী দীক্ষিতেও মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin