Dailyhunt
বহু ভয়াৱহ ৰোগ ভাল কৰিব পাৰে বোকায়ে

বহু ভয়াৱহ ৰোগ ভাল কৰিব পাৰে বোকায়ে

ডিজিটেল ডেস্ক: কৰোনা মহামাৰীৰ সন্ত্ৰাসৰ পিছত কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বৰ মানুহে আকৌ এবাৰ আয়ুৰ্বেদিক পদ্ধতি গ্ৰহণ কৰা আৰম্ভ কৰিছে। আয়ুৰ্বেদিক চিকিৎসাৰ এক অন্যতম চিকিৎসা হৈছে 'মাড থেৰাপী' বা বোকা চিকিৎসা। ভাৰতত দীৰ্ঘদিন ধৰি এই চিকিৎসা ব্যৱহাৰ হৈ আহিছে। বলীউডৰ বহুতো তাৰকাই সুস্বাস্থ্য আৰু সুন্দৰ ছালৰ বাবে 'মাড থেৰাপী' গ্ৰহণ কৰে। 'মাড থেৰাপী'য়ে শাৰীৰিক আৰু মানসিক দুয়োটা সমস্যাই দূৰ কৰাত সহায় কৰে।

কি এই 'মাড থেৰাপী' ?

আয়ুৰ্বেদৰ মতে, মানৱ শৰীৰ পানী, বায়ু, পৃথিৱী, আকাশ আৰু জুই এই ৫ টা উপাদানেৰে গঠিত। এই পাঁচ উপাদানৰ অন্তৰ্গত এক বিশেষ উপাদান হৈছে মাটি। মাটিত বহুতো অত্যাৱশ্যকীয় পুষ্টি পোৱা যায়।

‘মাড থেৰাপী’ত গোটেই শৰীৰত মাটিৰ আৱৰণ প্ৰয়োগ কৰা হয়। ই হজমৰ সমস্যা, ছালৰ বিভিন্ন ৰোগ, হতাশা আদিৰ দৰে সমস্যাবোৰ উপশম কৰাত সহায় কৰে। এই চিকিৎসাত মাটিৰ পৰা ৫ৰ পৰা ৮ফুট তলৰ বিশেষ মাটি ব্যৱহাৰ কৰা হয়। আজি এই ‘মাড থেৰাপী’ৰ লাভালাভৰ বিষয়ে জানো আহক-

ৰক্তচাপ নিয়ন্ত্ৰক

‘মাড থেৰাপী’য়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। হৃদযন্ত্ৰৰ সমস্যা, মেদবহুলতা আৰু ডায়েবেটিচৰ দৰে ৰোগ নিয়ন্ত্ৰণ কৰাৰ বাবেও ইয়াক অতি কাৰ্যকৰী বুলি গণ্য কৰা হয়।

হজমৰ সমস্যা

‘মাড থেৰাপী’য়ে শৰীৰক বিভিন্ন ধৰণৰ ৰোগৰ পৰা সকাহ পোৱাত সহায় কৰে। যদি আপোনাৰ হজমৰ সমস্যা যেনে কোষ্ঠকাঠিন্য, এচিডিটি, ডায়েৰিয়া, বমি আৰু পেটৰ বিষ আছে, তেনেহ'লে ‘মাড থেৰাপী’ আপোনাৰ বাবে অতি উপকাৰী। এই থেৰাপীয়ে গৰম অন্ত্ৰশান্ত কৰাত সহায় কৰে। যি পেটৰ বিষৰ দৰে সমস্যা আঁতৰ কৰে।

হ্ৰাস কৰেচাপ

মাটিত প্ৰাকৃতিক শীতলতা পোৱা যায়, যি শৰীৰৰ তাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। শৰীৰৰ তাপ থাকিলে চাপ, হতাশা আৰু উদ্বেগৰ দৰে লক্ষণবোৰ নিয়ন্ত্ৰণ কৰিবলৈ মাড থেৰাপী অতি কাৰ্যকৰী বুলি গণ্য কৰা হয়।

হাপানীৰ প্ৰতিকাৰক

শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ বাবেও ‘মাড থেৰাপী’ অতি কাৰ্যকৰী বুলি গণ্য কৰা হয়। মুখ্যতঃ হাপানীৰ ৰোগীসকলৰ বাবে এই চিকিৎসা অতি কাৰ্যকৰী। তদুপৰি, চাইনাছ আৰু এলাৰ্জিৰ সমস্যা আঁতৰ কৰাৰ ক্ষেত্ৰতো মাড থেৰাপী অতি উপকাৰী।

Also Read: ব্যায়াম কৰাৰ আগতে ভুলতো নাখাব এই খাদ্য

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin