Dailyhunt
আপোনাৰ পছন্দৰ তাৰকাই কিমান দামৰ ঘড়ী পিন্ধে জানি লওঁক

আপোনাৰ পছন্দৰ তাৰকাই কিমান দামৰ ঘড়ী পিন্ধে জানি লওঁক

ডিজিটেল ডেস্ক:শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা ভাৰত-পাকিস্তানৰ ক্ৰিকেট খেলখনত ভাৰতে জয় লাভ কৰিবলৈ সক্ষম হয়। কিন্তু 'হাই ভল্টেজ' এই খেলখনত ভাৰতৰ ৰোমাঞ্চকৰ জয়ৰ বিষয়টোতকৈও অধিক চৰ্চা হ'ল এই খেলখনত ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডেয়াই পিন্ধা ঘড়ীটোৰ। হয়, তাৰকা ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডেয়াই ৭ কোটি মূল্যৰ এটা বিশেষ ঘড়ী পিন্ধি খেলপথাৰত নামিছিল।তাৰকাসকলৰ সাধাৰণতে বিলাসী ঘৰ আৰু গাড়ীৰ প্ৰতি খুব চখ থকা দেখা যায়। কিছুমান বিলাসী ঘড়ীৰ প্ৰতিও অতি দুৰ্বল। আড়ম্বৰপূৰ্ণ বিবাহৰ পৰা ৰেড কাৰ্পেটলৈকে, চেলিব্ৰেটীসকলে তেওঁলোকৰ নামী-দামী ঘড়ী প্ৰদৰ্শন কৰে। হাৰ্দিকৰ বাহিৰেও আন কেইজনমান তাৰকাৰো আছে কোটিটকীয়া ঘড়ী। তেওঁলোক কোন আৰু তেওঁলোকৰ বিশেষ বিশেষ ঘড়ীকেইটাৰ দাম কিমান সেয়া আজি জানি লওঁক-

ছলমান খান

বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ আনে এনে এটা কোটিটকীয়া ঘড়ী। ছলমানৰ ঘড়ীটো ৭১৪ টা হীৰাৰে সজ্জিত। ইয়াৰ ডায়েলৰ পৰা ফিটালৈকে ১৫২ টা পান্নাও খোদিত আছে। এই বিলিয়নাৰ III ঘড়ীটোৰ মূল্য ৪১ কোটি।

ৰণবীৰ কাপুৰ

কাপোৰৰ লগতে ঘড়ীৰো চখ আছে ৰণবীৰ কাপুৰৰ। হয়, অত্যন্ত আকৰ্ষণীয় পেটেক ফিলিপ ঘড়ীৰ মালিক ৰণবীৰ। ৬ কোটি মূল্যৰ এই চমৎকাৰী ঘড়ীটোৰ ডায়েলটো ক'লা লেকাৰ যুক্ত আৰু ইয়াত বেগুয়েট-কাট হীৰা অন্তৰ্ভুক্ত থাকে। ডায়েলটোত টেকিমেট্ৰিক স্কেলও আছে।

ৰণবীৰ সিং

অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ অনুষ্ঠানত ৰণবীৰ সিঙক অনন্ত আম্বানীয়ে উপহাৰ দিয়া এটা কোটিটকীয়া ঘড়ী পিন্ধি থকা দেখা গৈছিল। এই ঘড়ীটো আম্বানী পুত্ৰৰ বিয়াত তেওঁৰ বন্ধুসকলক উপাহাৰ দিবলৈ তৈয়াৰ কৰা ২৫টা সীমিত সংস্কৰণ অডেমাৰ্ছ পিগুয়েট ৰয়েল অক পাৰপেচুৱেল কেলেণ্ডাৰ ২৬৫৮৪ অ'ৰ ১৮ ৰ’জ গল্ডত 'লুমিনাৰী সংস্কৰণ'ৰ অংশ। এই সুন্দৰ ঘড়ীটোৰ মূল্য ২ কোটি টকা।

দিলজিৎ দোচাঞ্জ

দিলজিতক তেওঁৰ শেহতীয়া কনচাৰ্টত তেওঁক ১.২ কোটি টকাৰ ঘড়ী পিন্ধা দেখা গৈছিল। গায়ক-অভিনেতাজনে এটা অডেমাৰ্চ পিগুয়েট ৰয়েল অক চেল্ফ-ৱিণ্ডিং (৪১ মিমি) পিন্ধিছিল। দেখাত অতুলনীয় এই ঘড়ীটো ১৮ কেৰেটৰ ৰ'জ গল্ড , হীৰা আৰু ষ্টেইনলেছ ষ্টীলযুক্ত।

হাৰ্দিক পাণ্ডেয়া

হাৰ্ডিক পাণ্ডিয়াই পাকিস্তানৰ বিৰুদ্ধে ৰিচাৰ্ড মিলি ৰাফেল নাদাল স্কেলেটন ডায়েল এডিচন ঘড়ী (ৰিচাৰ্ড মিলি আৰএম২৭-০২ চিএ এফকিউ টুৰবিলন) পিন্ধি খেলপথাৰত নামিছিল। এনে ঘড়ী ভাৰতত মাত্ৰ ৫০ টাহে আছে।

Also Read: হয়, ছোৱালীজনী কৃপণ ! পিন্ধে 'ছেকেণ্ড হেণ্ড' কাপোৰ

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin