Dailyhunt
বজাৰৰ নহয়, এইবিধ ঘৰুৱা সামগ্ৰীৰে ৰেখাই কৰে সৌন্দৰ্য চৰ্চা

বজাৰৰ নহয়, এইবিধ ঘৰুৱা সামগ্ৰীৰে ৰেখাই কৰে সৌন্দৰ্য চৰ্চা

ডিজিটেল ডেস্ক: বলীউডৰ 'এভাৰগ্ৰীণ বিউটি' বুলি ক'লে হয়তো সকলোয়ে একেমুখে ৰেখাৰ নামেই ল'ব। নল'বনো কিয় ! ৭০ বছৰ বয়সতো আকৰ্ষণীয় ব্যক্তিত্ব তথা ছাল-চুলিৰে অতুলনীয় সৌন্দৰ্যৰ অধিকাৰী হৈ আছে এইগৰাকী অভিনেত্ৰী। এতিয়াও তেওঁক দেখিলে খুব কম বয়সৰ মহিলা যেনেই লাগে। পিছে কিদৰে তেওঁ ইমান ধুনীয়া হৈ আছে জানেনে ? অভিনেত্ৰীগৰাকীয়ে তেওঁৰ সৌন্দৰ্য চৰ্চাৰ বাবে সদায়েই ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰে। আজি তেওঁৰ সৌন্দৰ্যৰ গোপন কথাবোৰৰ বিষয়ে জানো আহক-

কিদৰে লয় নিজৰ যতন ?

সকলো বয়সৰ মাজত সমানেই জনপ্ৰিয় এই অভিনেত্ৰীগৰাকীয়ে নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ সদায় যোগাসন কৰে।তেওঁৰ মতে, যোগাসন কৰিলে মানুহ বয়সতকৈ সৰু আৰু ধুনীয়া হৈ থাকে।সেয়েহে তেওঁ সকলোকে যোগ নিশ্চিতভাৱে তেওঁলোকৰ দৈনন্দিন ৰুটিনত অন্তৰ্ভুক্ত কৰিবলৈ উপদেশ দিয়ে।আনহাতে, তেওঁ সৌন্দৰ্যৰ বাবে খুব কমহে বজাৰৰ সামগ্ৰী ব্যৱহাৰ কৰে।ঘৰুৱা প্ৰতিকাৰত তেওঁ বেছি বিশ্বাসী।ছাল-চুলি স্বাস্থ্যৱান কৰি ৰাখিবলৈ তেওঁ বেচন ব্যৱহাৰ কৰে।

তেওঁ বেচনত এক চিকুট হালধি, গাখীৰ বা ক্ৰীম মিহলি কৰি মুখত লগায়। বেচনে আপোনাৰ ছালৰ পৰা অতিৰিক্ত তেল শোষণ কৰাৰ লগতে মৃত ছাল আঁতৰ কৰে।

ৰেখাৰ ক'লা, ঘন আৰু দীঘল চুলিৰ বিষয়ে পুনৰাই কোৱাৰ হয়তো প্ৰয়োজন নাই।এই দীঘল চুলিৰ ৰহস্য হৈছে বুটৰ দাইলৰ পেষ্ট। হয়, ৰেখাই চুলিত বেচন আৰু দৈৰ মাস্ক প্ৰয়োগ কৰে।আমাৰ চুলিৰ বিকাশৰ বাবে প্ৰ'টিন অতি গুৰুত্বপূৰ্ণ।বুটৰ দাইলত যথেষ্ট পৰিমাণৰ প্ৰ'টিন থাকে।এই মাস্কটো প্ৰয়োগ কৰিলে চুলিৰ গুৰিত ৰক্ত সঞ্চালন বৃদ্ধি হয় আৰু লগতে চুলি শক্তিশালী হয়।অভিনেত্ৰীগৰাকীয়ে তেওঁৰ চুলিত খুব ঘনাই তেলো প্ৰয়োগ কৰে।

ৰেখায়ে চুলিত লগোৱা পেষ্টটো তৈয়াৰ কৰিবলৈ আপুনি ৰাতি আধা বাটি বুটৰ দাইল পানীত তিয়াই ৰাখিব।পুৱা দালিৰ পৰা পানী পৃথক কৰি তাত গাখীৰ বা দৈ যোগ দি ভালদৰে মিহলাই এটা পেষ্ট প্ৰস্তুত কৰক। এতিয়া এই পেষ্টটো চুলিত প্ৰয়োগ কৰক আৰু ইয়াক ৩০ মিনিটৰ বাবে থৈ দিয়ক।পাছত চেম্পুৰে মূৰটো ধুই পৰিস্কাৰ কৰিব। তদুপৰি, ৰেখাই ছালখন হাইড্ৰেটেড ৰাখিবলৈ যথেষ্ট পৰিমাণে পানী, নাৰিকল পানী, পাচলিৰ ৰস, ফলৰ ৰস খায়। আহাৰত তেওঁ ঘৰত ৰন্ধা খাদ্য খাবলৈ ভাল পায়। তেওঁ ভজা-পোৰা খাদ্য একেবাৰে পৰিহাৰ কৰে।আপুনিও আপোনাৰ জীৱনশৈলী স্বাস্থ্যকৰ কৰি ৰাখিব আৰু পুষ্টিকৰ খাদ্য খাব। চুলি আৰু ছাল স্বয়ংক্ৰিয়ভাৱে স্বাস্থ্যৱান হ'ব।

Also Read: শীঘ্ৰেই বিবাহ পাশত আবদ্ধ হ’ব পৰিণীতি চোপ্ৰা

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin