Dailyhunt
বিনামূলীয়া স্বাস্থ্য শিৱিৰত ঘটিল অঘটন

বিনামূলীয়া স্বাস্থ্য শিৱিৰত ঘটিল অঘটন

ডিজিটেল ডেস্ক: বিজ্ঞাপন দেখিয়েই যিকোনো কাম কৰা বন্ধ কৰক। অন্যথা, আপুনি ইয়াৰ গুৰুতৰ ফল ভূগিবলগীয়া হ'ব পাৰে। হয়, শেহতীয়াকৈ এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। বিজ্ঞাপন দেখি চুলি গজাৰ চিকিৎসা কৰিবলৈ গৈ চিৰদিনলৈ দৃষ্টিশক্তি হেৰুৱালে এজন ব্যক্তিয়ে।

এই ঘটনাটো পঞ্জাৱৰ সংৰুৰ জিলাত সংঘটিত হৈছে। চুলিৰ যতনৰ বাবে জিলাখনত আয়োজিত এটা বিনামূলীয়া শিৱিৰত চুলি গজিবলৈ ব্যৱহাৰ কৰা তেল প্ৰয়োগ কৰি এজন ব্যক্তি সম্পূৰ্ণৰূপে চকুৰে নেদেখা হৈ পৰে। তদুপৰি, এই তেল প্ৰয়োগ কৰি শিৱিৰত অংশ গ্ৰহণ কৰা আন ৬৫ জন লোকে চকু জ্বলা, চকুৰ পানী ওলোৱা আদি সমস্যাৰ সন্মুখীন হয়। আনকি, বহুকেইজনক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া অৱস্থাও হয়।

চিকিৎসকৰ মতে, এই শিবিৰত ব্যৱহূত তেলবিধ অতি বিষাক্ত আছিল।

এই তেল ব্যৱহাৰৰ লগে লগে ব্যক্তিসকলৰ চকুত জ্বলা-পোৰা আৰু ৰঙা হৈ পৰে। আনহাতে, এজন ৰোগীয়ে প্ৰকাশ কৰা মতে, তেল লগোৱাৰ ১০ মিনিট পিছত তেওঁৰ মূৰ ঘূৰাইছিল আৰু তাৰ পিছত চকু দুটা জ্বলিবলৈ ধৰিছিল। পাছত দৃষ্টিশক্তি কমি যোৱা যেন অনুভৱ হৈছিল।

উল্লেখ্য যে, এই বিনামূলীয়া শিবিৰৰ আয়োজককে ধৰি দুজন লোকৰ বিৰুদ্ধে স্থানীয় আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। দৰাচলতে, এই শিবিৰটো অনুষ্ঠিত হ'ব বুলি ছ’চিয়েল মেডিয়াত যথেষ্ট প্ৰচাৰ হৈছিল। য’ত এই অলৌকিক ঔষধে চুলি সৰা বন্ধ কৰি নতুন চুলি গজিব বুলি দাবী কৰা হৈছিল। সেয়েহে, সাৱধান হওঁক। ইণ্টাৰনেটত প্ৰচাৰ হৈ থকা সকলো খবৰ সঁচা নহয়।

Also Read: মহিলাৰ কাণ্ডত অবাক সচেতন মহল, উচিত শাস্তিৰ দাবী

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin