Dailyhunt
মহিলাৰ কাণ্ডত অবাক সচেতন মহল, উচিত শাস্তিৰ দাবী

মহিলাৰ কাণ্ডত অবাক সচেতন মহল, উচিত শাস্তিৰ দাবী

ডিজিটেল ডেস্ক: মানুহ সঁচাকৈয়ে জীৱশ্ৰেষ্ঠ নে ? মানুহৰ কিছুমান কৰ্ম-কাণ্ড, মানসিকতাই কেতিয়াবা আমাক এই বিষয়ে ভাবিবলৈ বাধ্য কৰায়। শেহতীয়াকৈ সংঘটিত এক ঘটনাইও মানুহক এই বিষয়ে চিন্তা কৰিবলৈ বাধ্য কৰাইছে। হয়, সন্মুখৰে এটা মেকুৰী পাৰ হওঁতেই সেই মেকুৰীটোক ধৰি 'মানুহ' হিচাপে জীৱন নিৰ্বাহ কৰা একাংশই জ্বলাই দিয়ে।

এই হূদয় বিদাৰক ঘটনাটো উত্তৰ প্ৰদেশৰ মোৰাদাবাদত সংঘটিত হৈছে। প্ৰকৃততে এহাল দম্পতিয়ে কিবা কামত মটৰ চাইকলৰে যাত্ৰা আৰম্ভ কৰোতেই সন্মুখৰে এটা মেকুৰী পাৰ হৈ যায়। ইয়াতে খঙত অগ্নিশৰ্মা হৈ মটৰ চাইকেলৰ পৰা নামি মহিলাগৰাকীয়ে মেকুৰীটোক মাৰি মাৰি আধামৰা কৰে। ইয়াৰ পাছত ওচৰে-পাজৰে থকা একাংশ লোকে মিলি মেকুৰীটোক জ্বলাই দিয়ে।

এই ঘটনাৰ ভিডিঅ' এতিয়া ছ'চিয়েল মেডিয়াত ভাইৰেল হৈছে। ইয়াৰ পাছতে স্বাভাৱিকভাৱেই সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অন্ধবিশ্বাসৰ গ্ৰাসত পৰি কিদৰে মানুহে এই কাম কৰিব পাৰে বুলি সকলো আচৰিত হৈছে। সকলোয়ে সেই বিশেষ মহিলাগৰাকীৰ প্ৰতি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

অভিযুক্তৰ বিৰুদ্ধে ৰুজু হ'ল গোচৰ

প্ৰকৃততে, বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৱে এই ঘটনাৰ ভিডিঅ’টো এটা ই-মেইল যোগে লাভ কৰিছিল। ইয়াৰ পিছত অৱশ্যে এই গোটেই ঘটনাটোৰ তদন্ত আৰম্ভ হৈছে। বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। উল্লেখ্য যে, সন্মুখৰে মেকুৰী পাৰ হোৱাটো অশুভ বুলি ধৰি লৈ অমাত জন্তুৰ ওপৰত এই অত্যাচাৰ কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। স্বাভাৱিকতেই প্ৰশ্ন হয়, জন্তুক জ্বলাই আসুৰিক তৃপ্তি পোৱা এই লোকসকল বাৰু কি শাস্তিৰ যোগ্য ?

Also Read: সুস্থ থাকিবলৈ দৈনিক কিমান পানী খাব লাগে জানেনে ?

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin