Dailyhunt
বিশ্বাস-বিশুদ্ধতাৰ প্ৰতীক তুলসী, এই নিয়ম ভাঙিলে নামিব অশুভ শক্তি

বিশ্বাস-বিশুদ্ধতাৰ প্ৰতীক তুলসী, এই নিয়ম ভাঙিলে নামিব অশুভ শক্তি

ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত তুলসী কেৱল এবিধ উদ্ভিদেই নহয়, ই বিশ্বাস, বিশুদ্ধতা, ইতিবাচক আৰু শক্তিৰ প্ৰতীক। তুলসী অবিহনে হিন্দু ধৰ্মৰ পূজা-অৰ্চনা অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। কিন্তু, ঘৰত তুলসীৰ গছ থাকিলে কিছুমান বিশেষ দিশত বিশেষ মন দিব লাগে। ঘৰত তুলসী গছ থাকিলে যদি কিছুমান ভুল হয়, তেন্তে আপুনি পাপৰ সন্মুখীন হ'ব পাৰে।

এই দুটা দিশত বিশেষ মন দিব

সন্ধিয়া কেতিয়াও তুলসীৰ পাত স্পৰ্শ নকৰিব

বহুতে অজানিতে সন্ধিয়া বা ৰাতি পূজা বা আন কোনো অনুষ্ঠানৰ বাবে তুলসী পাত ছিঙে। ধৰ্মীয় বিশ্বাস অনুসৰি, মা তুলসীয়ে সন্ধিয়া জিৰণি লয় আৰু এই সময়ত তুলসীৰ পাত স্পৰ্শ বা ছিঙাটো অশুভ তথা ধৰ্মীয় পাপ বুলি গণ্য কৰা হয়। তুলসীৰ পাত ৰাতিপুৱা সূৰ্য্য উদয়ৰ পিছত আৰু দুপৰীয়াৰ আগতে ছিঙিব।

এইসমূহ বস্তু তুলসী গছৰ ওচৰত নথ’ব

বহুতে তুলসী গছৰ ওচৰত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ নামত বা সজ্জাৰ বাবে কিছুমান বস্তু ৰাখে, যিবোৰ শাস্ত্ৰ অনুসৰি নিষিদ্ধ। তুলসী গছৰ আশে-পাশে জোতা, চেণ্ডেল আদিবোৰ ৰখাটো এটা গুৰুতৰ পাপ বুলি গণ্য কৰা হয়। ই ঋণাত্মক শক্তি বৃদ্ধি কৰে। লোহা বা প্লাষ্টিকৰ পাত্ৰত তুলসী ৰোপণ কৰাটো তুলসীৰ বাবে উত্তম বুলি বিবেচিত হয়। যদি তুলসী গছ শুকাই গৈছে তেন্তে সেই ঠাইত তুলসী ৰখাটো অশুভ হ’ব পাৰে। সেয়েহে, তুলসী শুকাই গ’লে সেই ঠাই টুকুৰা সলনি কৰিব।

তুলসী পূজা কৰোতে এই কথা মনত ৰাখিব

তুলসীক পানী আগবঢ়াওঁতে শংখৰ ব্যৱহাৰ নকৰিব। ইয়াক নিষিদ্ধ বুলি গণ্য কৰা হয়। নিতৌ ৰাতিপুৱা তুলসীক পানী আগবঢ়াই চাকি জ্বলাব। তাৰ পাছত ‘ওম তুলসিয়া নম: জপ কৰিব। তুলসীক গাখীৰ বা চন্দন আগবঢ়াব নালাগে। কিয়নো এই সকলোবোৰ বস্তু তুলসীৰ বাবে ক্ষতিকাৰক। তুলসীৰ ওচৰত গালি-গালাজ, অশ্লীল শব্দ বা খং-ৰাগ পৰিহাৰ কৰিব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin