Dailyhunt
এয়া গুৰুতৰ ৰোগৰ আগজাননী, উপেক্ষা নকৰিব

এয়া গুৰুতৰ ৰোগৰ আগজাননী, উপেক্ষা নকৰিব

ডিজিটেল ডেস্ক: বহুসময়ত হঠাতে আমাৰ চকু দুটা কঁপিবলৈ বা লৰিবলৈ ধৰে। ধৰ্মীয় বিশ্বাস অনুসৰি, চকু লৰাটো একেবাৰে অশুভ।কিন্তু প্ৰকৃততে ই স্বাস্থ্যৰ অৱনতি হোৱাৰহে লক্ষণ। চকু লৰাৰ প্ৰকৃত কাৰণ কি, আজি সেই সেই বিষয়ে জানো আহক-

গুৰুতৰ ৰোগৰ সতৰ্কবাণী

যদি তলৰ আৰু ওপৰৰ দুয়োটা চকুৰ পতা এসপ্তাহতকৈ অধিক সময় ধৰি একেৰাহে লৰি থাকে, তেন্তে ইয়াক গুৰুতৰ ৰোগৰ সতৰ্কবাণী বুলি গণ্য কৰা হয়। হয়, এই সমস্যা মায়োকেমিয়াৰ বাবে হ'ব পাৰে। ই পেশী সংকোচনৰ ফলত হয়। চকুৰ তলৰ পতাত ইয়াৰ অধিক প্ৰভাৱ পৰে। এইটো অতি কম সময়ৰ বাবে হয় আৰু জীৱনশৈলীৰ পৰিৱৰ্তনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি।

ব্লেফাৰোস্পাজম, হেমিফেচিয়েল স্পাজম

এই দুয়োটা অতি গুৰুতৰ চিকিৎসীয় স্থিতি।

ব্লেফাৰোস্পাজম খুবেই গুৰুতৰ, যিয়ে মানুহৰ চকুক কেই ছেকেণ্ড, মিনিট বা আনকি বহু ঘণ্টাৰ বাবে প্ৰভাৱিত কৰি ৰাখে। ই চকুক খুব বেয়াকৈ প্ৰভাৱিত কৰে।যাৰ বাবে চকু লৰি থাকে।

অত্যধিক চিন্তা

বহুসময়ত কিবা এটাৰ বিষয়ে অত্যাধিক চিন্তা কৰিলেও চকুত প্ৰভাৱ পৰে।যাৰ ফলত চকু লৰিবলৈ আৰম্ভ কৰে।

টোপনিৰ অভাৱ

ব্যস্ত জীৱনশৈলী আৰু দিনজোৰা চাপৰ বাবে বহুতৰ ৰাতি সঠিকভাৱে টোপনি নাহে। এনে পৰিস্থিতিত চকু কেইমিনিটমানৰ বাবে কঁপিবলৈ আৰম্ভ কৰে।

চকুত চাপ

চকুত অত্যাধিক চাপ পৰিলেও চকু লৰি থাকে।

অত্যধিক কেফেইন সেৱন

চাহ-কফি খোৱাটোৱে মূৰৰ বিষৰ পৰা সকাহ দিয়ে বুলি ধাৰণা কৰা হয়। কিন্তু প্ৰকৃততে এয়া সঁচা নহয়। অত্যাধিক চাহ-কফি সেৱনৰ ফলতো চকুত প্ৰভাৱ পৰে, যাৰ ফলত চকু লৰি থাকে।

সুৰা

বহুসময়ত অত্যাধিক পৰিমাণৰ সুৰা সেৱন কৰিলেও চকু কঁপি উঠে। সেয়েহে, ইয়াক সীমিত পৰিমাণত সেৱন কৰিব লাগে।

Also Read: চকুৰ সুস্বাস্থ্যৰ বাবে আজিয়েই খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ খাদ্য

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin