Dailyhunt
ছালৰ অধিকাংশ সমস্যাই সমাধান কৰে কেঁচা গাখীৰে

ছালৰ অধিকাংশ সমস্যাই সমাধান কৰে কেঁচা গাখীৰে

ডিজিটেল ডেস্ক: ছালৰ উজ্জ্বলতা বৃদ্ধিত কেঁচা গাখীৰে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই ছালৰ বিভিন্ন সমস্যা সমাধান কৰাৰ লগতে ছালখন ভিতৰৰ পৰা আৰ্দ্ৰ কৰি ৰাখে। যদি আপুনি আপোনাৰ ছালখন স্বাস্থ্যৱান হৈ থকাটো বিচাৰে, তেনেহ'লে আজিৰে পৰাই ছালৰ যত্নত কেঁচা গাখীৰ অন্তৰ্ভুক্ত কৰক।হয়, ছালত কেঁচা গাখীৰ ব্যৱহাৰ কৰাৰ পিছত আপোনাক আৰু ব্যয়বহুল সামগ্ৰীৰ প্ৰয়োজন নহ'ব।

মুখত কিদৰে ব্যৱহাৰ কৰিব কেঁচা গাখীৰ

কেঁচা গাখীৰৰ মাস্ক

আপুনি কেঁচা গাখীৰ মাস্ক হিচাপে ব্যৱহাৰ কৰিব পাৰে। ইয়াত ভিটামিন বি, কেলচিয়াম আৰু বহুতো শক্তিশালী এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে মুখত হোৱা দাগ নাইকিয়া কৰে। ই টেনিং, ছাল কোঁচ খোৱা, শালমইনা, সূক্ষ্ম ৰেখাৰ লগতে ছালৰ বিভিন্ন ক্ষতিৰ পৰাও সকাহ দিয়ে।

কিদৰে ব্যৱহাৰ কৰিব

প্ৰথমে ২ চাহ চামুচ গাখীৰ লৈ তাত ১ চামুচ মুলতানি মাটি মিহলি কৰি ছালত প্ৰয়োগ কৰিব।ইয়াৰ পাছত প্ৰায় ২ মিনিটৰ বাবে মুখখন লাহে লাহে মালিচ কৰি ১৫-২০ মিনিট থাকিবলৈ দিব।নিৰ্দিষ্ট সময়ৰ পাছত মুখখন পৰিস্কাৰ পানীৰে ধুই পেলাব।

কেঁচা গাখীৰৰ ময়েশ্চাৰাইজাৰ

কেঁচা গাখীৰত থকা ভিটামিন এ, ডি, বি৬, বি১২, বায়োটিন, কেলচিয়াম, প্ৰ'টিন আৰু অন্যান্য পুষ্টিবোৰে ছালক ভিতৰৰ পৰা ময়েশ্চাৰাইজ কৰে। ছালৰ পৰা শুষ্কতা আঁতৰ কৰাৰ বাবে কেঁচা গাখীৰ ব্যৱহাৰ কৰাটো আটাইতকৈ সৰ্বশ্ৰেষ্ঠ উপায়।

কিদৰে ব্যৱহাৰ কৰিব

প্ৰথমে ২-৩ চাহ চামুচ ঠাণ্ডা কেঁচা গাখীৰৰ লগত আধা চাহ চামুচ গ্লিচাৰিন ভালদৰে মিহলি কৰি ল’ব। ইয়াৰ পিছত কপাহৰ বল এটাৰে এইখিনি মুখ আৰু ওঁঠত লাহে লাহে প্ৰয়োগ কৰিব।আধা ঘণ্টা এনেদৰে ৰাখি ঠাণ্ডা পানীৰে মুখখন ধুই পেলাব।

কেঁচা গাখীৰৰ ফেচিয়েল ক্লিনজাৰ

যদি আপুনি মৃত ছালৰ কোষ, তেলেতীয়া ছাল, লেতেৰা ছাল তথা ছালৰ অন্যান্য সমস্যাৰ সৈতে যুঁজি আছে, তেনেহ'লে আপোনাৰ ছালত প্ৰাকৃতিক ক্লিনজাৰ ব্যৱহাৰ কৰাটো খুবেই জৰুৰী। এনে এটা প্ৰাকৃতিক ফেচিয়েল ক্লিনজাৰ এটা বনাবলৈ আপুনি কেঁচা গাখীৰ ব্যৱহাৰ কৰিব পাৰে।

কিদৰে ব্যৱহাৰ কৰিব

২ চাহ চামুচ কেঁচা গাখীৰত এক চিমুটি হালধি মিহলি কৰি ইয়াক মুখ আৰু ডিঙিত মালিচ কৰিব।ইয়াৰ পাছত চাফা পানীৰে মুখখন ভাইদৰে ধুই পেলাব।

Also Read: এই ৫টা উপায়ৰে ঘৰতে উজ্জ্বল কৰক ৰুক্ষ ছাল

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin