Dailyhunt
চুইমিং পুল, মিনি গ'লফ ক'ৰ্চ, হেলিপেডযুক্ত এখন বিশেষ গাড়ী

চুইমিং পুল, মিনি গ'লফ ক'ৰ্চ, হেলিপেডযুক্ত এখন বিশেষ গাড়ী

ডিজিটেল ডেস্ক: আপুনি কেতিয়াবা এনে গাড়ীৰ বিষয়ে শুনিছেনে য'ত চুইমিং পুল, ৱাটাৰবেড, মিনি গ'লফ ক'ৰ্চ আৰু হেলিপেড আছে ? হয়তো শুনা নাই ! আমেৰিকাত এনে এখন গাড়ী আছে, য'ত এই আটাইবোৰ সুবিধা আছে। হয়, এই গাড়ীখনৰ নাম 'দ্য আমেৰিকান ড্ৰীম', যিখন বিশ্বৰ আটাইতকৈ দীঘল গাড়ী। ।

এই আচৰিত ধৰণৰ গাড়ীখন প্ৰখ্যাত আমেৰিকাৰ কাষ্টম গাড়ী ডিজাইনাৰ জে অহৰবাৰ্গে ১৯৮৬ চনত ডিজাইন কৰিছিল। সেই সময়ত গাড়ীখনৰ দৈৰ্ঘ্য আছিল ৬০ ফুট (১৮.২৮ মিটাৰ)। কিন্তু পিছলৈ ইয়াক ১০০ ফুট (৩০.৫৪ মিটাৰ) লৈ বৃদ্ধি কৰা হয়। 'দ্য আমেৰিকান ড্ৰীম'ত ২৬টা চকা আছে আৰু ইয়াত দুটা 'ভি ৮' ইঞ্জিন আছে। এই ইঞ্জিন এটা আগফালে আৰু এটা পিছফালে আছে।

২০২২ চনত এই গাড়ীখন বিশ্বৰ আটাইতকৈ দীঘল গাড়ী হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত তালিকাভুক্ত কৰা হৈছে।

গাড়ীখনৰ ডিজাইন আৰু সুবিধাসমূহে পাঁচ তাৰকাযুক্ত হোটেলৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰে। ইয়াৰ সুবিধাসমূহৰ ভিতৰত আছে চুইমিং পুল, ডাইভিং বৰ্ড, ডাঙৰ ৱাটাৰবেড, বাথটাব, মিনি গ'লফ ক’ৰ্চ আৰু হেলিপেড। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এই গাড়ীখনত এটা সময়ত ৭৫ জন লোকে যাত্ৰা কৰিব পাৰে।

'দ্য আমেৰিকান ড্ৰীম'ৰ পুনৰুদ্ধাৰৰ যাত্ৰা

বছৰ বছৰ অচল হৈ থকা এই গাড়ীখন নিউয়ৰ্কৰ অটোছিয়ামে পুনৰুদ্ধাৰ কৰিলে। ঠায়ে-ঠায়ে ভাঙি, ৰং ম্লান হৈ নষ্ট হ'বলৈ ধৰা গাড়ীখন অটোছিয়ামৰ গৰাকী মাইকেল মেনিঙে পুনৰুদ্ধাৰ কৰি মেৰামতি কৰাৰ কাম আৰম্ভ কৰে।

গাড়ীখন সম্পূৰ্ণ কৰি উলিওৱাত তিনি বছৰ সময় লৈছিল। ইয়াৰ বাবে ২ লাখ ৫০ হাজাৰ ডলাৰতকৈও বেছি টকা খৰচ কৰিবলগীয়া হৈছিল। মাইকেলৰ লগতে দেশখনৰ আন বহুকেইজন গাড়ী বিশেষজ্ঞই একেলগে কাম কৰি গাড়ীখনক পুনৰ জীৱন্ত কৰাত সফল হৈছিল। এতিয়া অৰলেণ্ডোৰ অটো মিউজিয়ামৰ ডেজাৰলেণ্ড পাৰ্কত দৰ্শনাৰ্থীৰ বাবে প্ৰদৰ্শিত হৈছে 'দ্য আমেৰিকান ড্ৰীম'ক।

সামাজিক মাধ্যমত ব্যাপক চৰ্চা

শেহতীয়াকৈ এই গাড়ীখনৰ বহু কেইটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে। গাড়ীখনৰ দৈৰ্ঘ্য, বৈশিষ্ট্য আৰু অন্যান্য ডিজাইন দেখি নেটিজেন আচৰিত হৈছে। বহু নেটিজেনে গাড়ীখন ওচৰৰ পৰা চোৱাৰ হেঁপাহৰ কথা উল্লেখ কৰাৰ বিপৰীতে এগৰাকীয়ে টম এণ্ড জেৰী ৰ গাড়ীখন ঘূৰি অহিছে বুলি মন্তব্য কৰিছে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin