Dailyhunt
ৰোগীক ৩৪ সপ্তাহ অধিক জীয়াই ৰাখিব এই কৃত্ৰিম কিডনীয়ে

ৰোগীক ৩৪ সপ্তাহ অধিক জীয়াই ৰাখিব এই কৃত্ৰিম কিডনীয়ে

ডিজিটেল ডেস্ক: চিকিৎসা বিজ্ঞানৰ এক বৃহৎ সফলতা ! উদ্ভাৱন হ'ল ৰোগীক ৩৪ সপ্তাহ বেছিকৈ জীয়াই ৰাখিব পৰা 3D কিডনী। ইজৰাইলৰ বিজ্ঞানীসকলে এনে এক কৃত্ৰিম কিডনীৰ মডেল তৈয়াৰ কৰিছে, যি পূৰ্বৰ যিকোনো প্ৰচেষ্টাতকৈ বেছি দিন জীয়াই আছে। হয়, টেল হাশ্বোমাৰৰ শ্বেবা মেডিকেল চেণ্টাৰ আৰু টেল আভিভ বিশ্ববিদ্যালয়ৰ এটা দলে এই থ্ৰীডি অৰ্গেন'ইডটো সৃষ্টি কৰিছে, যিটো ৩৪ সপ্তাহতকৈও অধিক সময় জীয়াই আছে। এই গৱেষণাই ভৱিষ্যতে কিডনীৰ ৰোগ বুজিবলৈ তথা চিকিৎসাৰ বাবে এক নতুন দিশ মুকলি কৰিব পাৰে।

কিয় বিশেষ এই 3D কিডনী ?

এই নতুন মডেলটো কেৱল ক্ষতিগ্ৰস্ত অংগ সলনি কৰাৰ বিকল্পই নহয়, কিডনী ৰোগৰ বিষয়ে গভীৰ অন্তৰ্দৃষ্টি লাভ কৰাৰো ই এক অন্যতম উপায়।

বিজ্ঞানীসকলৰ মতে, ইয়াৰ সহায়ত কিডনী ৰোগ কেনেকৈ সময়ৰ লগে লগে গঢ় লৈ উঠে আৰু কিদৰে বেয়া হয় সেই কথা বুজিব পাৰি। তদুপৰি এই প্ৰযুক্তিয়ে ঔষধ পৰীক্ষাত সহায় কৰিব পাৰে আৰু পৰীক্ষাৰ বাবে জীৱ-জন্তুৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰে।

কি কয় চিকিৎসকে ?

শ্বেবা মেডিকেল চেণ্টাৰৰ ডাঃ বেঞ্জামিন ডেকেলে এই গৱেষণাক ঐতিহাসিক বুলি অভিহিত কৰিছে। তেওঁৰ মতে, প্ৰকৃত অগ্ৰগতি অংগ প্ৰতিস্থাপনত নহয়, এই অৰ্গেন’ইডবোৰে মুক্ত কৰা জৈৱ অণুতহে নিহিত হৈ আছে। এই জৈৱ অণুবোৰে ক্ষতিগ্ৰস্ত বৃক্ক মেৰামতি কৰাত সহায় কৰিব পাৰে আৰু চিকিৎসা কম আক্ৰমণাত্মক কৰি তুলিব পাৰে। অৱশ্যে তেওঁ স্পষ্ট কৰি দিয়ে যে ক্লিনিকেল স্তৰত উপনীত হ’বলৈ এতিয়াও কিছু সময় অপেক্ষা কৰিব লাগিব, কিয়নো বৰ্তমান এইটো কেৱল পৰীক্ষামূলক কৃতিত্বহে।

আগন্তুক প্ৰত্যাহ্বান

এই ক্ষেত্ৰত বিজ্ঞানীসকল বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই অৰ্গেন’ইডবোৰত কোনবোৰ কোষ সক্ৰিয়, কোনবোৰ অণু নিৰ্গত হয় আৰু প্ৰাপ্তবয়স্ক কিডনী মেৰামতিৰ ক্ষেত্ৰত ইহঁতে কি ভূমিকা পালন কৰে, সেইবোৰ নিৰ্ণয় কৰিব লাগিব। গৱেষকসকলে কয় যে এই প্ৰক্ৰিয়াটো গৰ্ভাৱস্থাৰ ৩৪ সপ্তাহৰ ভিতৰত জৰায়ুত হোৱা প্ৰাকৃতিক পৰিপক্কতাৰ সৈতে নিবিড়ভাৱে মিল আছে। গতিকে ইয়াক মানৱ বিকাশৰ বিষয়ে বুজিবলৈও এক গুৰুত্বপূৰ্ণ আৰ্হি বুলি ধৰিব পাৰি।

উল্লেখ্য যে, এই গৱেষণাই চিকিৎসা বিজ্ঞানৰ বাবে নতুন আশাৰ সঞ্চাৰ কৰিছে। যদিও এইটো এতিয়াও প্ৰতিস্থাপনযোগ্য কিডনী নহয়। ভৱিষ্যতে কিডনীৰ ৰোগৰ চিকিৎসা, নতুন ঔষধ আৱিষ্কাৰ আৰু উন্নত চিকিৎসাৰ বাবে ই গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব পাৰে।

বি.দ্ৰ: এই তথ্য গৱেষণামূলক অধ্যয়ন আৰু বিশেষজ্ঞৰ মতামতৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে। ইয়াক চিকিৎসাৰ পৰামৰ্শৰ বিকল্প বুলি নাভাবিব। কোনো নতুন কাৰ্য্যকলাপ বা ব্যায়াম কৰাৰ আগতে চিকিৎসক বা আনুষংগিক বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin