Dailyhunt
চৰ্বি, ওজন হ্ৰাসৰ একেবাৰে সহজ উপায়

চৰ্বি, ওজন হ্ৰাসৰ একেবাৰে সহজ উপায়

ডিজিটেল ডেস্ক: আমাৰ স্বাস্থ্য আৰু ছালৰ বাবে এপল চাইডাৰ ভিনেগাৰক অতি উপকাৰী বুলি গণ্য কৰা হয় । এণ্টিবেক্টেৰিয়েল গুণাগুণৰ পৰা এণ্টিঅক্সিডেণ্ট প্ৰভাৱ আৰু ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত ই অতি লাভজনক। স্বাস্থ্য টনিক হিচাপে ইয়াৰ উৎপত্তি বহু দিনৰ আগৰ। আগতে ইয়াক আঘাত, জ্বৰ আৰু ছালৰ ঘাঁৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। শেহতীয়া এক পৰীক্ষামূলক অধ্যয়নত এপল চাইডাৰ ভিনেগাৰ ওজন, ৰক্ত শৰ্কৰাৰ স্তৰ আৰু তেজৰ লিপিড (কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড) হ্ৰাস কৰাৰ বাবে কাৰ্যকৰী বুলি প্ৰমাণিত হৈছে।

কি পোহৰলৈ আহিল গৱেষণাত ?

লেবাননৰ বিজ্ঞানীৰ এটা দলে ১২-২৫ বছৰ বয়সৰ মেদবহুল যুৱক-যুৱতীৰ এটা গোটত এক পৰীক্ষামূলক অধ্যয়ন চলাইছিল।

গৱেষকসকলে এটা গোটত ৩০ জনকৈ মুঠ ৪টা গোটত পৰীক্ষা কৰিছিল। তেওঁলোকক ১২ সপ্তাহৰ বাবে ৰাতিপুৱা খালী পেটত ২৫০ মিলি পানীৰ সৈতে মিহলি কৰা ৫, ১০ বা ১৫ মিলি এপল চাইডাৰ ভিনেগাৰ খাবলৈ নিৰ্দেশ দিয়া হৈছিল। আন এটা গোটে একে ধৰণৰ চেহেৰা আৰু একে সোৱাদৰ সৈতে নিষ্ক্ৰিয় পানীয় (প্লেচেবো) গ্ৰহণ কৰিছিল। তিনি মাহৰ পিছত এপল চাইডাৰ ভিনেগাৰ গ্ৰহণ কৰাসকলৰ শৰীৰৰ ওজন আৰু শৰীৰৰ ভৰ সূচক (বিএমআই)ৰ অভাৱনীয়ভাৱে হ্ৰাস হৈছিল। গড় হিচাপত, এপল চাইডাৰ ভিনেগাৰ পান কৰা সকলে শৰীৰৰ ওজন ৬-৮ কিলোগ্ৰাম হ্ৰাস কৰিছিল আৰু তেওঁলোকৰ বিএমআই ২.৭-৩ পইণ্ট হ্ৰাস হৈছিল। গৱেষকসকলৰ মতে, এপল চাইডাৰ খোৱা গোটবোৰত ৰক্ত শৰ্কৰা, ট্ৰাইগ্লিচাৰাইড, আৰু কলেষ্টেৰলৰ স্তৰো যথেষ্ট হ্ৰাস পাইছিল।

আনহাতে, লেক্টিক এচিড থকা পানী দিয়া প্লেচিবো গোটটোৰ ওজন আৰু বিএমআই, ৰক্ত শৰ্কৰা আদিত তেনে কোনো পৰিৱৰ্তন হোৱা নাছিল। উল্লেখ্য যে, গৱেষকসকলে এইটোও উল্লেখ কৰে যে, যদি আপুনি যিকোনো খাদ্য যিকোনো সময়ত খাই এপল চাইডাৰ ভিনেগাৰ গ্ৰহণ কৰে, তেন্তে ই আপোনাৰ ওজন হ্ৰাসৰ কাৰক নহ’বও পাৰে। স্বাস্থ্যকৰ খাদ্য খাইহে ওজন কমাবলৈ আপুনি এপল চাইডাৰ ভিনেগাৰ গ্ৰহণ কৰিব পাৰে।

Also Read: আপুনিও যদি ওজন হ্ৰাস কৰিবলৈ বিচাৰে এইকেইটা কাম কৰিব

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin