Dailyhunt
শৰীৰটোলৈ অলপ মন দিলেই গম পাব পাৰি লিভাৰৰ অৱস্থা

শৰীৰটোলৈ অলপ মন দিলেই গম পাব পাৰি লিভাৰৰ অৱস্থা

ডিজিটেল ডেস্ক: লিভাৰ বা যকৃত আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ, যিয়ে তেজ বিশুদ্ধ কৰাৰ পৰা আৰম্ভ কৰি সুস্থ হজম শক্তি বজাই ৰখা, শৰীৰৰ পৰা বিষাক্ত উপাদান আঁতৰোৱালৈকে প্ৰতিদিনে শৰীৰটোৰ বহু গুৰুত্বপূৰ্ণ কাম কৰে। তৎস্বত্তেও কোনো গুৰুতৰ সমস্যা নহ'লে আমি লিভাৰৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব নিদিওঁ। ইফালে, লিভাৰৰ অৱস্থা জানিবলৈ কেৱল স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজন আৰু এই পৰীক্ষা ব্যয়বহুল বুলি ভাবিয়েই বহুতেই ইয়াৰ যত্নৰ কথা পাহৰি যায়। কিন্তু, আপোনাৰ লিভাৰ কিমান সুস্থ সেয়া ব্যয়বহুল স্বাস্থ্য পৰীক্ষা নকৰাকৈ ঘৰতে গম পাব পাৰি। হয়, শৰীৰত কিছুমান লক্ষণে দেখা দিলেই আপুনি জানিব আপোনাৰ লিভাৰৰ অৱস্থা বেয়া। লিভাৰ বেয়া হ'লে শৰীৰত দেখা দিয়া লক্ষণবোৰ হৈছে-

সকলো সময়তে ভাগৰুৱা, দুৰ্বল অনুভৱ কৰা

ৰাতিপুৱা সাৰ পোৱাৰ পিছতো যদি আপুনি ভাগৰুৱা অনুভৱ কৰে, অফিচ বা ঘৰুৱা কামত আগৰ দৰে উৎসাহ নাথাকে, পৰ্যাপ্ত পৰিমাণে টোপনি অহাৰ পিছতো আপোনাৰ শৰীৰটো গধুৰ অনুভৱ হয়, তেন্তে এয়া লিভাৰ দুৰ্বল হোৱাৰ লক্ষণ। লিভাৰৰ কাম হ’ল শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱা। যেতিয়া ই সঠিকভাৱে কাম নকৰে, তেতিয়া শৰীৰত বিষাক্ত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত শক্তিৰ মাত্ৰা কমি যায় আৰু শৰীৰে অনবৰতে ভাগৰুৱা অনুভৱ কৰে। যদি এই অৱস্থা দীৰ্ঘদিন ধৰি থাকে তেন্তে ই আন অংগবোৰকো প্ৰভাৱিত কৰিব পাৰে।

চকু বা ছাল হালধীয়া হোৱা

যদি আপুনি চকুৰ বগা অংশত বা ছালত হালধীয়া হোৱা লক্ষ্য কৰিবলৈ আৰম্ভ কৰে, তেন্তে ইয়াক সহজভাৱে ল’ব নালাগে। এইটো জণ্ডিচৰ লক্ষণ হ’ব পাৰে, যি যকৃতৰ ক্ষতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। যকৃতৰ ক্ষতি হ’লে তেজত বিলিৰুবিন নামৰ এবিধ উপাদান বৃদ্ধি হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত ছাল আৰু চকু হালধীয়া হয়। এইটো যকৃতৰ কাৰ্য্যক্ষমতা অৱনতি ঘটাৰ স্পষ্ট লক্ষণ আৰু ইয়াৰ বাবে তৎকালীন চিকিৎসাৰ প্ৰয়োজন।

পেটৰ সোঁফালে গধুৰতা বা পেট ফুলা

লিভাৰ আমাৰ পেটৰ ওপৰৰ সোঁ অংশত অৱস্থিত। যদি আপুনি খাদ্য খোৱাৰ পিছত গধুৰতা, ফুলা বা কেতিয়াবা বিষ অনুভৱ কৰে তেন্তে ই লিভাৰৰ প্ৰদাহ (হেপাটাইটিছ) বা চৰ্বিযুক্ত লিভাৰৰ ইংগিত দিব পাৰে। কিছুমান মানুহৰ বাবে এই সমস্যাটো গেছ বা বদহজমৰ দৰে যেন লাগিব পাৰে, কিন্তু যদি বাৰে বাৰে এনে হয়, তেন্তে সেয়া চিন্তাৰ বিষয়।

ভোক কমি যোৱা

যদি আপুনি আগতকৈ কম ভোক অনুভৱ কৰে, খাদ্য খাবলৈ মন নাযায় বা একো নোখোৱাকৈয়েও পেট ভৰি পৰে, তেন্তে এয়া লিভাৰৰ সমস্যাৰ লক্ষণ। পাচন প্ৰক্ৰিয়াৰ লগত লিভাৰৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। যেতিয়া এই অংগটোৱে সঠিকভাৱে কাম নকৰে, তেতিয়া হজম শক্তি লেহেমীয়া হয়, যাৰ ফলত ভোক কমি যায়। দীৰ্ঘদিন ধৰি ভোক নলগাৰ ফলত শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ হ’ব পাৰে।

ছালত খজুৱতি বা ৰঙা ফোহা

যদি আপোনাৰ ছালত সঘনাই খজুৱতি হয়, ফোহা ওলায় বা শুকান অনুভৱ হয়, তেন্তে ইয়াৰ কাৰণ কেৱল এলাৰ্জী বা বতৰ নহয়, লিভাৰো হ’ব পাৰে। যেতিয়া লিভাৰে বিষাক্ত উপাদানসমূহ সম্পূৰ্ণৰূপে আঁতৰাব নোৱাৰে, তেতিয়া ছালৰ মাজেৰে ওলাই আহিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত ছালৰ বিষ, খজুৱতি আৰু ফোহা ওলাব পাৰে। যদি এনেকুৱা হৈ থাকে তেন্তে লিভাৰৰ কাৰ্য্যক্ষমতা পৰীক্ষাৰ প্ৰয়োজন হ’ব পাৰে।

সময়ত লক্ষণবোৰ চিনি পাওঁক

লিভাৰৰ ৰোগ প্ৰায়ে দেৰিকৈ গম পায়। গতিকে যদি আপুনি অবিৰতভাৱে উপৰোক্ত কোনো এটা লক্ষণ অনুভৱ কৰি আছে তেন্তে সাৱধান হ’ব। ঘৰতে লক্ষণসমূহ চিনি পোৱাটোৱেই প্ৰথম পদক্ষেপ, কিন্তু সঠিক চিকিৎসা আৰু সময়মতে ৰোগ নিৰ্ণয়ৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত প্ৰয়োজনীয়। এটা সুস্থ লিভাৰ আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ ভিত্তি।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin