Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
Cucumber Benefits: সদায় তিয়ঁহ খাওক

Cucumber Benefits: সদায় তিয়ঁহ খাওক

ডিজিটেল ডেস্ক: সকলো সময়তে বজাৰত উপলদ্ধ অতি উপকাৰী এবিধ উত্তম খাদ্য সামগ্ৰী হৈছে তিয়ঁহ। তিয়ঁহক পাচলিৰ শাৰীত ধৰা হয় যদিও ই প্ৰকৃততে এবিধ ফলহে। বহু উপকাৰী পুষ্টিৰে সমৃদ্ধ তিয়ঁহ।তিয়ঁহত এনে কিছুমান যৌগ আৰু এণ্টিঅক্সিডেণ্ট আছে, যি বহু ৰোগৰ চিকিৎসা তথা প্ৰতিৰোধত অতি দৰকাৰী বুলি গণ্য কৰা হয়।

তিয়ঁহত কেলৰি যথেষ্ট কম পৰিমাণে থাকে। তদুপৰি ইয়াত যথেষ্ট পৰিমাণৰ পানী আৰু দ্ৰৱণীয় আঁহ থাকে।যাৰ বাবে শৰীৰটোক হাইড্ৰেটেট কৰি ৰখা আৰু ওজন হ্ৰাস কৰাত তিয়ঁহে যথেষ্ট সহায় কৰিব পাৰে। তিয়ঁহৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আজি জানো আহক-

পুষ্টিৰ পৰিমাণ অধিক

তিয়ঁহত অতি কম পৰিমাণৰ কেলৰি থকাৰ লগতে বহু দৰকাৰী ভিটামিন আৰু খনিজ পদাৰ্থ আছে।

তদুপৰি, তিয়ঁহত পানীৰ পৰিমাণ অধিক।কিন্তু তিয়ঁহ স্বাস্থ্য উপকাৰিতা সমূহ লাভ কৰিবৰ বাবে ইয়াক সদায় বাকলিৰ সৈতে খাব লাগে।তিঁয়হৰ বাকলি গুচাই দিয়াৰ ফলত আঁহৰ পৰিমাণ হ্ৰাস হৈ যায়।

এণ্টিঅক্সিডেণ্টৰে ভৰপুৰ

তিয়ঁহ এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ।যাৰ ফলত ই কৰ্কট ৰোগ, হৃদযন্ত্ৰ, হাঁওফাঁওকে ধৰি শৰীৰৰ বিভিন্ন অংগক সুস্থ কৰি ৰাখিব পাৰে।

লাগতীয়াল পানী যোগান ধৰে শৰীৰটো

পানী শৰীৰৰ বাবে কিমান গুৰুত্বপূৰ্ণ, সেয়া হয়তো পুনৰাই কোৱাৰ প্ৰয়োজন নাই।তিয়ঁহ আপোনাৰ আহাৰত অন্তৰ্ভূক্ত কৰিলে ই পানীৰ এক ভাল উৎস হ'ব পাৰে।তিয়ঁহত ৯৬ শতাংশয়ে পানী থাকে।যাৰ বাবে তিয়ঁহ খালে ই শৰীৰটোক হাইড্ৰেটেট কৰি ৰখাত সহায় কৰে।

ওজন হ্ৰাসত সহায়ক

তিয়ঁহত নাম মাত্ৰহে কেলৰি থাকে।যাৰ বাবে ই ওজন হ্ৰাস কৰিবলৈ বিচৰাজনৰ বাবে এক উত্তম খাদ্যত পৰিণত হ’ব পাৰে। আনহাতে, ইয়াত পানীৰ পৰিমাণ বহু বেছি হোৱা বাবেও ওজন হ্ৰাসত ই সহায়ক।

প্ৰতিহত কৰে ডায়েবেটিছৰ জটিলতা

বহু গৱেষণাত দেখা গৈছে যে, তিয়ঁহে ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰে।আনহাতে, ই অক্সিডেটিভ চাপ হ্ৰাস কৰাৰ লগতে ডায়েবেটিছ সম্পৰ্কীয় জটিলতা প্ৰতিৰোধ কৰাতো কাৰ্যকৰী হ'ব পাৰে।

Also Read: Mushroom Benefits: বহু উপকাৰী গুণৰে ভৰপুৰ কাঠফুলা

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin