Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
গাখীৰ চাহ খোৱাৰ আগতে এবাৰ পঢ়ক এই খবৰ

গাখীৰ চাহ খোৱাৰ আগতে এবাৰ পঢ়ক এই খবৰ

ডিজিটেল ডেস্ক: প্ৰতিজন ভাৰতীয়ৰে হয়তো চাহ প্ৰিয়। বহুতৰে আকৌ ৰাতিপুৱা শুই উঠি গাখীৰ চাহ খোৱাৰ অভ্যাস আছে।বিশেষকৈ, শীতকালত অধিকাংশ লোকেই পুৱা-গধূলি, সকলো সময়তে কেৱল চাহকেই সংগী কৰি লয়। কিন্তু ৰাতিপুৱা খালী পেটত গাখীৰ চাহ খালে শৰীৰৰ কিমান ক্ষতি কৰে, আপুনি জানেনে ? হয়, এই অভ্যাসে আপোনাক গুৰুতৰ ভাৱে অসুখীয়া কৰিব পাৰে। গাখীৰ চাহৰ স্বাস্থ্য অপকাৰিতাৰ বিষয়ে আজি জানো আহক-

পেটৰ সমস্যা

অত্যাধিক গাখীৰ চাহ খালে পেটৰ সমস্যা হোৱাটো খুবেই স্বাভাৱিক। হয়, চাহত কেফেইন থাকে, যিয়ে পেট ফুলাৰ সমস্যাৰ সৃষ্টি কৰে। যেতিয়া চাহত গাখীৰ দিয়া হয়, তেতিয়া দুয়োটাই গেছ উৎপাদন বৃদ্ধি কৰিব পাৰে। চাহত পোৱা টেনিনবোৰে পাচন তন্ত্ৰক যথেষ্ট পৰিমাণে ক্ষতি কৰে, যি পেটৰ বিষৰ কাৰণ হৈ পৰে।

কোষ্ঠকাঠিন্য

চাহত কেফেইনৰ উপৰিও থিঅ'ফিলিন থাকে। অত্যাধিক চাহ খোৱাটোৱে শৰীৰক ডিহাইড্ৰেট কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ কোষ্ঠকাঠিন্যৰ সমস্যা হ’ব পাৰে।

উদ্বেগ

যদি আপুনি অত্যাধিক চিন্তা কৰে বা চাপত থাকে তেনেহ'লে গাখীৰ চাহ খালে ই আপোনাৰ পৰিস্থিতি অধিক বেয়া কৰিব পাৰে। সেয়েহে যদিহে আপুনি ইতিমধ্যে অনিদ্ৰা আৰু ইয়াৰ লক্ষণত ভুগি আছে, গাখীৰ চাহ খোৱা পৰিহাৰ কৰিব।

উচ্চ ৰক্তচাপ

অত্যাধিক গাখীৰ চাহ খালে শৰীৰত ৰক্তচাপ বৃদ্ধি হয়। ৰক্তচাপৰ ফলত বহুতো স্বাস্থ্য সমস্যা হ'ব পাৰে, যিসমূহ নিয়ন্ত্ৰণ কৰাটো খুবেই কঠিন। উচ্চ ৰক্তচাপৰ ফলত হৃদযন্ত্ৰৰ সমস্যা হয়, যাৰ ফলত হৃদযন্ত্ৰৰ আক্ৰমণ হ'ব পাৰে।

ডিহাইড্ৰেচন

গাখীৰ চাহ খোৱাৰ ফলত শৰীৰত ডিহাইড্ৰেচন হয়। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে ইয়াত থকা কেফেইন। সেয়েহে খালী পেটত কেতিয়াও গাখীৰ চাহ নাখাব।বিশেষকৈ চেনী দিয়া গাখীৰ চাহ ভুলতো মুখত নিদিব।

মুৰৰ বিষ

শৰীৰত ডিহাইড্ৰেচনৰ ফলত মুৰৰ বিষ হয়। সেয়েহে, অত্যাধিক গাখীৰ আৰু চেনী চাহ খোৱা পৰিহাৰ কৰিব লাগে।

চাহ কেতিয়া খাব ?

ৰাতিপুৱা চাহ খোৱাটো একেবাৰেই পৰিহাৰ কৰিব। পুৱাৰ আহাৰ খোৱাৰ কমেও এঘণ্টাৰ পিছত চাহ খাব। আনহাতে, যদি সন্ধিয়া চাহ খাবলৈ মন যায়, তেন্তে ইয়াৰ সৈতে পাতল জলপান খাব। দিনত ১-২ বাৰ চাহ খোৱাটোয়েই যথেষ্ট।ইয়াতকৈ অধিক চাহ খালে ই স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin